বাপতিসাহোন বাঁহ খেতিৰেও গঢ়িব পাৰি অসমৰ গ্ৰাম্য অৰ্থনীতি


ৰাজীবলোচন শইকীয়া, বন্তিৰাণী কলিতা


বাঁহ এবিধ অতি মূল্যৱান সম্পদ। ব্যৱহাৰৰ ব্যাপকতালৈ চাই ভাৰতবৰ্ষত বাঁহক “সেউজ সোণ” বুলি আখ্যা দিয়া হৈছে। ঘাঁইকৈ গ্ৰীষ্ম আৰু উপক্ৰান্তীয় অঞ্চলৰ বাসিন্দাসকলৰ জন্মৰ পৰা মৃত্যলৈকে বাঁহৰ লগত সম্পৰ্ক ওত:প্ৰোত। ভাৰতীয়সকলৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশত বাঁহৰ প্ৰভাৱ মন কৰিবলগীয়া। ভাৰতবৰ্ষৰ আন ঠাইৰ লগতে অসমতো অতীজৰে পৰা ঘৰ-দুৱাৰ, ৰন্ধনশালৰ সজুলি, ভঁৰাল, জেউৰা-জেপনা, পাচী-খৰাহী, কৃষি সজুলি, মাছ ধৰা সৰঞ্জাম, শিপিনীৰ তাঁত-শালৰ সঁজুলিকে ধৰি আন বহুতো দৈনন্দিন কামত বাঁহ ব্যৱহৃত হৈ আহিছে। আনকি বহাগ বিহুৰ ঢোলৰ মাৰি, পেঁপা, গগনা-টকা, বাঁহী ইত্যাদিও বাঁহেৰেই সজা হয়। বাঁহক বহুতে ইন্ধন (খৰি) হিচাপেও ব্যৱহাৰ কৰে। মিজু গাভৰুসকলে বাঁহৰ পাচীকে ধৰি আন বহুতো সঁজুলি তৈয়াৰ কৰাত সদায়েই ব্যস্ত হৈ থাকে। তাৰোপৰি দীঘল দীঘল বাঁহৰ সহায়ত প্ৰদৰ্শন কৰা ‘চেৰাও ’নৃত্যক বহুতে “বাঁহনৃত্য” বুলিও ক’ব খোজে।
         কাগজ কলৰ দৰে বৃহৎ উদ্যোগবোৰে কেঁচা মালৰ বাবে বিশেষকৈ বাঁহৰ ওপৰতে নিৰ্ভৰশীল। কাগজ কলৰ শতকৰা ৫০ ভাগৰো অধিক কেঁচা মাল বাঁহৰ দ্বাৰাই যোগান ধৰা হয়।
         বাঁহ কেৱল মানুহৰেই নহয় আন প্ৰাণীৰো প্ৰিয় খাদ্য। টাইৱানত প্ৰতিদিনে কেইবা টনো বাঁহৰ গাজ খাদ্য প্ৰস্তুতকৰণত ব্যৱহাৰ কৰে। গৰু-ম’হৰ লগতে আন প্ৰাণীয়েও বাঁহ পাত খায়। জিয়ান্ট পাণ্ডা নামৰ বন্য প্ৰাণীটোৰ প্ৰধান খাদ্য হ’ল বাঁহৰ গাজ। বাঁহ গছৰ শিপা আৰু ৰাইজোমে ভূ-পৃষ্ঠৰ মাটি টানকৈ খামুচি ধৰি থকাৰ ফলত মাটিৰ খহনীয়া বহু পৰিমাণে হ্ৰাস হয়।
         ভাৰতবৰ্ষক বাঁহ সম্পদত চহকী বুলি কলেও বঢ়ায় কোৱা নহয়। কাৰণ প্ৰায় ২০ বিধ বাঁহৰ ‘জাতি’ আৰু ১০০ ৰো অধিক ‘প্ৰজাতি’ৰ বাঁহ কেৱল ভাৰতবৰ্ষতেই পোৱা যায়। এই বাঁহবোৰ প্ৰধানকৈ উত্তৰ-পূৱ ভাৰতত, মধ্য প্ৰদেশ, পশ্চিম ঘাট আৰু আন্দামানত সিঁচৰিত হৈ আছে। ইয়াৰে শতকৰা ৫০ ভাগ মান বাঁহ অৰুণাচল, অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, চিকিম, ত্রিপুৰা আৰু পশ্চিমবঙ্গত পোৱা যায়। পৃথিৱীৰ মুঠ ৫০ বিধ বিভিন্ন বাঁহৰ ভিতৰত ভাৰতত পোৱা জাত কেইটা তালিকাত উল্লেখ কৰা হৈছে।
         অসমৰ বাঁহ সদায়েই ফোপোলা হয়। মুলি বা তেৰাই বাঁহৰ পৰা সকলো ধৰণৰ উৎকৃষ্ট কাগজ তৈয়াৰ কৰিব পাৰি।
         উদ্ভিদ বিজ্ঞানীৰ দৃষ্টিত বাঁহ এবিধ তৃণ জাতীয় উদ্ভিদ। বাঁহৰ ক্ৰমজমৰ সংখ্যা হ’ল n=12 আৰু প্ৰায়বোৰ বাঁহেই হেক্সালয়দ (hexaploid)। সাধাৰণতে বাঁহ গছ থুপ পাতি হোৱা দেখা যায়। এডাল মূল বাঁহৰ ৰাইজোমৰ পৰা ৩০ ৰ পৰা ১০০ ডাল পৰ্যন্ত ওখ (২৪-৩০ মি:) বাঁহৰ সৃষ্টি হয়। এনে এটা বাঁহৰ গোট বা থুপক মানুহে সাধাৰণতে এজোপা বাঁহ বুলিয়েই কয়। বাঁহ কাণ্ড-যুক্ত আৰু পাব-যুক্ত। পাববোৰ সাধাৰণতে চুঙাৰ দৰে ফোপোলা হয় যদিও গোটা পাবৰ বাঁহো দেখা যায়। খৰাং অঞ্চলৰ বাঁহৰ পাববোৰ মিহি আৰু গাঁঠিৰ পৰা পাত ওলায়। বাঁহ গছৰ কাণ্ডৰ বৃদ্ধিৰ হাৰ অতি দ্ৰুত। প্ৰতিদিনে প্ৰায় ৭.৫ ছে:মি: বৃদ্ধি হয়। অৱশ্যে কিছুমান বাঁহৰ যেনে: (Dendrocalamus Gigantea) বৃদ্ধিৰ হাৰ দিনে ৩৭.৫-৪০ ছে:মি: পৰ্যন্ত হয়।
         বাঁহ গছক ফুলিবলৈ বহু সময় লাগে। কেইবিধমান বাঁহহে প্ৰতি বছৰে ফুলে। আনহাতে সৰহ সংখ্যক বাঁহকেই ১৫-১২০ বছৰ পৰ্যন্ত ফুলিবৰ বাবে প্ৰয়োজন হয়। এটা অঞ্চলৰ একে প্ৰজাতিৰ বাঁহবোৰ একেলগেই ফুলে আৰু গুটি হোৱাৰ পিছত মৰি যায়। এনেবোৰ বাঁহৰ পৰা আহৰণ কৰা বীজবোৰ উৎকৃষ্ট মানৰ। অৱশ্যে ‘কাক’ বাঁহ’ অঞ্চলভেদে সিঁচৰিত হৈ ফুলে। এনেবোৰ বাঁহৰ একেলগে থকা বাঁহৰবোৰৰ কেতিয়াবা কেইজোপামানহে অথবা এজোপা বাঁহৰ কেইডালমানহে বা এডাল বাঁহৰো কেইটামান ডালৰ পৰাহে ফুল ওলায়। এইদৰে অনিয়মিত ফুল ধৰা বাঁহৰ পৰা যিবোৰ বীজ সংগ্ৰহ কৰা হয় তাৰ সংখ্যা অতি কম আৰু বীজবোৰ নিকৃষ্টমানৰ।

তলত কেইবিধমান বাঁহৰ প্ৰজাতিৰ লক্ষণসমূহ চমুকৈ বৰ্নণা কৰা হৈছে-

জাতি বাঁহ (Bambusa tulda)

অসমৰ কোনো ঠাইত “দেওবাঁহ” বা “টাও” বুলিও জনা যায়। ওখই প্ৰায় ৮-২০ মি:পৰ্যন্ত হ’ব। কাণ্ডৰ ব্যাস ৮-১৫ ছে:মি: আৰু পাবৰ বেৰ (Thikness) ২.৫ ছে:মি: লৈকে ডাঠ হয়। সাধাৰণতে ঘৰৰ বেৰ,  ছাল,জেউৰা-জেপনা,  পাচি-খৰাহী, আদি নানা তৰহৰ সজুলি তৈয়াৰৰ বাবে এই বাঁহ উৎকৃষ্ট। বাঁহৰ পাববোৰ যথেষ্ট বহল বাবে ফালিবলৈ সহজ।
ভলুকা বাঁহ (Bambusa baleooa)
        সমগ্ৰ ভাৰতবৰ্ষতেই এইবিধ বাঁহ সৰ্বাধিক ব্যবহৃত হয়। কাণ্ড প্ৰায় ১৫-২০ মি: পৰ্যন্ত ওখ হয় আৰু ব্যাস প্ৰায় ৮-১৫ছে:মি:। পাবৰ বেৰ ৫ছে:মি: লৈকে ডাঠ হয়। পাববোৰ চুটী দীঘল হোৱাৰ বাবে ভলুকা বাঁহ মজবুত হয় আৰু ঘৰৰ খুটা, গৰু গাৰী ইত্যাদি গধূৰ কামৰ বাবে উপযোগী। ভলুকা বাঁহৰ এবিধ পাতল পাবৰ প্ৰজাতিও অসমত পোৱা যায় আৰু ইয়াক ভালুকী বাঁহ বোলে। যিবোৰ বাঁহৰ পাববোৰ ডাঠ তাক পুং বাঁহ(Male) আনহাতে যিবোৰ বাঁহৰ পববোৰ পাতল তাক স্ত্রী বাঁহ(Female) বোলে।


মুলি বাঁহ( Malocanna bambusoids) 

 এইবিধ বাঁহক অসমৰ গোৱালপাৰা জিলাত তেৰাই বুলিও জনা যায়। বাঁহৰ কাণ্ডবোৰ সেৰেঙাকৈ এক নিৰ্দিষ্ট দূৰত্বত গজে। মুলি বাঁহ সুৰমা উপত্যকাৰ টিলাবোৰত বেছিকৈ পোৱা যায়। ওকই প্ৰায় ১৮ মি: মান হয়। পাবৰ ব্যাস ৫-৮ছে:মি: আৰু পাবৰ বেৰ ৫-৮মি:মি: ডাঠ হয়। খেৰৰ ঘৰৰ বেৰ নাইবা ছাল সজাৰ বাবে এই বিধ বাঁহ উপযোগী। একোটা পাবৰ দৈৰ্ঘ ৫০ ছে:মি: পৰ্যন্ত হয়।
কাক বাঁহ (Dendrocalamus hamiltonii)
   
ইয়াৰ কাণ্ড ২০ মি:তকৈ ওখ আৰু ৮-১৫ ছে:মি: ব্যাসৰ হয়। পাবৰ বেৰ ১৩-২০ মি:মি: হয়। বাঁহৰ পাববোৰ কোমল আৰু পাতল পাবযুক্ত হোৱাৰ বাবে ভলুকা আৰু জাতি বাঁহতকৈ নিম্নমানৰ হয়। এই বাঁহ পাচি, খৰাহী, বাস্কেট আদি সজাত যথেষ্ট ব্যৱহৃত হয়।



বজাল বাঁহ (Schizostachyum strictus)


        কাণ্ড দীঘল আৰু ক্ষীণকায় (ব্যাস মাত্র ২.৫ ছে:মি:) পাববোৰ বেৰ অতিশয় পাতল। বাস্কেট তৈয়াৰ কৰাত ব্যৱহৃত হয়।



কাটা বাঁহ (Demendrocalamus trictus)
        ভৈয়াম অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়। পাববোৰ সেমেকা জলবায়ুত ফোপোলা আৰু খৰাং জলবায়ুত গোটা হয়। ওখই ৮-১০ মি: পৰ্যন্ত হয়। গোট বাঁহ ঘৰৰ খুটা আৰু ফেনচিঙৰ খুটা হিচাবে ব্যৱহাৰ কৰিব পাৰি।


বাঁহৰ খেতি

বাঁহৰ প্ৰজনন বীজৰ পৰা নাইবা অংগজ প্ৰজনন পদ্ধতিৰে কৰা হয়।

বীজৰ পৰা: বাঁহৰ বীজ সহজলভ্য নহয়, কাৰণ বাঁহ গছ ফুলিবলৈ বহু সময়ৰ দৰকাৰ। ফুল ধৰাৰ সময় দীঘলীয়া আৰু অনিশ্চিত হোৱাৰ বাবে বীজৰ পৰা বাঁহ খেতি কৰাৰ অলপ অসুবিধা আছে। তাৰোপৰি, একেৰাহে নিয়মিত নুফুলা বাঁহৰ বীজহে খেতিৰ বাবে উপযুক্ত। পূৰঠ বীজ সংগ্ৰহ কৰি পৰিষ্কাৰ কৰি সংৰক্ষণ কৰা উচিত। ৰ’দত শুকুৱাৰ পিচত পৰিষ্কাৰ বীজবোৰ ৭০০ ছে:গ্ৰে: উঞ্চতাত ৩ বছৰতকৈও বেছি সময়ৰ বাবে সংৰক্ষণ কৰিব পাৰি। বাঁহৰ বীজ এন্দুৰ, চৰাই আৰু কেৰ্কেটুৱাৰ প্ৰিয় খাদ্য। বাঁহৰ বীজ একেলগে সৰহকৈ পোৱাৰ বাবে খেতিৰ বাবে সুবিধাজনক। তাৰোপৰি বীজবোৰ সৰু সৰু হোৱাৰ বাবে এঠাইৰ পৰা আনঠাইলৈ নিবলৈ অসুবিধা নহয়। বাঁহৰ বীজ পূৰঠ হোৱাৰ লগে লগে মাটিৰ পৰা আগেয়ে সংগ্ৰহ কৰিব লাগে। মাটিত পৰাৰ পিছত বীজবোৰ নানা পোক-পৰুৱা, বেমাৰ-আজাৰৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। গছত লাগি থকা অৱস্থাতে এখন কাপোৰৰ সহায়ত মাটিত নপৰাকৈ সংগ্ৰহ কৰা হয়। তাৰবাবে কাপোৰখন ফুলি থকা বাঁহডালৰ বীজবোৰৰ তলত ৰাখি বাঁহডাল জোকাৰি দিয়া হয় আৰু বীজবোৰ কাপোৰৰ ওপৰত জমা হ’ব। বীজখিনি পৰিষ্কাৰ ৰ’দত শুকুৱাই ৰখা উচিত। বাঁহৰ বীজ যিমান পাৰি সিমান সোনকালে সিঁচা উচিত। বীজতলীত পৰ্যাপ্ত পৰিমাণে পানী থাকিব লাগে। বীজতলীৰ পৰা ১.৫ মি: উচ্চতাত এখন ঢাকনি দিয়া হয়। সিঁচাৰ ২-৩ সপ্তাহৰ ভিতৰতে বীজবোৰ অংকুৰিত হয়। পুলিবোৰৰ বয়স ২ বছৰ হোৱাৰ পিছত পথাৰৰ পৰা ৬-১০ মি: অন্তৰে অন্তৰে ৰোৱা উচিত। বাঁহপুলি ৰোৱাৰ আগতে গাঁতত শুকান গোৱৰ দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন।
         বাঁহবোৰ যেতিয়া একেলগে সৰহকৈ ফুলে, বীজৰ কাৰণে কেইডালমান ৰাখি বাকীখিনি বাঁহ কাটি আনি ব্যৱহাৰ কৰিব লাগে। ফুলি থকাৰ অৱস্থাতে বাঁহ মৰিবলৈ দিলে পোক-পৰুৱা বা বেমাৰ আজাৰে বাঁহবোৰ নষ্ট কৰি পেলায়।
ভাৰতত পোৱা জাতি কেইটা হ’লঃ


১
অৰুন্দিনেৰিয়া
Arundinaria


২
বেম্বুচা
Bambusa


৩
চেফাল’ষ্টেক্যুম
Caphalostachyum


৪
চিমানবেম্বুচা
Simonbambusa


৫
জিগান্ত’ক্লবা
Gigantochloa


৬
ডেন্দ্ৰকেলামাছ
Dendrocalamus


৭
ইন্দোকেলামাছ
Indocalamus


৮
মেল’কান্না
Malocanna


৯
নিঅহওজুবা
Neohouzua


১০
অক্লেন্দা
Oclanda


১১
অক্সিটেনান্থেৰা
Oxytenanthera


১২
ফাইল’ষ্টেকিছ
Phelostachis


১৩
ছিড’ষ্টেক্যুম
Pscudostachyum


১৪
ছিজ’ষ্টেক্যুম
Schizostachyum


১৫
ছিন’বেম্বুচা
Sinbambusa


১৬
ছেমিঅৰুন্দিনেৰীয়া
Semiarundinaria


১৭
টন’ষ্টৰক্যুম
Teinostachyum


১৮
থামন’কেলামাছ
Thamanocalamus


অসমত পোৱা প্ৰধান প্ৰজাতি কেইটা হ’লঃ

১
জাতি বাঁহ
Bambusa tulda
২
কাক বাঁহ
Dendrocalamus hamiltonii
৩
খং বাঁহ
Dendrocalamus longispathes
৪
মুলি বা তেৰাই
Malocanna bambusoid
৫
বজাল বাঁহ
Pscudostachyum polymorphum
৬
ডালু বাঁহ
Teinostachyum dulloo
৭
কালি বাঁহ
Oxytenanthera nigrociliata





অংগজ প্ৰজননৰ দ্বাৰা:
অংগজ প্ৰজনন বাঁহখেতিৰৰ বাবে অতি জনপ্ৰিয় পদ্ধতি। ৰাইজোম, পোখা, গাঠিৰ পৰা বাঁহ খেতি কৰিব পাৰি। বৰ্তমান কলাকৰ্ষণৰ দ্বাৰাও প্ৰজনন সম্ভৱ হৈছে যদিও পোখাৰ পৰাই সৰহ সংখ্যক খেতি কৰা হয়।
         সাধাৰণতে পূৰঠ বাঁহৰ পৰা যেতিয়া নতুনকৈ পোখা ওলায়, ১ বছৰ বা ২ বছৰীয়া পোখাবোৰ ৰুবৰ বাবে বাচনি কৰা হয়। নতুনকৈ ওলোৱা কুমলীয়া বাঁহৰ গাঁঠিত সেউজীয়া বৰণৰ এখন কলা নোমযুক্ত ঢাকনি থাকে। ১ বছৰ পাছত ঢাকনিখন মুগা বৰণৰ হৈ গাঠিৰ পৰা এৰাই যায়। গতিকে যিবোৰ বাঁহৰ তলত মুগা বৰণৰ ঢাকনিখন লাগি থাকে সেইবোৰ বাঁহেই নতুনকৈ ৰুবৰ বাবে উপযুক্ত হয়। বাঁহ ৰোৱাৰ বাবে উপযুক্ত সময় হ’ল মাৰ্চ-এপ্ৰিল।
         এজোপা বাঁহৰ পৰিধিৰ ফালে থকা পোখাবোৰ বাচনি কৰি মাটিৰ পৰা ২.৫ ৰ পৰা ৩ মি: উচ্চতাৰ গাঁঠিৰ ঠিক ওপৰতে কাটিব লাগে। তাৰপিছত মূল বাঁহৰ পৰা শিপাসহ সাৱধানে পোখাটো পৃথক কৰিব লাগে। পোখাটো উঘালি আনি লগে লগে মাটি আৰু শুকান গোৱৰেৰে ভৰাই থোৱা গাঁতত ৰোৱা উচিত। ৰোৱাৰ সময়ত মনকৰিব লাগে যাতে শিপাবোৰ একেবাৰে তলৰ গাঠিৰ সৈতে পোত খায়। কাষৰ মাটিখিনি চপাই টিপি দিব লাগে। পোখাটো ৰুওতে কাণ্ডভাগ যাতে উত্তৰ মূৱাকৈ মাটিৰ লগত ৪৫০ কোন কৰি হেলনীয়াকৈ থাকে তাৰ বাবে লক্ষ্য ৰখা উচিত। এনে কৰাৰ ফলত কাণ্ডৰ লগত  মাটিৰ সৰ্বাধিক সংস্পৰ্শ হয়। তদুপৰি সূৰ্য্যৰ তাপত মৰি যোৱা সম্ভাৱনাও কমে। কাণ্ডৰ কেঁচা অংশত গোৱৰৰ প্ৰলেপ নাইবা মাটিৰ টেকেলিৰে ঢাকি দিলেও পোখাটোৰ অনিষ্ট কম হয়।
         পোখাৰ পৰা বাঁহ খেতি কৰোতে অসুবিধাও হয়। কেতিয়াবা সোনকালে ফুলি মৰি যোৱাৰ ভয় থাকে যদিহে পোখাটো মূল বাঁহজোপাৰ ফুল ফুলাৰ সময়ত লোৱা হয়। অৱশ্যে বীজৰ পৰা বাঁহ খেতি কৰিলে সোনকালে ফুলাৰ ভয় নাথাকে।

বাঁহনি বাৰীৰ যতন:

        পানী জমা নোহোৱা সাৰুৱা মাটি বাঁহ খেতিৰ বাবে উপযুক্ত। চাহ গছৰ ওচৰত বাঁহ ৰুলে চাহ গছৰ অনিষ্ট সাধন হ’ব পাৰে। সেইবাবে বাঁহনি আৰু চাহ বাগানৰ মাজত দ খাল খান্দিব লাগে।
         বাঁহ ৰোৱাৰ পাছত মাজে-মাজে শুকান গোৱৰ বাঁহৰ গুৰিত দিয়া উচিত। পোখাটো ৰোৱাৰ পিছত যথেষ্ট ডাঙৰ নোহোৱালৈকে ওচৰৰ বন-বাত নিৰাই থাকিব লাগে। ৰাইজোম যাতে মাটিৰ পৰা মুকলি হৈ ওলাই নাথাকে, তাৰবাবে মাজে-সময়ে গুৰিত মাটি চপাই থকাটো ভাল।
         ২ বছৰৰ পাছতহে বাঁহ কটাৰ উপযোগী হয়। তাৰ আগত বাঁহ কোমল হয় আৰু ফলত ব্যৱহাৰৰ অনুপযোগী হৈ থাকে। গতিকে কুমলীয়া বাঁহৰ গাঁঠিৰ ওপৰৰ ঢাকনিখন চাই বাঁহ কটাৰ উপযুক্ত সময় হিচাপ কৰিব পাৰি।
         বাঁহজোপাৰ পৰিধিৰ বাঁহবোৰ একেলেথাৰীয়ে কাটি থকা বেয়া। ফলত বাঁহজোপাৰ কেন্দ্ৰৰ বাঁহবোৰ ঘন হৈ যায়। ঘন হোৱা মাজৰ বাঁহবোৰ মাজে সময়ে কাটি নাথাকিলে নতুনকৈ ওলোৱা বাঁহবোৰ বাঢ়িবলৈ সুবিধা নাপায়। ভাল স্বাস্থ্যৱান বাঁহ এজোপাৰ ১০% আৰু দুৰ্বল বাঁহ এজোপাৰ ৫% তকৈ অধিক বাঁহ কাটিব নালাগে। বাঁহ কাটোতে যিমান পাৰি মাটিৰ ওচৰ চপাই কটা উচিত। মাটিৰ ঠিক ওপৰৰ প্ৰথম গাঁঠিটোৰ ওপৰতে কাটিব লাগে। যদিহে সেই গাঁঠিটো মাটিৰ পৰা ৩০ ছে:মি: ওপৰত থাকে তেনেহ’লে মাটিত পোত খাই থকা প্ৰথম গাঁঠিটোতে কটা উচিত। অত্যধিক বয়সস্থ বাঁহবোৰ কাটিব লাগে। বাঁহ বৃদ্ধিৰ কালত নাইবা জুলাইৰ পাছৰ বৰষুণ জাকৰ পিছৰ ঠাণ্ডা বতৰত কাটিলে ভাল। কটাৰ পিছত বাঁহবোৰ ১-২ মাহ মান পানীত ডুবাই থব লাগে। এনে কৰিলে বাঁহবোৰ টান হোৱাৰ উপৰিও পোক-পৰুৱা, ঘূণে ধৰাৰ পৰা বিৰত থাকে।

বাঁহৰ বেমাৰ, অনিষ্টকাৰী জীৱৰ আক্ৰমণ আৰু সাৰ প্ৰয়োগ:

       এবিধ এন্দুৰে বাঁহ গছৰ মাজত বাস কৰে আৰু বাঁহৰ আগবোৰ খাই যথেষ্ট অনিষ্ট সাধন কৰে। এই এন্দুৰৰ বাঁহবোৰ ধ্বংস কৰা উচিত। কেইবিধো পলুৱে বাঁহ গাজ খাই নষ্ট কৰে। পতংগ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বাঁহ গছৰ ওপৰত সদায় চকু ৰখা উচিত আৰু উপযুক্ত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে।
         ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে বাঁহৰ বৃদ্ধি ভাল হয়। নাইট্ৰ’জেন, পটাছ, ফচফৰাচ সাৰ ২:১:২: অনুপাতত মিহিলি কৰি বছৰেকত ২ বাৰ প্ৰয়োগ কৰা উচিত।
         অসমৰ মাটি আৰু জলবায়ু বাঁহ খেতিৰ বাবে অনুকূল। সহজতে হোৱা বহুবৰ্ষীয় এইবিধ সেউজ সোণৰ খেতিৰে কৃষক ৰাইজে সহজে সোণ বুটলিব পাৰিব বুলি আমাৰ বিশ্বাস।
(বি:দ্ৰ:- লেখাটি ‘সেউজ চিন্তা’ৰ পূৰ্বৱৰ্তী সংখ্যাৰ পৰা উদ্ধৃত)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান