সোণালী ধাননিত ৰূপালী মাছ


উত্তম কুমাৰ বৰুৱা

         সোণালী ধাননি। কেনে এক মনোমোহা দৃশ্য। সেউজবুলীয়া পথাৰে বৰণ সলাই  সোণালী হৈ পৰে। চহা ৰাইজে ধানো চপাই, মাছো ধৰে। এয়া শস্যে, মৎস্যে নদন-বদন অসমৰ অতীত বিৱৰণী। আজিৰ অসমত সেই পৰম্পৰা পাবলৈ কঠিন। আজিৰ  খেতিয়কে ধানৰ খেতিহে কৰে। মাছ কিন্তু কিনি খায়। ধাননিত পুঠি-দৰিকণা এটিও পাবলৈ নাইকীয়া হৈছে।

ধাননিত মাছ লুপ্ত হোৱাৰ কাৰণ:
         স্বাধীনতাৰ পিছতেই চৰকাৰে পথ উন্নয়ন আৰু বান নিয়ন্ত্রণৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনি সমুহ ৰূপায়ন কৰোতে পাৰিস্থিতিক তথ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহ’ল। পথাৰৰ মাজেদি পথ আৰু নদীৰ পাৰত মথাউৰি নিৰ্মাণৰ পৰোক্ষ ফল হিচাপে মাছৰ প্ৰাকৃতিক আবাদী ক্ষতিগ্ৰস্থ হৈছে। ৰাস্তা আৰু মথাউৰি নিৰ্মাণৰ ফলত মাছৰ প্ৰজনন ক্ষেত্রসমূহ ঠেক হৈ পৰে। তাৰোপৰি ভূতৰ ওপৰত দানহ পৰাদি ঠেক পথাৰসমূহত মানুহে অত্যাধিক প্ৰগ্ৰহণ কৰাৰ ফলস্বৰুপে কিছুমান পথাৰত মাছৰ সঁচেই মৰে।

ধাননিৰ পৰিৱেশত মাছৰ আৱশ্যকতা:

        মাছে ধাননিৰ পৰিৱেশ উন্নয়ন সাধন কৰে। কিছুমান প্ৰজাতিৰ মাছে কুমলীয়া উদ্ভিদ খাই প্ৰত্যক্ষভাৱে ধাননিৰ অপতৃণ নিয়ন্ত্রণ কৰে। আন কিছুমান প্ৰজাতিয়ে মাটি খুচৰি বন উঘালি দিয়ে। মাছে মাটি খুচৰি দিয়াৰ ফলত ধাননিডৰা ৩ ধৰণে উপকৃত হয়। প্ৰথমতে, পানীৰ আবিলতা বৃদ্ধি পাই বাবে পানীৰ ভিতৰত সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব নোৱাৰে। পোহৰৰ অভাৱত পানীৰ তলত সলোক সংশ্লেষণ ঘটিব নোৱাৰে আৰু অপতৃণৰ বৃদ্ধি ৰোধ হয়। দ্বিতীয়তে, মাটিৰ উপাদানবোৰ পানীত প্ৰলম্বিত হয় বাবে মাটিত আবদ্ধ হৈ থকা ফছফেট সাৰ পানীত মুক্ত হৈ পৰেঁ ফছফেট সাৰে নীল হৰিৎ সেলাই উৎপাদনত সহায় কৰে। এইবিধ শেলায়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন যৌগীকৰণৰ দ্বাৰা মাটী সাৰুৱা কৰে। তৃতীয়তে মাছে মাটি খুচৰাৰ ফলত ধাননি বাতন ক্ৰিয়া () ঘটে। ফলত ধানৰ শিপাই সহজে বায়ু পায়। আন কিছুমান প্ৰজাতিৰ মাছে ধানৰ অপকাৰী পোক-পতঙ্গ আৰু শামুক খাদ্য হিচাপে খায়। তাৰোপৰি মাছৰ মল খুউব ভাল সাৰ।

সমন্ধিত ধান-মাছ পাম পদ্ধতি:
        অসমৰ বিভিন্ন অঞ্চলৰ পথাৰত সৰু সৰু পুখুৰী বা খাল খান্দি ধানৰ লগতে মাছ উৎপাদন কৰা প্ৰথা অতীতৰে পৰা প্ৰচলিত। অৱশ্যে এই কৌশলত পথাৰলৈ মাছ সোমোৱাৰ বাবে কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা নহয়। কিন্তু পথাৰৰ প্ৰাকৃতিক পৰিৱেশ পুঠি, গৰৈ, কাৱৈ, শিঙি, ,মাগুৰ আদি মাছৰ প্ৰজননৰ বাবে অনুকূল হোৱা হেতুকে পথাৰতে এইবোৰ মাছৰ বংশবৃদ্ধি হয়। ফলত ধানৰ লগতে মাছৰো উৎপাদন পোৱা উৎপাদন পোৱা যায়।
         ‘ধান-মাছ পাম’ৰ পৰম্পৰাগত পদ্ধতিত মাছ পালণৰ বাবে কোনো বিশেষ ব্যৱস্থা লোৱা নহয়। সেয়ে এনে পদ্ধতিত মাছ উৎপাদনৰ কোনো নিশ্চয়তা নেথাকে। এনে অৱস্থাৰ অৱসান ঘটাই বৰ্ত্তমান ‘ধান-মাছ পাম’ৰ ভালেকেইটা বিজ্ঞানসন্মত কৌশল উদ্ভাৱন কৰা হৈছে। অসমৰ পৰিৱেশত প্ৰধানকৈ ৩ টা কোশলেৰে ধানখেতিৰ সমন্ধয়ত মীন  পালন কৰিব পাৰি।
১) বৰ্ষাকালীন পদ্ধতি
২) তুল্যকালীন পদ্ধতি আৰু
৩) আৱেষ্টনী পদ্ধতি।

বৰ্ষাকালীন পদ্ধতি:
        এই পদ্ধতিত খাৱৈ বা পুখুৰী নিৰ্মাণৰ দ্বাৰা পথাৰত গোটেই বছৰ জুৰি পানী ৰখাৰ ব্যৱস্থা কৰি ধানখেতিৰ সমন্ধয়ত মীন পালন কৰা হয়। একোটা গোটৰ মাটিকালি ২ বিঘাৰ কম হ’ব নেলাগে। মাছৰ পোনা মোজুত কৰি ৰখাৰ বাবে পথাৰৰ বাহিৰত প্ৰায় আধা কঠা পানী কালিৰ এটা পুখুৰীৰ প্ৰয়োজন। মাটিৰ গুণাগুণ ধানখেতিৰ বাবে অনুকূল হোৱাৰ উপৰিও ঠইডোখৰ বানপানীৰ পৰা মুক্ত হ’ব লাগে। খাৱৈ বা পুখুৰীৰ বাবে মাটিডৰাৰ ২৫-৩০% ব্যৱহাৰ কৰা হয়। বাকী ৭০-৭৫% ঠাই ধানখেতিৰ বাবে ব্যৱহাৰ কৰা হয়। পথাৰডৰাৰ চাৰিওফালে এটা ওখ মজবুত বান্ধ নিৰ্মাণ কৰিব  লাগে। ইয়াৰ বাবে পথাৰখনৰ ৫-১০% মাটি ব্যৱহাৰ হয়। বান্ধটোৰ উচ্চতা পথাডৰা সাম্ভাব্য পানীৰ উচ্চতাতকৈ দুফুট বেছি হ’ব লাগে। পথাৰ ডৰালৈ গৰু অৰু খেতিৰ আহিলা-পাতি নিবলৈ এখন বাঁহৰ দলং নিৰ্মাণ কৰা হয়। এই পদ্ধতিত বতাহত সহজে বাগৰি নপৰা অধিক উৎপাদনক্ষম ওখ জাতৰ ধানখেতি কৰা হয়। মাটিডৰাত প্ৰথমে আহুখেতি কৰি পিছত শালিখেতি কৰা হয়। আহুখেতিৰ বাবে লাচিত, গোবিন্দ, ৰঙাদৰীয়া, ফাপৰি ইত্যাদি জাতবোৰ সংগ্ৰহ কৰিব পাৰে। শালিখেতিৰ বাবে মনোহৰ শালি, মণিৰাম, কুশল, শিয়াল শালি, বাহাদুৰ, এডলীয়া, শ’ল পোনা আদি জাতৰ খেতি কৰিব পাৰি।
         বাৰিষাৰ আৰম্ভণীতে খাৱৈ বা পুখুৰীত ৯০ ছে:মি: (৩ ফুট) পানী হোৱাৰ লগে লগে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আৰু নিৰ্দিষ্ট হাৰত চূণ, সাৰ প্ৰয়োগ কৰি বিঘাই প্ৰতি চিলভাৰ কাৰ্প-২২৪ টা, বাহু-১১২ টা, ৰৌ- ২৮০ টা, মিৰিকা- ২২৪ টা আৰু কমন কাৰ্প-২৮০ টা মাছৰ পোনা মেলিব লাগে। ইয়াৰ পিছতে মাছক চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ ১:১ হাৰত মিহলাই দৈনিক পৰিপূৰক আহাৰ যোগান ধৰিব লাগে। প্ৰতিবিঘাতে প্ৰতিমাহতে পচন সাৰ-১৪০ কি:গ্ৰা: ইউৰীয়া-১.৭৫০ কি:গ্ৰা:, একক চুপাৰ ফছফেট- ১.৪০০ কি:গ্ৰা: আৰু চূণ ১.৫ কি:গ্ৰা: প্ৰয়োগ কৰিব লাগে। পানীৰ ৰং গাঢ় সেউজিয়া হ’লে অথবা পানীৰ ওপৰত চামনিৰ আবিৰ্ভাৱ হ’লেও সাৰ প্ৰয়োগ সাময়িক ভাৱে বন্ধ ৰাখিব লাগে। এনে সময়ত পৰিপূৰক যোগানো বন্ধ ৰখা উচিত। নিতান্ত আৱশ্যকীয় ক্ষেত্রত শস্যৰক্ষাৰ বাবে ৰ’দৰ বতৰতহে অনুমোদিত কীট-নাশক প্ৰয়োগ কৰিব লাগে।


তুল্যকালীন পদ্ধতি:
        বাৰিষা ৫০ ছে:মি: পানী জমা হোৱা মজলীয়া দ’ পথাৰত শালি খেতিৰ সমন্ধয়ত মাছ পালনৰ বাবে এই পদ্ধতি অৱলম্বন কৰা হয়। একোটা পালন ক্ষেত্রৰ কালি ৪ কঠাতকৈ বেছি হ’ব নেলাগে। এই পদ্ধতিত পথাৰডৰাৰ চাৰিওকাষে এটা খাৱৈ বা দ’ অংশত এটা সৰু পুখুৰী খনন কৰি জৰুৰীকালত মাছে আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰা হয়। খাৱৈটো ৬০ ছে:মি: (দুফুট) বহল আৰু ৫০ ছে:মি: গভীৰ হ’ব লাগে। ৪ কঠা মাটিৰ ওকোটা গোট সোঁমাজেদি ভগাই দীঘে-পথালিয়ে দুটা খাৱৈ খনন কৰিব লাগে। এই খাৱৈৰ পৰিৱৰ্ত্তে পথাডৰাৰ একোণত ১.৫ মি: গভীৰতাৰ সৰু পুখুৰী এটা খন্দা হয়। পুখুৰীটোৰ পাৰ থাকিব নেলাগে।
         এই পদ্ধতিত প্ৰতিবিঘা মাটিত ৬৬৫ টা কমন কাৰ্প, ৬৬৫ টা ভাঙোন মাছৰ পোনা মেলা হয়। ভাঙোন মাছৰ পোনাৰ অভাৱত মিৰিকা পোনা মেৰিব পাৰি। কিন্তু কোনো ক্ষেত্রতেই কমন কাৰ্পৰ সংখ্যা মুঠ মাছৰ ৫০% তকৈ কম হ’ব নেলাগে।
আৱেষ্টনী পদ্ধতি
        অতি দ’ পথাৰত আৱেষ্টনী পদ্ধতিৰে বাও খেতিত সমন্ধয়ত মাছ পালন কৰা হয়। ধানখেতি কালছোৱাত মাটিডৰাত কমেও-১-২ মি: পানী থকা উচিত। বানাক্ৰান্ত অঞ্চলতো এই পদ্ধতি অৱলম্বন কৰিব পাৰি যদিও ৪-৫ মি: লৈকে পানী হোৱা মাটি উপযুক্ত নহয়। 
         এই পদ্ধতিত পথাৰত খাৱৈ বা খাল খন্দাৰ প্ৰয়োজন নহয়। ইয়াৰ পৰিৱৰ্ত্তে পথাৰডৰাৰ পৰিসীমাত এখন বাঁহৰ বান, মজবুত গোঁজ আৰু কামিৰ সহায়ত হালি নপৰাকৈ স্থাপন কৰা হয়। ৰানখন কমেও ১০ ছে:মি: লৈকে পোত খাই থকা উচিত।
         এই পদ্ধতিত ৰৌ, বাহু, মিৰিকা আৰু কমন কাৰ্প পালন কৰা হয়। বেছি দ’ পথাৰত ইয়াৰ লগতে চিলভাৰ কাৰ্পো পালন কৰিব পাৰি। মাৰ্চ-এপ্ৰিল মাহত বাওধানৰ বীজ সিঁচা হয়। পথাৰত ৫০ ছে:মি: পানী হ’লই মাছ পোনা মেলিব পাৰি। বিঘাই প্ৰতি বাহু-৮০ টা, ৰৌ- ২৪০ টা, মিৰিকা-২০০ টা আৰু কমন কাৰ্প- ২৮০ টা পোনা মেলিব পাৰি।     
(লেখকৰ ঠিকনা: প্ৰয়াত ড০ উত্তম কুমাৰ বৰুৱা ভাৰতীয় কৃষি বিজ্ঞান প্ৰতিষ্ঠানৰ অন্তৰ্গত দুধনৈস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী আছিল, লিখনিটো ইতিপূৰ্বে সেউজ চিন্তাত প্ৰকাশিত)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান