উচ্চ প্ৰযুক্তিৰ শাক-পাচলিৰ নাৰ্চাৰী : উদ্যমীসকলৰ পচন্দৰ ব্যৱসায় হ’ব পাৰে
আধুনিক নাৰ্চাৰীৰ বিষয়ে বৰ্ণনা কৰিছে
কৃষি উন্নয়ন বিষয়া কল্পনা বৰ্মনে
উচ্চ প্ৰযুক্তিৰ শাক-পাচলিৰ নাৰ্চাৰীৰ বাবে কি কি দৰকাৰ ?
v এটি অত্যাধুনিক সেউজ গৃহ বা পলিথিনৰ ঘৰ, য’ত উত্তাপ, আদ্ৰতা, পোহৰৰ মাত্ৰা তথা সময় নিয়ন্ত্ৰণ কৰিব পাৰি।
v মাটি নোহোৱাকৈ কক’পিট, ভাৰ্মিকুলাইট আৰু পাৰ্লাইটৰ মিশ্ৰণেৰে তৈয়াৰ কৰা মাধ্যম মিশ্ৰণ।
v বিভিন্ন আকাৰৰ গাঁত থকা প্লাষ্টিকৰ ট্ৰে।
v প্লাষ্টিকৰ প্লেটবোৰ কঢ়িয়াই নিবৰ বাবে ডাঙৰ আকাৰৰ ট্ৰে।
উচ্চ প্ৰযুক্তিৰ শাক-পাচলিৰ নাৰ্চাৰী স্থাপনৰ বাবে
কি কি বিষয়ত গুৰুত্ব দিব লাগে ?
Ø নাৰ্চাৰীৰ স্থানঃ ওখ আৰু পানী জমা নোহোৱা স্থানতহে এই নাৰ্চাৰী স্থাপন কৰিব লাগে। পিতনি, গৰুৰ গোঁহালি আৰু কেঁচুসাৰ থকা স্থানৰ পৰা কিছু নিলগতহে নাৰ্চাৰী স্থাপন কৰিব লাগে। নাৰ্চাৰী স্থাপন কৰা এলেকাটোত শাক-পাচলি উৎপাদন কৰা কৃষক যথেষ্ট পৰিমাণে থাকিব লাগে।
Ø পানীৰ উৎসঃ জলসিঞ্চন আৰু মাধ্যম মিশ্ৰণৰ তৈয়াৰ কৰাৰ বাবে পৰিষ্কাৰ পানীৰ উৎস।
Ø বিদ্যুৎ যোগানঃ নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত হ’ব লাগিব।
Ø শ্ৰমিকঃ সু-প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকৰ প্ৰয়োজন।
কেনেকৈ পুলি তৈয়াৰ কৰা হয় ?
প্লাষ্টিকৰ ট্ৰেবোৰত বীজ সিঁচা হয়। প্ৰতিটো গাঁতত এটাকৈ বীজ দিয়া হয়। বীজ সিঁচাৰ ১৫-২০ দিনৰ পিছত পুলিবোৰত সুঠাম শিপা ওলাই আৰু তেতিয়াই ইয়াক ৰুবৰ বাবে উপযুক্ত হয়।
জুন-জুলাই মাহৰ বাহিৰে গোটেই বছৰ ধৰি পুলি উৎপাদন কৰিব পাৰি। সুস্থ পৰিকল্পনাৰে এনেধৰণৰ নাৰ্চাৰীত বছৰি ২৫ লাখ পুলি উৎপাদন কৰিব পাৰি। পুলি উৎপাদনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিষয় হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা। প্লাষ্টিকৰ ট্ৰে আৰু মাধ্যম প্ৰস্তুত
কৰোতে এই সাৱধানতা অৱলম্বল কৰাতো অতি দৰকাৰী। সৰহকৈ পুলি উৎপাদনৰ কাৰণে স্বয়ংচালিত বীজ সিঁচা মেচিন ব্যৱহাৰ কৰা হয়। এনেকুৱা এটা মেচিনৰ মূল্য প্ৰায় ১.৫- ২.০ কোটি টকা আৰু ই ঘন্টাত ২৫০ খন ট্ৰেত বীজ সিঁচিব পাৰে। বীজৰ মূল মাধ্যম মিশ্ৰণ তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি, বীজ সিঁচা, পানী ছটিওৱাকে ধৰি সকলো কাৰ্য এই মেচিনৰ দ্বাৰাই কৰা হয়। পিছত এই ট্ৰেবোৰ জলবায়ু নিয়ন্ত্ৰিত ‘পুলি বাঢ়ন কোঠালি’ত বীজ অঙ্কুৰণৰ বাবে ৰখা হয় আৰু তাৰপিছত সেউজ গৃহৰ বেঞ্চত ৰখা হয়। সেউজ গৃহৰ উত্তাপ আৰু আদ্ৰতা শস্যৰ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰা হয়। প্ৰয়োজনীয় পুষ্টিমৌল আৰু পানী ‘বুমাৰ’ৰ জৰিয়তে পুলিবোৰক যোগান ধৰা হয়। এন: পি: কে ১৯:১৯:১৯ গ্ৰেডৰ ৰাসায়নিক সাৰ ২ গ্ৰাম/লিটাৰ হিচাপে বীজ অঙ্কুৰণ হোৱাৰ এসপ্তাহৰ পিছত প্ৰতিদিনে প্ৰয়োগ কৰিব লাগে। অন্যান্য যাৱতীয় শস্যৰক্ষা ব্যৱস্থাসমূহ আৰম্ভণিৰ পৰাই লোৱাটো অতি দৰকাৰী। বিশেষকৈ, পুলিৰ শিপা পচা/ গুৰি পচা ৰোগৰ ক্ষেত্ৰত অনুমোদিত ভেঁকুৰ-নাশক প্ৰয়োগ কৰাতো অতি দৰকাৰী।
পুলিবোৰ ৩-৪ পতীয়া হওঁতেই সেইবোৰ সবল হ’বৰ বাবে ছা-গৃহলৈ নিয়া হয়, য’ত পুলিবোৰ মূল পথাৰলৈ নিয়ালৈকে সাধাৰণ বায়ুমণ্ডলৰ পৰিবেশত ৰখা হয়। উপযুক্ত পেকিং ব্যৱস্থাৰে পুলিৰ ট্ৰেবোৰ বহুদূৰলৈকে নষ্ট নোহোৱাকৈ পৰিবহণ কৰিব পাৰি।
(লেখিকাৰ ঠিকনাঃ কৃষি উন্নয়ন বিষয়া (উদ্যান শস্য), জিলা কৃষি বিষয়াৰ কাৰ্যালয়, উলুবাৰী, গুৱাহাটী-০৭)