কৰতিপাৰৰ কৃষক শ্ৰীধৰ বৰা
ৰাজু কলিতা
মাজুলীৰ
কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত বাঘগাঁৱৰ শিক্ষিত যুৱক শ্ৰীধৰ বৰা।
স্নাতক
ডিগ্ৰিধাৰী চফল ডেকা শ্ৰীধৰ বৰা এজন সফল কৃষক।
বেঙ্কৰ
পৰা কোনো ঋণ নোলোৱাকৈ ১৮০ বিঘা মাটিত সৰিয়হ, ১২বিঘাত বাও ধান,
৭০ বিঘাত মাটিমাহ, ৬ বিঘাত মগুমাহৰ খেতি
কৰিছে। উৎপাদন হিছাপে ধান-৪০ কুইন্টল, মাটিমাহ-৭০ কুইন্টল, মগু মাহ-৫ কুইন্টল
আৰু সৰিয়হ-২৫০ কুইন্টল আশা কৰিব পাৰি।
বৰ্তমান বাদাম আৰু বেলি-ফুল খেতিৰ বাবে
১০০ বিঘা মাটি প্ৰস্তুত কৰিছে । এই খেতিৰ বাবে তেওঁ সাজু হৈছে যদিও বেঙ্ক নাইবা অন্যান্য
বিত্তীয় সাহাৰ্যৰ প্ৰয়োজন আছে। তেও নিজাকৈ ৩৫
বিঘা কৃষিভুমি আছে যদিও বাকীখিনি মিচিং সম্পদায় মানুহৰ পৰা বছেৰেকীয়া চুক্তিত লয়।
লক্ষ্য হ’ল, নিজে স্বাবলম্বী হোৱাৰ লগতে ক্ষুদ্ৰ উদ্যোগ স্থাপন
কৰি আন ১০ জনকো স্বাবলম্বী কৰা । যাতে নিবনুৱা সকল বৰ্হিৰাজ্যলৈ নগৈ নিজৰ ঠাইতে কৃষি
কৰ্মৰ যোগেৰে স্বাবলম্বী হব পাৰে। তেখেতৰ
মাটিখিনিত জলসিঞ্চনৰ ব্যবস্থা নাছিল, প্ৰকৃতিৰ ওপৰতে ভৰষা কৰিছিল। কিন্তু এইবাৰ কিষাণ মৰ্চাৰ সহযোগত
জলসিঞ্চন বিভাগৰ পৰা সৌৰশক্তিচালিত পাম্প এটাৰ ব্যবস্থা কৰিছে।
তেওৰ নিজা খেতি
কৰাৰ অফুৰন্ত হেঁপাহতে মহেন্দ্ৰ ফাইনেন্স পৰা মাহেকিয়া কিস্তিত পৰিশোধ কৰাৰ চুক্তিৰে
এখন ট্ৰেক্টৰ লয়। সৰিয়হৰ মুল্য সংযোজনৰ বাবে উন্নত পদ্ধতিৰ সৰিয়হৰ ঘানি মিল এটাৰ প্ৰয়োজন
তেওঁ বাৰুকৈয়ে অনুভৱ কৰিছে। পৰিয়ালৰ সকলোৰে সহযোগত শ্ৰীধৰ বৰাই কৃষিৰ
জৰিয়তেই এক সোণালী ভৱিষ্যতৰ সপোন পুহি ৰাখিছে।
আশাকৰো
তেখেতৰ সপোন অচিৰেই বাস্তৱত পৰিণত হব।
(লেখকৰ ঠিকনা: ৰাজু কলিতা, দক্ষিণপাট
কুমাৰ গাঁও, মাজুলী)