নাৰিকলৰ পুলি কেনেকৈ ৰুব


নয়ন কুমাৰ বৰা


আমাৰ অসমত বহাগ মাহটো সাধাৰণতে প্ৰায়বোৰ ফলমূলৰে পুলি ৰোৱাৰ সময়। আগতীয়াকৈ অহা বৰষুণজাকে মাটিত জীপ বঢ়াই তোলে আৰু ৰোৱাৰ লগে লগে পুলি ঠন ধৰি অহাত সহায় কৰে।
  • নাৰিকল পুলি ৰুবৰ বাবে গাঁতটো আগতেই অৰ্থাৎ ফাগুন মাহতে খান্দি ৰাখিব লাগে।
  • গাঁতটোৰ জোখ দীঘে, পঠালিয়ে আৰু দ’ই ১ মিটাৰ (প্ৰায় ৩ ফুট) হব লাগে। গাঁতটো নিৰ্দিষ্ট জোখত খান্দি ১ ফুট দ’লৈকে থকা সাৰুৱা মাটিখিনি গাঁতটোৰ কাষতে এফালে দ’ম কৰি ৰাখিব লাগে।
  • গাঁতটোৰ ভিতৰভাগত শুকান পাত, খেৰ আদি ভৰাই জ্বলাই দিব লাগে। এনে কৰিলে জুইৰ তাপত গাঁতত থকা পোক-পৰুৱা আৰু ৰোগৰ বীজাণুবোৰ ধ্বংস হয় আৰু ছাঁইখিনিয়ে পিছলৈ কমকৈ হলেও সাৰৰ যোগান ধৰে।
  • গাঁতৰ তলত যাতে পানী জমা নহয় বা জমা হলেও যাতে সেই পানী তললৈ সৰকি নেযায় তাৰবাবে ভঙা ইটা, কলহৰ টুকুৰা বা নাৰিকলৰ বাকলি আদিৰ তৰপ এটা দিব লাগে।
  • এই তৰপটোৰ ওপৰত ৭-১০ ছেন্টিমিটাৰ ডাঠকৈ বালি বা পলসুৱা মাটিৰ তৰপ এটা কৰিব লাগে।
  • তাৰ ওপৰত আগতে খান্দি ৰখা মাটিৰ লগত পলসুৱা মাটি মিহলাই গাঁতটো এনেকৈ পূৰ কৰিব লাগে যাতে সমতলৰ পৰা ২০-৩০ ছেন্টিমিটাৰ খালি হৈ থাকিব লাগে।
  • একেবাৰে ওপৰ অংশত আগতে ৰাখি থোৱা সাৰুৱা মাটি জাপি দি লাহে লাহে হেঁচি দিব লাগে
  • গাঁতটোৰ মাটিখিনি সাৰুৱা নহলে তাৰ লগত এপাচিমান (প্ৰায় ২০ কিলো) পচনসাৰ বা কেঁচুসাৰ মিহলাই লব লাগে।   
  • মাটিত উঁই পোক থাকিলে নিবাৰণৰ বাবে পুলি ৰোৱাৰ আগতেই প্ৰতিটো গাঁতত সৰিয়হৰ খলিহৈ (প্ৰায় ৩ কিলো) প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিলে মালাথিয়ন ৫% পাউদাৰ (প্ৰায় ২৫০ গ্ৰাম) ব্যৱহাৰ কৰিব পাৰি
  • গাতটোৰ মাটিখিনিত ২৫ গ্ৰাম সুৱগা বা বৰাক্স মিহলি কৰিব লাগে।
  • নাৰিকল পুলি ৰুবৰ বাবে গাঁতটো আগতেই অৰ্থাৎ ফাগুন মাহতে খান্দি ৰাখিব লাগে।
  • পুলি ৰোৱাৰ এক-ডেৰ মাহ মানৰ আগতেই গাঁতটো সকলোখিনি কাম কৰি ৰুবৰ বাবে সাজু কৰিব লাগে।
  • পুলি দুইধৰণে ৰুব পাৰি- বাৰিষাৰ আগেয়ে পুলি ৰুলে গাঁতটো সমতলৰ লগত সমানকৈ পূৰ কৰিব লাগে, যাতে পুলিৰ গুৰিত পানী জমা নহয়। আনহাতে, বাৰিষা পিছত পুলি ৰুলে গাঁতটো সমতলৰ পৰা ৭-১০ ছেন্টিমিটাৰ খালি হৈ থাকিব লাগে।
 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান