কঁঠালৰ বাগিচা, সংৰক্ষণ আৰু সংসাধনেও অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ আনিব পাৰে আমুল পৰিবৰ্তন

নয়ন কুমাৰ বৰা

কঁঠাল (Artocarpus heterophyllus)


আমাৰ অসমৰ মানুহৰ বাবে কঁঠাল অতি পৰিচিত ফল কেঁচাই হওক বা পকাই হওক, পাচলি হিচাপেই হওক কঁঠাল আমাৰ প্ৰায় সকলোৰে প্ৰিয় কঁঠালৰ আচাৰ, পাপড়, চিপচ্, জাম আদি প্ৰস্তুত কৰি কঁঠালৰ মূল্য সংযোজনৰ প্ৰচুৰ সম্ভাৱনা আছে অকল সেয়ে নহয়, কঁঠাল গুটি দাইলত সিজাই নাইবা পুৰি খায়ো তৃপ্তি লাগে কঁঠালৰ পাত ছাগলীৰো এক সু-স্বাদু খাদ্য

পুষ্টিৰ পৰিমাণ:
ক্ৰ..
দ্ৰব্যৰ নাম
একক
পৰিমাণ (গড়)
পানী
%
৭৬.২০
শক্তি
কেল
৮৮.০০
প্ৰটিন
গ্ৰাম
.৯০
চৰ্বী
গ্ৰাম
.১০
আঁহ
গ্ৰাম
.১০
কাৰ্বহাইড্ৰেট
গ্ৰাম
১৯.৮০
পটেছিয়াম
মিলিগ্ৰাম
১০৭.০০
কেলছিয়াম
মিলিগ্ৰাম
২০.০০
ফছফৰাছ
মিলিগ্ৰাম
৪১.০০
১০
লো
মিলিগ্ৰাম
.৫৬
১১
বিটা-কেৰটিন
মিলিগ্ৰাম
১৭৫.০০
১২
থায়ামিন
মিলিগ্ৰাম
.০৩
১৩
ৰাইবফ্লেভিন
মিলিগ্ৰাম
.১৩
১৪
নিয়াচিন
মিলিগ্ৰাম
.৪০
১৫
ভিটামিন- চি
মিলিগ্ৰাম
.০০
কঁঠাল যে কেৱল সু-স্বাদু খাদ্য হিচাপেই প্ৰিয়, এনে নহয় ইয়াৰ বহুতো ঔষধি গুণো আছে যেনে, শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে, কেন্সাৰৰ পৰা ৰক্ষা কৰে, হজম হোৱাত সহায় কৰে, হাড়, চকু আৰু ছাল ভালে ৰখাত সহায় কৰে, শক্তি যোগায়, উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰণ কৰে, হাপানী ৰোগ আৰু থায়ৰয়ড নিয়ন্ত্ৰণ কৰে, এনিমিয়া দূৰ কৰে ইত্যাদি



কঁঠালৰ খেতি কেনেকৈ কৰিব?
জাত: প্ৰকৃতিত কঁঠালৰ বিভিন্ন জাত পোৱা যায় যদিও মূলত: ইয়াক দুটা ভাগত ভগাব পাৰি- টান ফুটৰ কঁঠাল আৰু কোমল ফুটৰ কঁঠাল অৱশ্যে, বিশেষ গুণ সম্পন্ন কিছুমান জাতো বৰ্তমান উদ্ভাৱন কৰা হৈছে তেনে জাত কিছুমান হ- নকান প্ৰলিফিক, চিঙ্গাপুৰ জেক, হাইব্ৰীড জেক, বাৰলিয়াৰ-, পি.এল.আৰ-   
প্ৰবৰ্দ্ধন: বীজৰ পৰা হোৱা পুলিৰ পৰা মাতৃগছৰ গুণাগুণসমুহ অবিকল  পোৱা নেযায়, বৰঞ্চ বিভিন্নতাহে আহে সেয়ে অঙ্গজ প্ৰবৰ্দ্ধন পদ্ধতিৰ জৰিয়তে তৈয়াৰ কৰাৰ পুলি ৰোপন কৰিবৰ বাবে অনুমোদন জনোৱা হয় সাধাৰনতে, জোৰা কলম পদ্ধতিৰে তৈয়াৰ কৰা পুলিৰ পৰা ৪/৫ বছৰতে ফল লাগিবলৈ আৰম্ভ কৰে
পুলি ৰোপন:  পুলি ৰোৱাৰ এমাহ আগেয়ে ১ মিটাৰ x   মিটাৰ x ১মিটাৰ আকাৰৰ গাঁত খন্দা উচিত খন্দাৰ সময়ত গাঁতটোৰ ওপৰৰ মাটি এফালে আৰু বাকী তলৰ অংশৰ মাটিখিনি আনফালে ৰাখিব লাগে অন্তত: দুপাছি ভাল পচন সাৰ বা শুকান গোৱৰ গাঁতটোত দি আগতে বেলেগ কৰি থোৱা গাঁতটোৰ ওপৰৰ অংশ মাটি পচন সাৰ বা গোৱৰখিনিৰ সৈতে ভালদৰে মিহলাই বাকী থকা তলৰ মাটিখিনিৰে গাঁতটো পূৰাই পেলাব লাগে এনেদৰে গাঁতটো ১৫-২০ দিনমান ৰাখি মাটিখিনি স্থিৰ হবলৈ দিব লাগে ইয়াৰ পাছত বাৰিষাকালত গাঁতটোত সুস্থ সবল কঁঠালৰ পুলি ৰুব লাগে কেৱল শিপা অংশ পোত যোৱাকৈহে পুলিটো ৰোৱা উচিত
দুটা পুলি আৰু দুটা শাৰীৰ মাজত ৭-৮ মিটাৰ ব্যৱধান ৰাখি কঁঠালৰ পুলি ৰুব লাগে
শস্য পৰিচৰ্যা আৰু কলম দিয়া:
কঁঠাল পুলিটো ১.- .০ মিটাৰ ওখলৈকে ঠাল-ঠেঙুলি আঁতৰাই ৰাখি বাঢ়িবলৈ দিব লাগে আৰু যেতিয়া ১.- .০ মিটাৰ ওখ হব তেতিয়াহে কাষৰীয়া ঠাল-ঠেঙুলি আহিবলৈ দিব লাগে

সাৰ প্ৰয়োগ:
সাৰৰ নাম
১ম বছৰ
(কি:গ্ৰা:)
২য় বছৰ
(কি:গ্ৰা:)
৩য় বছৰ
(কি:গ্ৰা:)
৪ ৰ্থ বছৰ
(কি:গ্ৰা:)
৫ম বছৰ
(কি:গ্ৰা:)
গোৱৰ/ পচন সাৰ
১০
২০
৩০
৪০
৫০
ইউৰীয়া
.৩২৬
.৬৫২
.৯৭৮
.৩০৪
.৬৩০
একক চুপাৰ ফছফেট
.৫০০
.০০০
.৫০০
.০০০
.৫০০
মিউৰেট অৱ পটাছ
.১৬৬
.৩৩২
.৪৯৮
.৬৬৪
.৮৩০

সাৰখিনি বৰষুণৰ দিনতহে প্ৰয়োগ কৰিব লাগে গছজোপাৰ পৰা প্ৰায় ৫০-৬০ ছেন্টিমিটাৰ আঁতৰত পাতলীয়াকৈ লোৰ খান্দি তাত সাৰখিনি প্ৰয়োগ কৰিব লাগে
মিশ্ৰিত খেতি: কঁঠাল গছৰ মাজে মাজে নেমু টেঙা, নৰা-বগৰী আদি ৰুব পাৰি

শস্যৰক্ষা:


ৰঙা উইভিল পোক: কোমল ফুল, কলি আৰু ঠাল আদিত সোমাই অনিষ্ট কৰে নিৰাময়ৰ কাৰণে সৰি যোৱা কলি, ফল আদি আঁতৰাই অনিষ্ট কৰিব লাগে লগতে পোকৰ পলু, লেটা আদিও ধ্বংস কৰিব লাগে

ফল পচা ৰোগ: অপৈণত অৱস্থাতে ফল পচি সৰি যোৱা নিৰাময়ৰ বাবে মেনকজেব (প্ৰতি লিটাৰ পানীত ২ গ্ৰাম) অথবা কাৰ্বানদাজিম (প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰাম) অথবা ফাইটলেন (প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰাম) প্ৰতি ১৫ দিনৰ মূৰে মূৰে ফল বৃদ্ধিৰ সময়তে প্ৰয়োগ কৰিব লাগে

মূল্য সংযোজন:

-      পাচলি হিচাপে কঁঠাল: কোমল কেঁচা কঁঠাল সৰু সৰুকৈ কাটি টুকুৰা কৰি পেকেট কৰি বিক্ৰি কৰিব পাৰি
-      কঁঠালৰ আচাৰ: পৈণত কঁঠালৰ পৰা সু-স্বাদু আচাৰ তৈয়াৰ কৰিব পাৰি
-      কঁঠালৰ পাপড়: কঁঠালৰ কেঁচা ফুটবোৰ উলিয়াই লৈ সেইবোৰ সিজোৱা হয় আৰু পিছত সেইবোৰ পিচি তাৰ লগত মা-মচলা সানি পাপড় তৈয়াৰ কৰা হয়


-      কঁঠালৰ চিপচ্: কঁঠালৰ কেঁচা ফুটবোৰ উলিয়াই লৈ সেইবোৰ সৰু সৰুকৈ কাটি তেলত ভাজি ফ্ৰাই কৰা হয়
-      পকা কঁঠালৰ পৰাও বিভিন্ন সু-স্বাদু যেনে, পিঠা, হালোৱা, জেলি, স্কোৱাচ আদি তৈয়াৰ কৰিব পাৰি

(উৎসঃ Technical Bulletin No.: 41, A Guide on Jack Fruit -Cultivation and Value AdditionICAR Research Complex for Goa, Indian Council of Agricultural Research, কৃষি বিভাগ, অসমৰ প্ৰকাশিত পুস্তিকা আৰু ইন্টাৰনেটৰ বিভিন্ন তথ্যৰ সহায়ত এই লেখা প্ৰস্তুত কৰা হৈছে, সম্পাদক, সে.চি.)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান