বানপানী সহনশীল ধানৰ জাতে কৃষকলৈ আনিছে আশা

জ্যোতি বিকাশ নাথ
স্বৰ্ণচাব- ধানে মুগকুছি গাঁৱলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিলে হৰেণ বৈশ্যই এইবাৰ ধান চপোৱাৰ পিছত ধানখিনি বিধান হিচাপে ৰাখিবলৈ সিদ্ধান্ত লৈছে


কাউৰেহাগী নলবাৰী জিলাৰ এখন অতি পিছপৰা গাঁও বছেৰেকত এবাৰ খেতি কৰি বিভিন্ন কাৰণত দ্বিতীয়টো খেতি কৰিবলৈ আগ নবঢ়া এটা অঞ্চল দেবেন ঠাকুৰীয়া কাউৰেহাগীৰ এজন উদ্যমী খেতিয়ক নিজৰ কৃষিভূমিত বিভিন্ন খেতিৰ জৰিয়তে উপাৰ্জন কৰাৰ লগতে বিভিন্ন কৃষিবিত্তিক অনুষ্ঠান বা কৃষি বিভাগৰ লগত যোগাযোগ ৰক্ষা কৰি চলা এজন আত্মবিশ্বাসী যুৱক নিজৰ কৃষিভূমিৰ লগতে ওচৰৰ অন্যান্য কৃষিভূমিত বানপানীয়ে প্ৰতিবছৰে সংহাৰী ৰূপ লৈ শালিধানৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে দেবেন ঠাকুৰীয়াৰ কৃষিভূমি পৰিদৰ্শন কৰাৰ পিছত নলবাৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে বানপানীৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ বাহাদুৰ চাব- নামৰ জাতৰ ধানৰ খেতি কৰিবলৈ বিধানৰ যোগান ধৰে
মনত এটি সন্দেহৰ ভাব লৈ ঠাকুৰীয়াই আন দহজন খেতিয়ককো বিধানখিনি ভগাই দিয়ে নিদিষ্ট সময়ত ধান ৰোপন কৰিলে বানপানীয়ে আগৰ দৰে সংহাৰী ৰূপ ধাৰণ নকৰিলেও ধানৰ গোঁচবোৰ প্ৰায় ১০ দিন পানীৰ তলত থাকিল কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বীলৈ ফোন কৰি ঠাকুৰীয়াই তেওঁৰ সন্দেহৰ কথা ব্যক্ত কৰিলে যে এইবাৰো শালিধানৰ গোচ পথাৰ বানে ধুই নিব কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বীয়ে কিছু ধৈৰ্য ধৰিবলৈ আশ্বাস প্ৰদান কৰি কলে যে যিহেতু আন ধান কৰিলেও লোকচান হলহেতেন, এতিয়া অলপ বাট চাওক সেইমতেই ঠাকুৰীয়াৰ লগতে আন কৃষককেইজনে সময়লৈ অপেক্ষা কৰিলে
দেবেন ঠাকুৰীয়াৰ লগতে বাকী কেইজন কৃষকৰ মুখলৈ হাঁহি বিৰিঙিল যিদিনা পকা ধানে ৰিঙিয়াই মাতিলে ধানখিনি চপোৱাৰ দিনাখন আন দহজনৰ আগত ধানৰ উৎপাদন দেখুৱাই কৈছিল, এনে ধানৰ জাতে আমাৰ এই অঞ্চললৈ এক সাংঘাটিক পৰিবৰ্তন আনিব
অসমৰ পথাৰত ৰঞ্জিত চাব-, বাহাদুৰ চাব- আৰু স্বৰ্ণ চাব- য়ে হৰেণ আৰু দেবেনহঁতৰ দৰে কাহিনী সৃষ্টি কৰিছে হয়তো অনাগত সময়ত প্ৰযুক্তিৰ জৰিয়তে অসমৰ কৃষিখণ্ড শক্তিশালী হব এনে প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে কিদৰে বীজ উৎপাদনৰ ক্ষেত্ৰত অসমৰ কৃষিখণ্ড স্বাৱলম্বী হব তাৰ প্ৰতি ইয়াৰ লগত জড়িত সংশ্লিষ্ট পক্ষই দায়ৱদ্ধতাৰে কাম কৰাৰ সময় সমাগত
 (লেখকৰ ঠিকনা: আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ গৱেষণা আৰু বিকাশ বিশেষজ্ঞ, গুৱাহাটী)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান