ড্ৰেগন ফলৰ খেতি


ড্ৰেগন ফল কি?
ড্ৰেগন ফল হল সাম্প্ৰতিক সময়ৰ এবিধ অতি উচ্চ মূল্যৰ ফল ইয়াৰ বজাৰ মূল্য প্ৰায় ২৫০ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত হয়  থাইলেণ্ড, ভিয়েটনাম, ইজৰাইল আৰু শ্ৰী-লংকাত এইবিধ ফলৰ খেতি বেছি পৰিমাণে কৰা হয় ই এবিধ কেক্-টাচ জাতীয় উদ্ভিদ আৰু ইয়াক সৌন্দৰ্যবৰ্ধনৰ বাবেও ৰোপন কৰা হয় ইয়াক ফল হিচাপে পোনে পোনে খাব পাৰি আৰু ইয়াৰ পৰা জাম, জেলি, সুৰা আদিও প্ৰস্তুত কৰাৰ লগতে আইচক্ৰীমতো ব্যৱহাৰ কৰা হয়
এই খেতি কিয় গুৰুত্বপূৰ্ণ:
মানৱ স্বাস্থ্যৰ বাবে এই ফল অতি উপযোগী, কিয়নো ই ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰে, কলেষ্টৰেলৰ পৰিমাণ কমায়, প্ৰতিজাৰক হিচাপে শৰীৰত ক্ৰিয়া কৰে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে, ওজন কমায়, হাপানী ৰোগ নিয়ন্ত্ৰণ কৰে ইত্যাদি ব্যৱসায়িকভাৱে অসমত ইয়াৰ খেতি এতিয়াও সম্প্ৰসাৰণ হোৱা নাই, কিন্তু অসমৰ বাহিৰত ৰাজস্থান, মহাৰাষ্ট, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যত এই খেতি  বানিজ্যিক সম্প্ৰসাৰণ আৰম্ভ হৈছে অসমৰ গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু টিঁয়ক কৃষি বিজ্ঞান কেন্দ্ৰত ইয়াৰ গৱেষণাও চলি আছে
অসমৰ মাটি এই ড্ৰেগন ফলৰ বাবে উপযোগী আৰু বানিজ্যিকভাবে এই খেতিৰ সম্প্ৰসাৰণ কৰাৰ বহুখিনি সম্ভাৱনা আছে বিশেষকৈ বৰষুণ নিৰ্ভৰশীল অজলসিঞ্চিত এলেকাৰ বাবে এই খেতি অতি উপযুক্ত মাটিৰ অম্লতা ৫.৫ ৰ পৰা ৭.০ হব লাগে
ড্ৰেগন ফল একোটাৰ ওজন ১৫০- ৬০০ গ্ৰাম হয়



ড্ৰেগন ফলৰ জাত:
ড্ৰেগন ফলৰ তিনিবিধ জাত সাধাৰণতে দেখা যায়-
গুলপীয়া ফল- বগা শাহ
  গুলপীয়া ফল- ৰঙা শাহ
হালধীয়া ফল- বগা শাহ





মাটি প্ৰস্তুতি:
মাটিখিনি মিহিকৈ চহাব লাগে, বনবাতখিনি নিৰাই প্ৰতি বিঘাত প্ৰায় ৩০-৩৫ কুইন্টল পচনসাৰ প্ৰয়োগ কৰিব লাগে

প্ৰৱৰ্দ্ধন আৰু পুলি ৰোপন:
ৰোপন সামগ্ৰী: সাধাৰণতে কলম পুলি ব্যৱহাৰ কৰা হয় মাতৃগছৰ পৰা ২০ ছেন্টিমিটাৰ দীঘল কলম কাটি  মাটিৰ টাবত ইয়াক গজোৱা হয় টাবত পচন সাৰ, মাটিৰ ওপৰভাগৰ সাৰুৱা মাটি আৰু বালি ১::২ অণুপাতত মিহলোৱা হয়

কেনেকৈ ৰোপন কৰিব:
পুলিৰ পৰা পুলিলৈ দূৰত্ব -  ২ মিটাৰ
শাৰীৰ পৰা শাৰীলৈ দূৰত্ব২ মিটাৰ
পুলি ৰোপনৰ বাবে ৬০ x ৬০ x ৬০ ছেন্টিমিটাৰ জোখৰ গাঁত তৈয়াৰ কৰি পচন সাৰ আৰু মাটিৰ ওপৰভাগৰ সাৰুৱা মাটিৰে পূৰ্ণ কৰিব লাগে ইয়াৰ লগত ১০০ গ্ৰাম একক চুপাৰ ফচফেট প্ৰয়োগ কৰিব লাগে
এবিঘা মাটিত প্ৰায় ৫৪৫ টা পুলি ৰোপন কৰিব পাৰি


শস্য পৰিচৰ্যা:
প্ৰতিজোপা গছকে বাঁহ বা কাঠ নাইবা কংক্ৰীটৰ খুটাত বান্ধি দিয়া হয় আৰু বাঢ়নৰ বাবে পুলিৰ পৰিচৰ্যা কৰাটো আৱশ্যক দুটা বা তিনিটা প্ৰশাখা ৰাখি বাকীবোৰ চিঙি পেলাব লাগে

সাৰ প্ৰয়োগ:
জৈবিক সাৰে ড্ৰেগন ফলৰ খেতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়ে, প্ৰথমতে প্ৰতিটো পুলিত ১০-১৫ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে পিছৰ বছৰসমুহত ২ কিলোগ্ৰামকৈ সাৰৰ পৰিমাণ বঢ়াই যাব লাগে পুলি বাঢ়নৰ সময়ত প্ৰতিটো পুলিত ইউৰিয়া- ৭০ গ্ৰাম, চুপাৰ ফচফেট- ৯০ গ্ৰাম আৰু মিউৰেট অৱ পটাছ- ৪০ গ্ৰাম প্ৰয়োগ কৰিব লাগেফলধৰা অৱস্থাত কম পৰিমাণে নাইট্ৰজেন আৰু অধিক পৰিমাণে পটাছ প্ৰয়োগ কৰিব লাগে
ফুল অহাৰ সময়ত, ফল ধৰা অৱস্থাত আৰু ফল চপোৱাৰ সময়ত প্ৰয়োগ কৰিবলগীয়া অজৈৱিক ৰাসায়নিক সাৰৰ পৰিমাণ হল-
ইউৰীয়া- ৫০ গ্ৰাম, একক চুপাৰ ফচফেট- ৫০ গ্ৰাম আৰু মিউৰেট অৱ পটাছ- ১০০ গ্ৰাম প্ৰতিজোপা গছত প্ৰয়োগ কৰিব লাগে  উক্ত সাৰৰ পৰিমাণ প্ৰতিবছৰে সৰ্বমুঠ ২২০ গ্ৰামকৈ প্ৰতিবছৰে বঢ়াই . কিলোগ্ৰামলৈকে সৰ্বোচ্চ কৰিব লাগে

জলসিঞ্চন:
ড্ৰেগন ফলক অন্যান্য উদ্ভিদৰ তুলনাত কম পৰিমাণে পানী লাগেঅৱশ্যে, পুলি ৰোপন,  ফুল অহাৰ সময়ত আৰু ফল ধৰা সম্য়ত খৰাং বতৰ হলে সঘনাই পানী যোগানৰ আৱশ্যক হয়টোপাল জলসিঞ্চন (Drip Irrigation) এইক্ষেত্ৰত অতি উপযোগী

কীট-পতঙ্গ আৰু ৰোগ:
ড্ৰেগন ফলৰ বিশেষ কোনো অনিষ্টকাৰী কীট নাইবা বেমাৰ-আজাৰ নাই

ফল চপোৱা:
সাধাৰণতে মে-জুন মাহত ফুল ফুলে আৰু আগষ্টৰ পৰা ডিচেম্বৰ মাহলৈকে ফল ধৰা সময়ফুল ফুলাৰ এমাহৰ পিছতে ড্ৰেগন ফল চপাব পাৰিপ্ৰতিজোপা গছৰ পৰা এটা ঋতুত বাৰ ফল চপাব পাৰিঅপৈণত ফলবোৰ সেউজীয়া হয় আৰু পকাৰ লগে লগে ৰঙা হবলৈ আৰম্ভ কৰেৰং সলনি হোৱাৰ দিনৰ পিছতে ফল চপাব লাগেদীৰ্ঘ দূৰত্বৰ পৰিবহনৰ বাবে ৰং সলনি হোৱাৰ দিনৰ পিছতে ফল চপাব লাগে

উৎপাদন:
এবিঘা মাটিৰ খেতিৰ পৰা বছেৰেকত গড় হিচাপে ১৫- ২০ কুইন্টল ফল চপাব পাৰি

অৰ্থনীতি: (প্ৰতি বিঘাৰ বাবে)

কাৰ্যকৰী খৰচ:

ক্ৰমিক নং
 বিৱৰণ
পৰিমাণ (টকা)
মাটিৰ ভাৰাৰ বাবদ
৩০০০
হালবোৱাৰ খৰচ
২০০০
পুলি ৰোপনৰ বাবে গাঁত খন্দা (প্ৰতিটোত ৫০/- টকাকৈ) মুঠ ৫৪৫ টা পুলিৰ বাবে
২৭, ৩০০
পচনসাৰ  (প্ৰতি কুইন্টলত ৫০০ টকাকৈ- ৩০ কু:
১৫,০০০
ৰাসায়নিক সাৰ
২০০০
বাঁহৰ খুটা ৫৪৫ টা (গোটে প্ৰতি ১৫ টকাকৈ)
৮১৭৫
টোপাল জলসিঞ্চনৰ ছেট
৭৫,০০০
ফল চপোৱাৰ খৰচ
১০,০০০

মুঠ
,৪২,৪৭৫

উপাৰ্জন:
বছেৰেকত মুঠ উৎপাদন২০০০ কিলোগ্ৰাম
প্ৰতি কিলোগ্ৰাম মূল্য২০০ টকা
মুঠ উপাৰ্জন,০০,০০০/- টকা
মুঠ লাভ : ,৫৭,৫২৫/- টকা
লাভ : খৰচ = .৫৫ :  

(কৃষি বিজ্ঞান কেন্দ্ৰ, গোৱালপাৰা আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰ, দুধনৈৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰয়াত বিজ্ঞানী উত্তম কুমাৰ বৰুৱাৰ দ্বাৰা প্ৰণিত পুস্তিকাৰ সহায়ত এই লেখা প্ৰস্তুত কৰা হৈছেফটোৰ উৎস: ইন্টাৰনেট, আপত্তিজনক হলে উৎসৰ জাননী মৰ্মে ফটো আঁতৰোৱা হব)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান