এই মাহত ফলমূল বাগিছাৰ পৰিচৰ্যা

ড০ ৰাজেন্দ্ৰ প্ৰসাদ দাস
কলঃ
নতুনকৈ কলৰ বাৰী পাতিবৰ বাবে মটিডোখৰ চাহ কৰি কলৰ জাত অনুযায়ী নিৰ্দিষ্ট দূৰত্বত গাঁত খন্দাৰ ব্যৱস্থা কৰক আৰু মাহটোৰ শেষৰ ফাললৈ পুলি ৰোৱা কাম আৰম্ভ কৰিব পাৰে পুৰণি কল বাৰীৰ মাটিত জীপ ৰাখিবলৈ ৮-১০ দিনৰ মূৰে মূৰে পানী দিয়াৰ ব্যৱস্থা কৰক বৰষুণ পৰিলে পানী দিয়াৰ ব্যৱস্থা কৰিব নেলাগে কল গছৰ গাত থকা শুকান পাত বা পচা পঁটুৱাবোৰ আঁতৰাই পেলাওক কলডিল ওলোৱা গছৰ গুৰিত  মাত্র এটা পোখা পুলি ৰাখিব লাগে

নাৰিকলঃ
নাৰিকল গছৰ মাটিত জীপ ৰাখিবৰ বাবে প্ৰতি ১২-১৫ দিনৰ মূৰত পানী দিয়াৰ ব্যৱস্থা কৰক পানী যোগান ধৰাৰ পিছত গছৰ চাৰিওফালে মাটিত ধানখেৰ বা মেটেকা আদি জাপি দিলে মাটিত জীপ ৰখাত সহায় হয় গছৰ গুৰিত সৰহ পৰিমাণে পচন সাৰ বা শুকান গোৱৰ প্ৰয়োগ কৰিলে মাটিয়ে পানী ধৰি ৰখাত সহায় হয় যোৱা মাহত যদি কৰা নহল, তেন্তে গছত থকা শুকান পাত বা শুকান ঠোকৰ বৌখাবোৰ বা শুকাই যোৱা ফুলৰ ঠোকবোৰ কাটি আঁতৰাই আনক আৰু তলৰ পাতবিলাকৰ গুৰিত জমা হৈ থকা শুকান ফুল বা ঘুগুলাবোৰ আঁতৰাই পৰিষ্কাৰ কৰক নতুনকৈ নাৰিকলৰ বাৰী পাতিবলৈ হলে মাটিডোখৰ চহাই নিৰ্দিষ্ট দূৰত্বত (২৫ফুট x ২৫ফুট) একোটাকৈ গাঁত খান্দক পিছত গাঁতবোৰত খেৰ বা শুকান পাত আদি ৰাখি পুৰি পেলাওক

তামোলঃ
বাৰীৰ পৰা শুকান পাতবোৰকে ধৰি বন-বাতবোৰ আঁতৰাই চাফা কৰি ৰাখক তামোল গছৰ গুৰি মাটিত জীপ ৰাখিবৰ বাবে প্ৰতি ১০-১২ দিনৰ অন্তৰত পানীৰ যোগান ধৰক যোৱা বছৰ (বহাগ-জেঠ মাহত) ৰোপন কৰা নতুন পুলিবোৰৰ গুৰিত গোৱৰ সাৰ দি মাটি চপাই দিয়ক নতুনকৈ বাৰী পাতিবলৈ হলে মাটিডোখৰ চাহ কৰি ৯ফুট x ৯ফুট দূৰত্বত একোটাকৈ গাঁত খান্দি গাঁতবোৰ শুকান পাত বা খেৰ আদি দি পুতি দিয়ক

মাটি কঠালঃ
নতুনকৈ বাৰী পাতিবৰ বাবে ওখ চাণেকীয়া মাটি বাছনি কৰি হাল-কোৰ মাৰি মাটিডৰা চাহ কৰি ৰাখক পুৰণি বাৰীত অতি খৰাং বতৰত পানীৰ যোগান ধৰক বেলেগে থুপ পাতি ৰখা পোখা পুলি বা মুকুট পোখা বা ক্ৰাউন আদিত পানীৰ যোগান ধৰি পুলিখিনি সজীৱ কৰি ৰাখক সুবিধা বুজি পুৰণি গছৰ গুৰিৰ পৰা বন-বাতবোৰ নিৰাই দিয়ক বাৰীখন যদি ৩-৪ বছৰীয়া হৈছে তেন্তে বাৰীখন নতুনকৈ পাতক

নেমুটেঙাঃ
গছৰ গুৰিৰ মাটিত যাতে জীপ থাকে তালৈ মন কৰক গছত পূৰঠ ফলবোৰ এই মাহত নেৰাখিব এই সময়ত গছত ফুলৰ কলি ওলায় আৰু কিছুমানত ফুল ফুলিবলৈ ধৰে, লগে লগে কোঁহ পাত ওলাবলৈ ধৰে গতিকে গছত পোক-পৰুৱা বা বেমাৰ নিৰাময়ৰ কাৰণে কোনো কীটনাশক নছটিয়াব গছৰ পৰা ডালবোৰ সাৱধানে কাটি দিয়ক যাতে ফুলবোৰ নসৰে গছৰ গুৰিত ২-৩ ফুট ওপৰলৈ এটা চূণৰ প্ৰলেপ দিয়ক

সুমথিৰা টেঙাঃ
নতুনকৈ যদি সুমথিৰা টেঙাৰ বাৰী পাতিবৰ কথা চিন্তা কৰিছে তেন্তে সহজে পানী ওলাই যাব পৰা ৰদঘাই ওখ চাণেকীয়া মাটি বাছনি কৰি হাল-কোৰ মাৰি চাহ কৰক আৰু প্ৰতি ৫ মি: (১৫ফুট) আঁতৰে আঁতৰে এটা গাঁত খান্দি ৰাখক এই সময়ত গছত ফুল ওলোৱাৰ সময় বাবে গছত পোক-পৰুৱা বা বেমাৰৰ কাৰণে কীটনাশক ছটিয়াব নেলাগে গছৰ পৰা শুকান ডালবোৰ কাটি দিয়ক পুৰণি বাৰীৰ মাজত থকা অপ্ৰয়োজনীয় গছবোৰ উভালি পেলাওক গছৰ গুৰিত ২-৩ ফুট ওপৰলৈ বৰডো মিশ্ৰণ’ (চূণ আৰু তুতীয়াৰ মিশ্ৰণ) মলমৰ এটা প্ৰলেপ দিয়ক গছত যদি ফুল অহা নাই তেন্তে নিৰ্দিষ্ট পৰিমাণৰ অনুসাৰৰ মিশ্ৰণ গছৰ পাতত ছটিয়াওক

অমিতাঃ
গছৰ গুৰিৰ মাটিত খৰাং বতৰত অলপীয়া জীপ ৰখাৰ ব্যৱস্থা কৰক ফলৰ আকাৰ ডাঙৰ আৰু উন্নত মানদণ্ড কৰিবলৈ হলে লাগনি গছত থকা মাজৰ সৰু সৰু ফলবোৰ চিঙি দিয়ক পকিবলৈ ধৰা পূৰঠ ফলবোৰ পাৰি আনক নতুনকৈ বাৰী পাতিবৰ বাবে ওখ বালিচহীয়া মাটি বাছনি কৰি হাল-কোৰ মাৰক আৰু ভাল সঁচৰ বীজ আনি ওখ ভেটি তৈয়াৰ কৰি বীজখিনি সিঁচি দিয়ক নতুবা সৰু সৰু পলিথিন বেগত ২-৩ টাকৈ বীজ ৰোপন কৰক


মধুৰি আমঃ
ফল নধৰা আৰু আগৰ পৰা শুকাই অহা ডালবোৰ কাটি দিয়ক গছৰ তলৰ মাটিখিনিত পাতলীয়াকৈ কোৰ মাৰক পূৰঠ হব ধৰা ফলবোৰ চিঙি আনক নতুনকৈ পুলি ৰোৱাৰ বাবে কোৰ মাৰি মাটিডোখৰ চহাই ৭-৮ মি: আঁতৰে আঁতৰে একোটা গাঁত খান্দক পুৰণি গছৰ গুৰিৰ পৰা নতুনকৈ ওলোৱা পোখবোৰ কাটি দিয়ক


আমঃ
এই সময়ত আম গছত ফুল ওলাবলৈ ধৰিছে গতিকে গছৰ তলত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক যাতে ফুলৰ ঠোকবোৰত পোকে আক্ৰমণ কৰিব নোৱাৰে ফুল ফুলাৰ সময়ত গছত পোক বা বেমাৰৰ কাৰণে কীটনাশক ছটিয়াব নেলাগে মাটিত যথেষ্ট পৰিমাণে জীপ থাকিলে অনুমোদিত পৰিমাণৰ সাৰ আৰু গোৱৰ প্ৰয়োগ কৰক গছৰ ডালত ফাটি থকা শুকান ছালবোৰ চাফা কৰক ডালৰ খোৰোংবোৰ চাফা কৰি এডোখৰ কাপোৰত কেৰাচিন বা পেট্ৰলেৰে তিয়াই আকৌ এবাৰ পৰিষ্কাৰ কৰক গছৰ গুৰিত ৩ ফুট ওপৰলৈ এটা চূণৰ প্ৰলেপ দিয়ক

লিচুঃ
লিচু গছতো এই সময়ত ফুল ফুলিবলৈ ধৰাৰ বাবে পোক বা বেমাৰৰ কীটনাশক নছটিয়াব মাটিত জীপ থাকিলে অনুমোদিত পৰিমাণৰ সাৰ অৰু গোৱৰ প্ৰয়োগ কৰক গছৰ গুৰিত ৩ ফুট ওপৰলৈ এটা চূণৰ প্ৰলেপ দিয়ক

জালুকঃ
গছৰ গুৰিত সাৰুৱা মাটি জাপি দিয়ক জালুক জোপাৰ গুৰিৰ ৩ ফুট অংশ ডাল বা পাত নোহোৱাকৈ ৰাখক তললৈ ওলমি যোৱা লতাবোৰ তুলি আশ্ৰয়কাৰী গছত বগাই যাব পৰাকৈ বান্ধি দিয়ক যদি পাতত টেমুনা পোকে আক্ৰমণ কৰিছে তেন্তে ০.% শক্তিৰ মালাথিয়নৰ মিশ্ৰণ ছটিয়াওক কাষৰ পৰা অপতৃণ বা হাবিবোৰ আঁতৰাই গছজোপা পৰিষ্কাৰ কৰি ৰাখক     
(লেখকৰ ঠিকনা: অধ্যাপক, উদ্যান শস্য বিভাগ, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান