জৈৱিক কৃষি পদ্ধতিত গো-মূত্র
তাজ আহমেদ
গো-মূত্র কৃষকৰ বাবে এক সহজলভ্য উপাদান।
আমাৰ
কৃষকসকলৰ গোঁহালিত প্ৰায়ে গৰু থাকেই। গতিকে
গো-মূত্ৰ সংগ্ৰহ কৰি ভিন ভিন মিশ্ৰণ প্ৰস্তুত কৰি কৃষকসকলে উপকৃত হ’ব পাৰে। পৰাপক্ষত
খীৰতী গাইৰ গো-মূত্র উৎকৃষ্ট।
গো-মূত্র ব্যবহাৰৰ নিম্নলিখিত কেইটামান উদাহৰণ দিয়া হ’ল-
(ক) উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে গো-মূত্র-পানীৰ মিশ্ৰণ (১০ শতাংশ গো-মূত্ৰ) যিকোনো শস্য বা ফল-মূলৰ
গছত ব্যৱহাৰ কৰিব পাৰি।
(খ) ধান খেতিত ৬ লিটাৰ গো-মূত্র
৬০ লিটাৰ পানীত মিহলাই (১ বিঘাৰ বাবে) স্প্ৰে
কৰি উৎপাদন বৃদ্ধি কৰিব পাৰি। কঠীয়া
ৰোপন কৰাৰ ১৫ দিন পিছৰ পৰা গেৰ ধৰাৰ সময়লৈকে ১৫ দিনৰ মূৰে মূৰে এই মিশ্ৰণটি ব্যৱহাৰ
কৰিব লাগে। মনত ৰাখিব লাগে যে গো-মূত্রখিনি সংগ্ৰহ কৰাৰ অতিকমেও দুদিন পিছতহে ব্যৱহাৰ কৰিব লাগে।
(গ) ধানৰ ৰোগ
প্ৰতিৰোধ কৰিবলৈ গো-মূত্র ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে কঠীয়া সিঁচাৰ আগতে গজালি মেলা
ধানখিনি দুদিন আগতে সংগ্ৰহ কৰা ১ লিটাৰ গো-মূত্র ৫ লিটাৰ পৰিষ্কাৰ
পানীত মিহলাই প্ৰস্তুত কৰা পানীত প্ৰায় ১০ মিনিট ডুবাই ৰাখিব। তাৰ পিছত ছাঁত শুকুৱাই লৈ পথাৰত সিঁচিব
লাগে।
ইয়াৰোপৰি
গো-মূত্র অমৃতাক্ৰাইচল, পঞ্চ-গব্য,
দশ-গব্য আদি প্ৰস্তুত কৰাতো গো-মূত্ৰ ব্যৱহাৰ কৰা হয়।
অমৃতাক্ৰাইচল (অমৃত পানী):
১
লিটাৰ গো-মূত্র, ১ কিলোগ্ৰাম গোৱৰ, ১০০ গ্ৰাম
গুড় বা ৬টা পকা কল একেলগে মিহলাই এটা পাত্রত সেইখিনি ১০ লিটাৰ পৰিমাণ হোৱাকৈ পৰিষ্কাৰ
পানীত মিহলাই ৪ দিনৰ বাবে থৈ দিব লাগে।
প্ৰতিদিনে
পুৱা এই মিশ্ৰণটি লৰাই থাকিব লাগে। ৪ দিনৰ
পিছত উক্ত মিশ্ৰণত পানী মিহলাই ১০০ লিটাৰ কৰিলৈ স্প্ৰে কৰিব পাৰি।
‘কাশ্যায়ম’ প্ৰস্তুত প্ৰণালী:
যিকোনো
প্ৰকাৰৰ অনিষ্টকাৰী কীট নিবাৰণৰ বাবে সাধাৰণতে কাশ্যায়ম ব্যৱহাৰ কৰা হয়।
ইয়াক
প্ৰস্তুত কৰিবৰ বাবে সাধাৰণতে অতি তিতা জাতীয় উদ্ভিদ ব্যৱহাৰ কৰা হয়।যেনে- চিৰতা তিতা,বাহেক তিতা, কালমেঘ ইত্যাদি। ২ কিলোগ্ৰাম এনে উদ্ভিদৰ ডাল-পাত সৰু সৰুকৈ কাটি এটা বহল মুখৰ পাত্রত ৮ লিটাৰ পানীৰ লগত মিহলাই কম জুইত
সিজাব লাগে। এনেকৈ সিজাই সিজাই যেতিয়া মিশ্ৰণখিনি ২
লিটাৰমান হ’ব তেতিয়া জুইৰ পৰা নমাই ঠাণ্ডা হ’বলৈ দিব লাগে। ঠাণ্ডা
হোৱাৰ পিছত মিশ্ৰণখিনি চেকি ল’ব লাগে। তাৰ পিছত প্ৰায় ৯.৫ লিটাৰ
পানীত উক্ত মিশ্ৰণটিৰ ৩০০ মি:লি: মিহলাই স্প্ৰে
কৰিব লাগে।
শস্য
গব্য:
৩৩
কিলোগ্ৰাম মিহিকৈ কাটি লোৱা বিভিন্ন গছৰ ডাল-পাত (কচু, ঢেঁকীয়া, মেটেকা আদি ল’ব পাৰে) + ৪০ কিলোগ্ৰাম গোৱৰ + ১২০ লিটাৰ পানী মিহলাই ল’ব লাগে। উক্ত মিশ্ৰণখিনি বহল মূখৰ ড্ৰাম এটাত প্ৰায়
এসপ্তাহ ৰাখিব লাগে। এসপ্তাহৰ
পিছত ইয়াক চেকি ১০ শতাংশ,
২০ শতাংশ হিচাপে গছৰ শ্ৰীবৃদ্ধি আৰু পোক-পৰুৱা
নিবাৰণৰ বাবে স্প্ৰে কৰিব লাগে।
(লেখকৰ ঠিকনা: প্ৰবন্ধক, গ্ৰীন হাৰভেষ্ট বায়’টেক (ইণ্ডিয়া) লিমিটেড, ৰাণী, কামৰূপ)