ভাল ধান উৎপাদনৰ বাবে এক ডজন পদক্ষেপ
প্ৰথম ঢাপঃ শস্য-পঞ্জীৰ ব্যৱহাৰ
শস্য-পঞ্জী হ’ল ধানখেতি কৰাৰ সময় বা ঋতুৰ এক চিত্ৰ। মাটি চহোৱাৰ
পৰা আৰম্ভ কৰি শস্য সজাল ধৰা, পৰিচৰ্যা, চপোৱা আৰু ভঁৰালত থোৱালৈকে সমস্ত বিষয় এই
শস্য-পঞ্জীয়ে সামৰি লয়। শস্য-পঞ্জীৰ সহায়ত খেতিৰ পৰিকল্পনা সঠিক সময়ত সঠিকভাবে
কৰিব পাৰি। ইয়াৰ সহায়ত শ্ৰমিক গোটোৱা, বীজ, সাৰ আদি সংগ্ৰহ কৰাত সুবিধা হয়।
শস্য-পঞ্জী কেনেকৈ ৰচনা কৰিব ?
১। কঠীয়া সিঁচাৰ উপযুক্ত তাৰিখ ঠিক কৰক
২। জাতটোৰ কঠীয়া
সিঁচাৰ পৰা চপোৱালৈকে কিমান সময় লাগে সেয়া নিৰ্দ্ধাৰণ কৰক (হ্ৰস্বকালীন- ১০০-১২০
দিন, মধ্যকালীন- ১২০-১৪০ দিন দীৰ্ঘকালীন-
১৬০ দিনতকৈ বেছি)
৩। প্ৰায়বোৰ ধানৰ জাতেই মণি ধৰাৰ পৰা চপোৱালৈকে ৫০-৫৫ দিন
সময় লাগে।
৪। কোনটো তাৰিখে কঠীয়া সিঁচা হল শস্য-পঞ্জীত দাগ দিয়ক। অন্যান্য কৃষিকাৰ্যবোৰ যেনে, হালবোৱা, বন নিৰণি কৰা, সাৰ প্ৰয়োগ কৰা আৰু
শস্য চপোৱা দিনবোৰতো দাগ দিয়ক।
৫। সহজতে চকুত পৰা স্থানত শস্য-পঞ্জীখন ওলোমাই থব লাগে
যাতে নিৰ্দিষ্ট কামৰ দিনটোত ই মনত পেলাই দিব পাৰে।
দ্বিতীয় ঢাপঃ উৎকৃষ্ট জাত
নিৰ্বাচন কৰক
কৃষক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা জাতটোৱেই হল
উপযোগী জাত। নিৰ্বাচিত জাতটোৱে যে অধিক উৎপাদন দিবই লাগিব তেনে
নহয়। পানীৰ উপলভ্যতা (বৰষুণ বা জলসিঞ্চন), মাটিৰ ধৰণ, পথাৰৰ ঢাল আদিয়েও জাত নিৰ্বাচনত প্ৰভাৱিত
কৰাৰ উপৰিও ঘৰত খাবৰ কাৰণে নে বিক্ৰি কৰিব তাৰ ওপৰতো নিৰ্ভৰ কৰিব।
অধিক উৎপাদন দিব
পৰা, ৰোগ-ব্যাধি প্ৰতিৰোধ কৰিব পৰা, খাবলৈ ভাল, ধান বনাওতে নভগা আৰু বজাৰৰ বাবে
উপযোগী জাত হব লাগে। যেতিয়া জাত এটা নিৰ্বাচন কৰা হয় নিম্নলিখিত কথাখিনি মন
কৰিব লাগে-
শস্য কালঃ
-
দীৰ্ঘকালীন
জাতবোৰ (১৬০ দিনতকৈ বেছি) জলসিঞ্চত নাইবা বানাক্ৰান্ত অঞ্চলৰ বাবে উপযুক্ত।
-
মধ্যকালীন জাতবোৰ
(১২০-১৪০ দিন) জলসিঞ্চত নাইবা বৰষুণ
নিৰ্ভৰশীল দুয়োটা অঞ্চলৰ বাবে উপযুক্ত।
-
হ্ৰস্বকালীন
(১২০ দিনতকৈ কম) জাতবোৰ খৰাং অঞ্চল নাইবা দুতৰপীয়া কৃষিৰ বাবে উপযুক্ত।
শস্যৰ উচ্চতাঃ
-
ওখ জাতবোৰ (১.৪
মিটাৰ বা ততোধিক) বানাক্ৰান্ত অঞ্চলৰ বাবে আৰু অসমান পথাৰৰ উপযুক্ত। ধান গছবোৰ হাউলি পৰি যায়।
-
মধ্যমীয়া
জাতবোৰ ( ১- ১.২ মিটাৰ) প্ৰায়বোৰ অঞ্চলতে খাপ খাই আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলেও
ই হাউলি নপৰে।
-
হ্ৰস্বকালীন
জাতবোৰ জলসিঞ্চনৰ সুবিধা থকা সমান মাটিৰ বাবে উপযুক্ত। এই জাতবোৰে
ৰাসায়নিক সাৰৰ প্ৰতি সহাৰি দিয়ে আৰু সাধাৰণতে উচ্চতা ১ মিটাৰতকৈ কম।
তৃতীয় ঢাপঃ উৎকৃষ্ট মানদণ্ডৰ বীজ ব্যৱহাৰ কৰক
খাটি, পৰিষ্কাৰ আৰু স্বাস্থ্যবান বীজহে সিঁচিব লাগে: উৎকৃষ্ট মানদণ্ডৰ
বীজ ব্যৱহাৰ কৰিলে বীজৰ পৰিমাণ কমকৈ লাগে আৰু সবল, স্বাস্থ্যবান কঠীয়া উৎপাদন হয়। ফলত সুষম শস্য আৰু অধিক উৎপাদন হয়।
ভাল বীজ কোনবোৰক কোৱা হয় ?
-
মাটি, শিলগুটি
আৰু অপতৃণৰ বীজ ইত্যাদিৰ পৰা মুক্ত হব লাগিব
-
কেৱল এটা জাতৰ
বীজহে থাকিব লাগিব
-
সম্পূৰ্ণ পূৰঠ,
একে ৰঙৰ আৰু কোনোধৰণৰ ফাট বা দাগ নথকা বীজ হব লাগে
উৎকৃষ্ট মানদণ্ডৰ বীজ কেনেকৈ উৎপাদন কৰিব?
১। সহজে অহা-যোৱা
কৰিব পৰা ভাল আলি বা বান্ধ থকা সমান ঠাই নিৰ্বাচন কৰিব লাগে
২। নিকা, খাটি আৰু সবল বীজহে ব্যৱহাৰ কৰিব লাগে
৩। বীজখিনি সিঁচাৰ আগেয়ে পানীত তিঁয়াই পতানখিনি আঁতৰাব
লাগে।
৪। খেতি-বাতিৰ পৰিচৰ্যা ভাল হব লাগে- সঠিক সময়ত কঠীয়া
সিঁচা, সাৰ প্ৰয়োগ কৰা আৰু সজাল ধৰাৰ ২১ দিনৰ পিছত বন-বাত নিৰণি কৰিব লাগে, যাতে
বীজত বন-বাতৰ বীজ মিহলি নহয়।
৫। ধানখেতিৰ মাজত
গহৰাকৈ গজা ধানৰ গোচাবোৰ চিনাক্ত কৰি সেইবোৰ উভালি পেলাব লাগে
৬। যেতিয়া ৮০-৮৫ শতাংশ ধানৰ ঠোক খেৰ বৰণীয়া হয় বা ধানত
২১-২২% জলীয় বাষ্প থাকে তেতিয়াই চপাব লাগে।
৭। চপোৱাৰ পিছত লগে লগেই মৰণা মাৰিব লাগে।
৮। নিৰাপদ স্থানত জাত আৰু চপোৱাৰ তাৰিখ লিখি মজুত কৰিব
লাগে
চতুৰ্থ ঢাপঃ পথাৰখন ভালদৰে প্ৰস্তুত কৰা আৰু সমান কৰা
ভালদৰে প্ৰস্তুত কৰা আৰু সমান কৰা পথাৰৰ পৰা একেধৰণৰ
স্বাস্থ্যবান শস্য পাব পাৰি আৰু তেনে শস্যই অপতৃণৰ লগত প্ৰতিযোগিতা কৰিব পাৰে আৰু
খৰাং সহ্য কৰিব পাৰে।
ভালদৰে প্ৰস্তুত কৰা পথাৰ এখনৰ বৈশিষ্ট হ’ল-
-
মাটিখিনি
ভালদৰে মিহি হয়। বীজৰ আকাৰ আৰু মাটিৰ চপৰাৰ আকাৰ প্ৰায় সমান সমান হয়।
-
মাটিৰ তলৰ ১০
ছেন্টিমিটাৰ তলত কঠিন তৰপ যাতে পানী ধৰি ৰাখিব পাৰে।
মিহি সমান পথাৰ।
-
মজবুত আলি
কেনেকৈ মাটি প্ৰস্তুত কৰিব ?
-
পৰাপক্ষত
পূৰ্বৱৰ্তী শস্য চপোৱাৰ পিছতে মাটিত হাল বাব লাগে। বিশেষকৈ মাটি
যদি সিক্ত হৈ থাকে।
-
সাধাৰণতে প্ৰথম
চহ বা মূখ্য চহটো “ডিক্স” বা “মলবৰ্ড” নাঙলেৰে চহাব লাগে যাতে শস্যৰ অৱশিষ্ট অংশ,
বন-বাত আদি গেলি-পচি যায়। এই চহ কৰা কামটো ৰোৱাৰ কমেও ৬-৮ সপ্তাহ আগেয়ে মাটিৰ ১০ ছেন্টিমিটাৰ
তললৈকে হব লাগে।
-
দ্বিতীয় চহটো “ডিক্স” বা “হ্যাৰো” নাঙলেৰে চহাব লাগে যাতে মাটিৰ চপৰাবোৰ মিহি হৈ যায়। দ্বিতীয় চহটো ৰোৱাৰ ২-৩ সপ্তাহ আগেয়ে হব লাগে আৰু শেষৰ চহটো ৰোৱাৰ ১
সপ্তাহ আগেয়ে মাটিৰ ৫-৭.৫ ছেন্টিমিটাৰ তললৈকে চহাব লাগে।
-
আলিবোৰ মেৰামতি
কৰিব লাগে, এন্দুৰৰ গাঁতবোৰ ধ্বংস কৰিব লাগে আৰু ফুটা নাইবা ফাঁক আদিবোৰত ভালদৰে
বোকামাটিৰে লেপি দিব লাগে। পথাৰখনৰ মূল বান্ধবোৰ ১ মিটাৰ বহল আৰু ০.৫ মিটাৰ ওখ হব
লাগে।
-
পথাৰখন ভালকৈ
সমান কৰিলে পানী ধৰি ৰখা, সজাল ধৰা আৰু অপতৃণ নিয়ন্ত্ৰণত সুবিধা হয়।
-
বাওধান বা
আহুধান প্ৰত্যক্ষভাবে সিঁচিলে ১-২ দিনৰ আগেয়ে মাটি বোকা কৰি লাগে।
পঞ্চম ঢাপঃ সঠিক সময়ত ধান ৰোৱা
সঠিক সময়ত ৰোপন কৰিলে সোনকালে বৃদ্ধি হোৱা একেধৰণৰ
স্বাস্থ্যবান শস্য পাব পাৰি আৰু তেনে শস্যই অধিক উৎপাদনৰ লগতে অপতৃণ আৰু ৰোগ-ব্যাধিৰ লগত প্ৰতিযোগিতা কৰিব পাৰে। কোনটো সময়ত ৰোপন কৰিব সেইটো অঞ্চল, জাত, পানীৰ উপলভ্যতা আৰু চপোৱাৰ
উপযুক্ত সময় ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰিব। ধানখেতি কঠীয়া ৰুই নাইবা
প্ৰত্যক্ষভাবে সিঁচি কৰিব পাৰি।
কঠীয়া ৰুই কৰা ধান খেতিঃ
১। যি পৰিমাণৰ মাটিত খেতি কৰিব বিচৰা হৈছে তাৰ দহ ভাগৰ এক
অংশ মাটিত কঠীয়াতলী প্ৰস্তুত কৰিব লাগে।
২। মাটিডৰা অন্ততঃ দুই-তিনি চাহ দ’কৈ হাল বোৱাৰ পিছত এক-দুইবাৰ পাতলীয়াকৈ হাল মাৰি, মৈ দি
সমান কৰিব লাগে।
৩। কঠীয়াতলীডৰাৰ পৰা পানী ওলাই যাব পৰাকৈ নলাৰ সু-ব্যৱস্থা
কৰিব লাগে।
৪। সিঁচিবলগীয়া কঠীয়াখিনি ২৪ ঘন্টাৰ বাবে তিঁয়াই, পিছত
টুকি লৈ গজালি মেলিবৰ বাবে ছাঁত ৰাখিব লাগে। গজালি অহাৰৰ লগে লগে আগতীয়াকৈ
প্ৰস্তুত কৰি ৰখা কঠীয়াতলীত সিঁচিব লাগে।
৫। প্ৰতি বিঘা মাটি ৰুবৰ বাবে ৪ - ৫.৩৩ কিলোগ্ৰাম বীজৰ
কঠীয়া দৰকাৰ হয়।
৬। শেষৰ চাহ হালবোৱাৰ সময়তে জৈৱিক আৰু ৰাসায়নিক সাৰখিনি
প্ৰয়োগ কৰিব লাগে।
৭। কঠীয়াৰ বয়সঃ হ্ৰস্বকালীন জাতৰ ক্ষেত্ৰত ২০-৩০ দিনীয়া আৰু দীৰ্ঘকালীন জাতৰ
ক্ষেত্ৰত ২০-৪০ দিনীয়া
৮। কঠীয়া শাৰী শাৰীকৈ ৰুব লাগে।
৯। ধাননি পথাৰত পানী নিয়ন্ত্ৰিত কৰা।
প্ৰত্যক্ষভাবে মাটি বোকা কৰি সিঁচাঃ
(বানাক্ৰান্ত এলেকাত পানী ওলাই যোৱাৰ পিছত এই পদ্ধতিৰে
ধান খেতি কৰিব পাৰি)
১। মাটিডৰা অন্ততঃ দুই-তিনি চাহ দ’কৈ হাল বোৱাৰ পিছত এক-দুইবাৰ পাতলীয়াকৈ হাল মাৰি, মৈ দি
সমান কৰিব লাগে।
২। শেষৰ চাহ হালবোৱাৰ সময়তে জৈৱিক আৰু ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰিব লাগে।
৩। সিঁচিবলগীয়া বীজখিনি ২৪ ঘন্টাৰ বাবে তিঁয়াই, পিছত টুকি
লৈ গজালি মেলিবৰ বাবে ছাঁত ৰাখিব লাগে।
৪। গজালি অহাৰৰ লগে লগে আগতীয়াকৈ
প্ৰস্তুত কৰি ৰখা মাটিত সিঁচিব লাগে। বিঘাই প্ৰতি ১৩-১৪ কিলোগ্ৰাম বীজৰ দৰকাৰ হয়।
৫। মাটিডৰাৰ ওপৰত থকা পানীখনি নিজে নিজেই
নিগৰি ওলাই যাবলৈ দিব লাগে।
৬। ধান গজাৰ ১০-১৫ দিন দিন পিছত ২-৩ পতীয়া হোৱাৰ পৰাই মাটিডৰাত স্থায়ীভাবে পানী ৰখাৰ
ব্যৱস্থা কৰিব লাগে।
প্ৰত্যক্ষভাবে শুকানকৈ সিঁচাঃ
(সাধাৰণতে এই পদ্ধতিত বাওধান আৰু আহুধান সিঁচা হয়)
১। প্ৰতি বিঘাত ১৩-১৪ কিলোগ্ৰাম শুকান বীজ আগতীয়াকৈ চহ আৰু
সমান কৰি থোৱা মাটিত সিঁচিব লাগে। বীজ সিঁচা যন্ত্ৰৰে সিঁচিলে ১০ কিলোগ্ৰাম বীজেই যথেষ্ট
হয়।
২। বীজ সিঁচাৰ পিছত পাতলীয়াকৈ মৈ মাৰি
সেইবোৰ ঢাকি দিব লাগে।
৩। সিঁচাৰ ১৫ দিনমানলৈকে মাটিখিনিত পাতলীয়া বৰষুণ পৰিব
লাগে। অন্যথা কৃত্ৰিমভাবে পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। ধান ২-৩ পতীয়া
হোৱাৰ পৰাই মাটিডৰাত স্থায়ীভাবে পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে।
ষষ্ঠ ঢাপঃ অনতিপলমে নিৰণি কৰা
“এবছৰত উৎপাদন হোৱা
ধান সাত বছৰত অপতৃণৰ পৰা হোৱা লোকচানৰ সমান”
অপতৃণই প্ৰত্যক্ষভাবে ধান গছৰ লগত প্ৰতিযোগিতা কৰে আৰু
ধানৰ উৎপাদন বহুলাংশে হ্ৰাস কৰে। প্ৰতি ১ কিলোগ্ৰাম শুকান অপতৃণ ১ কিলোগ্ৰাম ধানৰ বীজ লোকচানৰ সমান। সাধাৰণতে ধান সজাল ধৰাৰ পিছত ২০-৫০
দিনৰ ভিতৰত অপতৃণই লোকচান কৰে। মণি ধৰাৰ পিছত নিৰণি কৰিলে পৰৱৰ্তী শস্যত অপতৃণৰ উপদ্ৰব
কম হয়।
অপতৃণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব ?
-
বৰষুণ দিয়াৰ
পিছত অন্ততঃ ১০-১৪ দিনৰ আগতে মাটিডৰাত হাল বাব লাগে আৰু মৈ মাৰিব লাগে।
-
মৈ মাৰিলে
বহুবোৰ অপতৃণ অঙ্কুৰণ নাইবা বৃদ্ধি হবলৈ টান পায়।
-
যিবোৰ জাতৰ ধান
গছ সোনকালে সবল হয় তেনে জাতহে নিৰ্বাচন কৰিব লাগে।
-
অপতৃণৰ পৰা
মুক্ত ধানৰ বীজহে ব্যৱহাৰ কৰিব লাগে।
-
ধান সজাল ধৰাৰ
পিছত যিমান সোনকালে পাৰি সিমান সোনকালে মাটিডৰাত পানী ধৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে।
-
ধান সজাল ধৰাৰ
২-৩ সপ্তাহৰ পিছত প্ৰথমবাৰ আৰু পুনৰ ২-৩ সপ্তাহৰ পিছত দ্বিতীয়বাৰ নিৰণি কৰিব লাগে। সাৰ প্ৰয়োগ কৰাৰ আগেয়ে পুনৰ এবাৰ নিৰণি কৰিব লাগে।
-
অপতৃণ-নাশক
প্ৰয়োগ কৰাৰ আগেয়ে অপতৃণবিধ চিনাক্তকৰণ কৰি লৈহে প্ৰয়োগ কৰিব লাগে।
-
অপতৃণবোৰ
কুমলীয়া হৈ থাকোতেই অপতৃণ-নাশক প্ৰয়োগ কৰিব লাগে।
-
ধান সজাল ধৰাৰ
আগেয়ে পূৰ্ব-উত্থান অপতৃণ-নাশক প্ৰয়োগ কৰিব লাগে।
-
পৰৱৰ্তী উত্থান
অপতৃণ-নাশক প্ৰয়োগ কৰিলে সাৱধান হব লাগে যাতে ধানৰ কোনো অনিষ্ট নহয়।
-
অপতৃণ-নাশকবোৰ
বিষাক্ত। সেয়ে, সাৱধানেৰে ব্যৱহাৰ নকৰিলে স্বাস্থ্য আৰু পৰিবেশীয় সমস্যা দেখা দিব
পাৰে।
-
অপতৃণ-নাশক
ছটিৱাওতে নিৰাপদ পোছাক পৰিধান কৰিব লাগে।
-
ৰেইন কোট
পিন্ধি কেতিয়াও অপতৃণ-নাশক ছটিয়াব নালাগে, কিয়নো ই শৰীৰৰ পৰা বেছিকৈ ঘাম উলিয়াই।
সপ্তম ঢাপঃ অধিক উৎপাদনৰ বাবে সাৰ প্ৰয়োগ
পুষ্টিমৌল-সাৰৰ সুষম ব্যৱহাৰে উৎপাদন বঢ়ায়
প্ৰায় মাটিতে সীমিত পৰিমাণৰ পুষ্টমৌলহে থাকে। সেয়ে অধিক উৎপাদনৰ বাবে সাৰ প্ৰয়োগ কৰিব লগীয়া হয়। কোনো ক্ষেত্ৰত
মাটিৰ সংগঠন ভালে ৰাখিবৰ বাবেও সাৰ প্ৰয়োগ কৰা হয়। কিমান পৰিমাণৰ
সাৰ প্ৰয়োগ কৰিব লাগিব সেয়া ধৰা হয় ১ টন ধান বীজ উৎপাদনৰ বাবে মাটিৰ পৰা ১৫
কিলোগ্ৰাম নাইট্ৰজেন (N), ২-৩ কিলোগ্ৰাম ফচফৰাছ (P) আৰু ১৫-২০ কিলোগ্ৰাম পটেছিয়াম (K) উদ্ভিদে টানি লয়। এই আধাৰ পৰিমাণখিনি মাটিভেদে, ঋতুভেদে, শস্যৰ অৱস্থাভেদে, বতৰভেদে বেলেগ
বেলেগ হব পাৰে। সাৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে-
-
যত দূৰ সম্ভব,
জৈৱিক সাৰ (গোৱৰ, পচন সাৰ, খেৰ, ফলিয়া তুঁহ, উদ্ভিদৰ পাত আদি) ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ কঠীয়াতলীত জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে।
-
মাটিৰ ধৰণ আৰু
সম্ভাব্য উৎপাদনৰ ওপৰত ভিত্তি কৰিহে সাৰ প্ৰয়োগ কৰিব লাগে।
-
ফচফৰাছ (P) পটেছিয়াম (K) আৰু ১০% নাইট্ৰজেন (N) বীজ সিঁচাৰ আগতে নাইবা ৰোৱাৰ আগতে
মাটিত প্ৰয়োগ কৰি ভালদৰে মিহলাই দিব লাগে। প্ৰত্যক্ষভাবে
সিঁচা ধানৰ ক্ষেত্ৰত ১০-১৪ দিনৰ পিছত মাটিত পানী থকা অৱস্থাত প্ৰয়োগ কৰিব লাগে।
-
ৰৈ যোৱা
নাইট্ৰজেনখিনি (N) সমানে দুভাগ কৰি, এভাগ ৩০ দিনত আৰু
আনটোভাগ ৫০-৬০ দিনত (মণি ধৰাৰ পিছত) প্ৰয়োগ কৰিব লাগে।
-
সজাল ধৰাৰ পিছত
মাটিত পানী থকা অৱস্থাতহে সাৰ প্ৰয়োগ কৰিব লাগে।
-
থলুৱা জাতৰ
ক্ষেত্ৰত কেতিয়াও অধিক হাৰত সাৰ প্ৰয়োগ কৰিব নেলাগে। কিয়নো এই
জাতবোৰে সাৰৰ প্ৰতি কম সহাৰি দিয়ে আৰু ধান গছবোৰ হাউলি পৰিব পাৰে।
-
যদি ৫
কিলোগ্ৰাম ধান উৎপাদন কৰোতে ১ কিলোগ্ৰাম সাৰ খৰচ কৰিবলগীয়া হয় তেতিয়া কেতিয়াও
ৰাসায়নিক সাৰ ব্যবহাৰ কৰিব নেলাগে।
-
অজৈৱিক সাৰবোৰ
শুকান আৰু ঠাণ্ডা ঠাইত ৰাখিব লাগে আৰু শিশুৰ পৰা আঁতৰত ৰাখিব লাগে।
অষ্টম ঢাপঃ পানীৰ সঠিক ব্যৱহাৰ কৰিব লাগে
ভাল গুণবিশিষ্ট পানীৰ অবিহনে শস্যৰ বৃদ্ধি হব নোৱাৰে
পানীৰ উপলভ্যতাৰ ওপৰতে শস্যৰ উৎপাদন নিৰ্ভৰ কৰে। বৃদ্ধিৰ বাবে উদ্ভিদৰ বাষ্পীভৱনৰ সমান নাইবা তাতকৈ কিছু বেছি পানীৰ দৰকাৰ
হয়। এক সুস্থ প্ৰণালীত ১ কিলোগ্ৰাম বীজ উৎপাদনৰ বাবে নিম্নতম ২০০০ লিটাৰ ( ২
ঘন মিটাৰ) পানীৰ দৰকাৰ হয়। পানীৰ সুস্থ ব্যৱহাৰৰ বাবে –
-
আলিবোৰ ভালকৈ
দিয়ক
-
মাটিডৰা সমান
কৰক
-
যত সম্ভব হয়
মাটিডৰা বোকা কৰক
-
প্ৰত্যক্ষভাবে
বীজ সিঁচা পদ্ধতি ব্যৱহাৰ কৰক
-
হ্ৰস্ৰকালীন
জাত ব্যৱহাৰ কৰক
-
নিৰ্দিষ্ট সময়ত
ধান চপাওক
পানীৰ গুণাগুণঃ
পানীৰ লৱণতা গুণ ধানৰ বাবে ক্ষতিকাৰক। বিশেষকৈ কঠীয়া অৱস্থা আৰু মণি ধৰা অৱস্থাত লৱণীয় পানী ক্ষতিকাৰক। লৱণ বিষক্ৰিয়া হলে পাতবোৰ ‘পোৰা’ৰ দৰে হয় আৰু শুষ্ক পদাৰ্থৰ উৎপাদন কমি যায়।
নৱম ঢাপঃ অনিষ্টকাৰী কীট আৰু ৰোগ নিয়ন্ত্ৰণ
নিয়ন্ত্ৰণতকৈ প্ৰতিষেধক লোৱাটো উত্তম
প্ৰতিবছৰে কীট আৰু ৰোগ-ব্যাধিৰ বাবে গড় হিচাপে ৩৭% ধানখেতিৰ লোকচান কৰে। সুস্থ শস্য
পৰিচালনাৰ বাবে সঠিকভাবে সঠিক সময়ত কীট আৰু ৰোগ-ব্যাধি চিনাক্তকৰণ কৰিলে লোকচান
হ্ৰাস কৰিব পাৰি।
১। খেতিত ব্যৱহাৰ
কৰা সা-সজুলিবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে
২। পথাৰত শস্য নথকাৰ সময়ত শস্যৰ অৱশিষ্ট, মূঢ়া আদি আৰু
আলিবোৰ পৰিষ্কাৰ কৰিব লাগে।
৩। পৰিষ্কাৰ বীজ আৰু প্ৰতিৰোধী জাত ব্যৱহাৰ কৰিব লাগে
- প্ৰামাণিত বীজ অনুমোদন কৰা হয়। যদি প্ৰামাণিত
বীজ উপলভ্য নহয়, পৰিষ্কাৰ বীজ ব্যৱহাৰ কৰিব লাগে।
- হ্ৰস্ৰকালীন আৰু প্ৰতিৰোধী জাত ব্যৱহাৰ কৰিব লাগে
৪। অনিষ্টকাৰী কীট-পতঙ্গ, ৰোগ-ব্যাধি, চৰাই আৰু এন্দুৰ পৰা
ৰক্ষা পাবলৈ ওচৰৰ পথাৰবোৰৰ লগত একেসময়তে (অন্ততঃ ২ সপ্তাহৰ ভিতৰত) ধান ৰোৱাৰ কাম
শেষ কৰিব লাগে।
৫। কেতিয়াও অধিক হাৰত সাৰ প্ৰয়োগ কৰিব নেলাগে। বিশেষকৈ নাইট্ৰজেনজাতীয় সাৰে অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগ-ব্যাধিৰ উপদ্ৰৱ
বঢ়াই তোলে।
৬। কীটৰ প্ৰাকৃতিক
শত্ৰুবোৰক ৰক্ষা কৰিব লাগে-
-
কীটনাশকৰ অধিক
হাৰত ব্যৱহাৰে কীটৰ উপদ্ৰৱ বঢ়াইহে তোলে
-
কীটনাশক
ব্যৱহাৰ কৰাৰ লগে লগে প্ৰাকৃতিক শত্ৰুবোৰকো মাৰি পেলায়।
৭। পৰাপক্ষত ধান ৰোৱাৰ ৪০ দিনৰ ভিতৰত কোনো কীটনাশক প্ৰয়োগ
কৰিব নেলাগে
-
উৎপাদনত প্ৰভাব
নেপেলোৱাকৈ ধানখেতিয়ে আগতীয়া অনিষ্টখিনি পুৰাই লব পাৰে।
-
সোনকালে
ব্যৱস্থা লবৰ বাবে নিৰ্দিষ্ট ৰোগৰ প্ৰকৃত তথ্য আহৰণ কৰিব লাগে
দশম ঢাপঃ নিৰ্দিষ্ট সময়ত ধান চপাওক
উৎপাদন বঢ়াবৰ বাবে আৰু গুণবিশিষ্ট ধানৰ বাবে নিৰ্দিষ্ট
সময়ত ধান চপোৱাটো অতি দৰকাৰী। আগতীয়াকৈ ধান চপালে অপৈণত আৰু ভালদৰে পূৰ নোহোৱা ধান উৎপাদন
হয়। অপৈণত ধান বনালে ই ভাগি যাই আৰু বীজ হিচাপে ব্যৱহাৰ কৰিলে ই অঙ্কুৰণ নহয়। যদি দেৰিকৈ চপোৱা হয় তেতিয়া ধানবোৰ সৰি নষ্ট হয় আৰু চৰাইয়ে অনিষ্ট কৰে।
ধান কেতিয়া চপাব লাগে ?
-
যেতিয়া ধানৰ
বীজত ২০-২২% আদ্ৰতা থাকে। সাধাৰণতে ধানৰ ফুল ফুলাৰ ৩০ দিনৰ পিছতে এই অৱস্থা পায়গৈ।
-
৮০-৮৫% ধানৰ বীজৰ ৰং খেৰ-বৰণীয়া হয়।
-
ঠোকৰ তলফালে
থকা ধানবোৰ যাতে টান হয়
-
দাঁতেৰে কামুৰি
চালে টান অনুভব কৰা হয়, কিন্তু সহজতে ভাগি নেযায়
ধান কটাৰ পিছত গুণাগুণ কেনেকৈ উন্নত কৰিব পাৰি ?
-
ধানৰ ঠোকবোৰ
হাউলি মাটি নাইবা পানীত লাগিব নেলাগে
-
পথাৰত ধানৰ
মুঠাবোৰ বান্ধি বেছি সময় ৰাখিব নেলাগে- পৰাপক্ষত ২৪ ঘন্টাৰ ভিতৰত মৰণা মাৰিব লাগে।
-
মৰণা মৰাৰ পিছত
যিমান সোনকালে সম্ভব হয় সিমান সোনকালে বীজখিনি শুকুৱাব লাগে
-
ৰ’দত শুকুৱাওতে প্ৰতি এঘন্টাৰ মূৰে মূৰে ধানখিনি তল-ওপৰ কৰি
দিব লাগে।
-
টাৰপলিন বা
পৰিষ্কাৰ চোতালতহে ধান শুকুৱাব লাগে
-
ধানখিনি ৩-৫
চেন্টিমিটাৰ ডাঠকৈ মেলিব লাগে
-
খুউব বেছি
উত্তাপ হলে দুপৰীয়া সময়ত ধানখিনি ঢাকি দিব লাগে আৰু বৰষুণৰ পৰাও ৰক্ষা কৰিব লাগে।
-
শুকুওৱাৰ পিছত
ধানখিনি কেইবাবাৰো জাৰি পৰিষ্কাৰ কৰিব লাগে
-
পৰিষ্কাৰ,
শুকান আৰু ঠাণ্ডা ঠাইত ধানখিনি ৰাখিব লাগে।
একাদশ ঢাপঃ নিৰাপদভাবে মজুত কৰক
-
শস্য হিচাপে
ধানত ১৪% তকৈ কম আদ্ৰতা থাকিব লাগে। বীজ হিচাপে ৰাখিলে ধানত ১২% তকৈ কম আদ্ৰতা থাকিব লাগে।
-
অনিষ্টকাৰী
কীট, এন্দুৰ আৰু চৰাইৰ পৰা ৰক্ষা কৰিব লাগে
-
বৰষুণ বা
সেমেকা বতৰত ধানখিনি সেমেকি নোযোৱাকৈ ৰাখিব লাগে
অনুমোদিত হাৰতকৈ প্ৰতি ১% আদ্ৰতা বাঢ়ি যোৱাৰ লগে লগে নাইবা ৫০ ছেন্টিগ্ৰেড উঞ্চতা বঢ়াৰ
লগে লগে বীজৰ আয়ুস আধালৈ কমি যায়।
ধানৰ বস্তা কেনেকৈ ৰাখিব?
-
ধানৰ বস্তা ৪
মিটাৰতকৈ অধিক উচ্চতাত ৰাখিব নেলাগে
-
মজুত গৃহৰ
ছালিখন পানী নসৰকা হব লাগে
-
বস্তাবোৰ
মজিয়াত লাগি নথকাকৈ অলপ ওখ চাঙত ৰাখিব লাগে
-
বস্তাবোৰৰ মাজত
ফাঁক থাকিব লাগে যাতে প্ৰয়োজনমতে ধোঁৱা দিব পাৰি
দ্বাদশ ঢাপঃ উপযুক্তভাবে ধান বানিব লাগে
ধানত ১৩-১৪% আদ্ৰতা থাকিলে বানিবৰ কাৰণে উপযুক্ত হয়। এক মানবিশিষ্ট ধান বনালে বাকলি -২০%, তুঁহ -৮-১০% আৰু চাউল -৭০% থাকে।
(আন্তঃৰাষ্ট্ৰীয়
ধান গৱেষণা প্ৰতিষ্ঠান, ফিলিপাইনছৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত Steps to Successful Rice Production ৰ নিৰ্বাচিত অংশৰ
অনুবাদ – নয়ন কুমাৰ ৱৰা)