বৰো আৰু আগতীয়া আহু ধানৰ খেতি


কাতি মাহ সোমোৱাৰ লগে লগেই অসমত বৰোধানৰ খেতিৰ সময়ো আৰম্ভ হ অসমৰ বানাক্ৰান্ত অঞ্চলসমূহত এই বৰোধানৰ খেতিয়ে প্ৰাধান্য বিস্তাৰ কৰিছে সাধাৰণতে অক্টোবৰ-নবেম্বৰ মাহত কঁঠীয়া সিঁচি ডিচেম্বৰ-জানুৱাৰী- ফেব্ৰুৱাৰী মাহত ৰোপন কৰা হয়



জাত নিৰ্বাচনঃ

           অসম কৃষি বিশ্ব-বিদ্যালয় আৰু কৃষি বিভাগ, অসমৰ দ্বাৰা অনুমোদিত বৰোধানৰ জাতসমূহ হ- বৰো-, বৰো-, মাচুৰী, আই.আৰ-৫০, জয়মতী, বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ, দীননাথ, স্বৰ্ণাভ, কনকলতা আদি আগতীয়া আহুধানৰ জাতসমূহ হ- আই.আৰ-৩৬, লুইত, কপিলী, জয়া, গোবিন্দ  কোনো কোনো অঞ্চলত থলুৱা নামেৰে জনাজাত যেনে, বিপ্লব, ২৯, ইৰি, চাইনা বৰো ইত্যাদি কিছুমান অধিক উৎপাদনক্ষম জাতৰো খেতি কৰে অন্যহাতে বৰ্তমান সময়ত কিছুমান হ্ৰস্বম্যাদী হাইব্ৰীড জাত যেনে, এৰাইজ-৬৪৪৪, পি..চি.-৮৩২, পি..চি.-৮৩৭, এন.কে., ৰাজলক্ষ্মী, ডি.আৰ.আৰ.এইচ-২ আদি কৃষকৰ মাজত জনপ্ৰিয় হৈছে


বীজৰ পৰিমাণঃ
অধিক উৎপাদনক্ষম জাতৰ ক্ষেত্ৰত- প্ৰতি বিঘাত- .- . কিলোগ্ৰাম
হাইব্ৰীড জাতৰ ক্ষেত্ৰত- প্ৰতি বিঘাত-.- . কিলোগ্ৰাম

বীজ শোধনঃ
সিক্ত পদ্ধতিঃ মেনকজেব (. গ্ৰাম) বা কেপটান (. গ্ৰাম) বা কাৰ্বানদেজিম (. গ্ৰাম) প্ৰতি লিটাৰ পানীত মিহলাই ২৪ ঘন্টাৰ বাবে তিয়াই ৰখাৰ পিছত ৪৮ ঘন্টাৰ বাবে গাপ দিব লাগে

শুষ্ক পদ্ধতিঃ মেনকজেব (. গ্ৰাম) বা কেপটান (. গ্ৰাম) বা কাৰ্বানদেজিম (. গ্ৰাম) প্ৰতি কিলোগ্ৰাম বীজত মিহলাই ভালদৰে জোকাৰি লব লাগে


বীজতলী প্ৰস্তুতিঃ
          প্ৰতিখন বীজতলী বহলে ১২৫ ছেন্টিমিটাৰ (প্ৰায় ফুট), দীঘলে ১০ মিটাৰ (প্ৰায় ৩০ ফুট) আৰু দুখন বীজতলীৰ মাজত ৩০ ছেন্টিমিটাৰ (প্ৰায় ফুট) লাগে
          বীজতলীত উত্তাপ সৃষ্টিৰ বাবে পলিথিনৰ চালি ব্যৱহাৰ কৰিব পাৰি

কঠীয়া শোধনঃ
          মজাখোৱা, পিঁয়াজী আৰু সোহনী পোকৰ পৰা ধানখেতিডৰা ৰক্ষা কৰিবলৈ আগতীয়াকৈ কঠীয়া শোধন কৰিব লাগে ইয়াৰ বাবে প্ৰতি ১০ লিটাৰ পানীত ক্লৰপাইৰিফছ মিলিলিটাৰ আৰু ইউৰীয়া ১০০ গ্ৰাম মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰিব লাগে উক্ত মিশ্ৰণত কঠীয়াৰ শিপাখিনি ঘন্টাৰ বাবে ডুবাই ৰাখিহে ৰোপন কৰিব লাগে উক্ত পদ্ধতিৰ সলনি কঠীয়া তোলাৰ এসপ্তাহৰ আগতে কঠীয়াতলীত ফুৰাডন (প্ৰতি বৰ্গমিটাৰত গ্ৰাম) প্ৰয়োগ কৰিব লাগে অন্যথা, কঠীয়াতলীত ক্লৰপাইৰিফছ (প্ৰতি ১০ লিটাৰ পানীত মিলিলিটাৰ) ছটিয়াব (স্প্ৰে) লাগে

কঠীয়াতলীৰ যতন:
দুখন বীজতলীৰ মাজত পানী বৈ যাব পৰাকৈ ফুট বহল নলাৰ ব্যৱস্থা কৰিব লাগে পানী জমা নোহোৱাকৈ কঠীয়াতলীৰ ওপৰভাগ সমান লাগে বীজ সিঁচাৰ পিছত মাটি আৰু পচন সাৰৰ মিহলি গুড়ি মাটি পাতলীয়াকৈ ছটিয়াই দিব লাগে কঠীয়াতলী পানীৰে ভিজাই ৰাখিব লাগে
কঠীয়াতলী শেষৰবাৰ বোকা কৰোতেই ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰিব লাগে যদিও জিংক চালফেটখিনি তাৰ আগতেই মাটিত মিহলাই দিব লাগে কিয়নো জিংক চালফেট চুপাৰ সাৰৰ লগত মিহলি কৰাটো অনুচিত
কঠীয়া সিঁচাৰ ১২-২০ দিনৰ ভিতৰত ৫০ গ্ৰামকৈ ইউৰিয়া প্ৰতিখন তলীতে প্ৰয়োগ কৰিব লাগে

হাইব্ৰীড জাতৰ কঠীয়াতলীত সাৰ প্ৰয়োগ:
একঠা মাটিৰ বীজতলীৰ বাবে পচন সাৰ বা গোৱৰ সাৰ-. কুইণ্টল, ইউৰিয়া-. কিলোগ্ৰাম, একক চুপাৰ ফচফেট-. কিলোগ্ৰাম, মিউৰেট অব পটাচ-৮০০ গ্ৰাম, জিংক চালফেট-২০০ গ্ৰাম
অধিক উৎপাদনক্ষম কঠীয়াতলীত সাৰ প্ৰয়োগ:
একঠা মাটিৰ বীজতলীৰ বাবে:
পচন সাৰ বা গোৱৰ সাৰ-- কুইন্টল, ইউৰীয়া-. কিলোগ্ৰাম, একক চুপাৰ ফচফেট-৬৫০ গ্ৰাম, মিউৰেট অব পটাচ-৬৫০ গ্ৰাম, জিংক চালফেট-২০০ গ্ৰাম

কঠীয়াতলীৰ সুৰক্ষা:
যদি ব্লাষ্ট ৰোগৰ লক্ষণ ধৰা পৰে তেতিয়া কাৰ্বানডাজিম (১গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে মজাখোৱা পোক আৰু শস্যকৃমি আক্ৰান্ত অঞ্চলৰ ক্ষেত্ৰত কঠীয়া সিঁচাৰ দিনৰ পিছত কাৰ্বফুৰান দানা (প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত গ্ৰাম ) বা ডায়ঝিনন (প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত গ্ৰাম) প্ৰয়োগ কৰিব লাগে থ্ৰিপচ্ নাইবা অন্যান্য পাত সোহনী পোক বা মজাখোৱা পোকৰ আক্ৰমণ নিয়ন্ত্রণ কৰিবৰ বাবে ক্লৰপাইৰিফছ্২০ .চি.(১০ মিলিলিটাৰ ১০ লিটাৰ পানীত) বা ৰগৰ (১০ মিলিলিটাৰ ১০ লিটাৰ পানীত স্প্ৰে কৰিব লাগে

হাইব্ৰীড ধানৰ মূল পথাৰত সাৰ প্ৰয়োগ:

সাৰ প্ৰয়োগৰ সময়
প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)

ইউৰীয়া
একক চুপাৰ ফচফেট
মিউৰেট অৱ পটাচ
জিংক চালফাৰ
মাটি বোকা কৰাৰ সময়ত
১১
৫০
১০
ৰোৱাৰ সপ্তাহৰ পিছত
১১
ৰোৱাৰ সপ্তাহৰ পিছত
১১
সৰ্বমুঠ
৩৩
৫০
১০

যদি ডি..পি. সাৰ ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে -

সাৰ প্ৰয়োগৰ সময়
প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)

ইউৰীয়া
ডি..পি.
মিউৰেট অৱ পটাচ
জিংক চালফাৰ
মাটি বোকা কৰাৰ সময়ত
১৬
১০
ৰোৱাৰ সপ্তাহৰ পিছত
১১
ৰোৱাৰ সপ্তাহৰ পিছত
১১
সৰ্বমুঠ
২৭
১৬
১০

যদি এন.পি.কে. সাৰ (১৫:১৫:১৫) ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে -

সাৰ প্ৰয়োগৰ সময়
প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)

ইউৰীয়া
এন.পি.কে.
জিংক চালফেট
মাটি বোকা কৰাৰ সময়ত
-
১৯.৮৬৬
ৰোৱাৰ সপ্তাহৰ পিছত
১০
ৰোৱাৰ সপ্তাহৰ পিছত
১০
সৰ্বমুঠ
২০
১৯.৮৬৬

অধিক উৎপাদনক্ষম বৰো ধানত সাৰ প্ৰয়োগ:-
প্ৰতি বিঘাত ৰসায়নিক সাৰৰ পৰিমাণ:-
মাটিৰ ধৰণ
ইউৰীয়া
একক চুপাৰ ফচফেট  (কি:গ্ৰা:)
মিউৰেট অব পটাছ(কি:গ্ৰা)
একেবাৰে মাটি
মাটিৰ কাষৰীয়া মাটি
১২
১৮
জলসিঞ্চিত মাটি
১৮
২৯

সাৰ প্ৰয়োগৰ সময়:
বিল নাইবা পিতনিৰ কাষৰীয়া মাটিত অনুমোদিত ইউৰীয়া, একক চুপাৰ ফচফেট আৰু পটাছৰ গোটেইখিনি ৰোৱাৰ ২১-২৫ দিনৰ পিছত টপদ্ৰেচ কৰিব লাগে জলসিঞ্চিত মাটিত সমুদায় একক চুপাৰ ফচফেট আৰু পটাছ শেষৰ চাহ হালবোৱাৰ সময়ত আৰু ইউৰীয়া তিনিভাগ কৰি প্ৰথমভাগ শেষৰ চাহ হালবোৱাৰ সময়ত, দ্বিতীয়ভাগ পোখা মেলাৰ সময়ত আৰু তৃতীয়ভাগ মণি ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে একক চুপাৰ ফচফেট সাৰ ৰোৱাৰ ২৫-৩৫ দিনৰ অৰ্থাৎ সক্ৰিয় পোখা মেলাৰ সময়তো প্ৰয়োগ কৰিব পাৰি
অধিক উৎপাদনক্ষম আগতীয়া আহু ধানত সাৰ প্ৰয়োগ:
প্ৰতি বিঘাত সাৰৰ পৰিমাণ:
মধ্যমীয়া ওখ জাতৰ বাবে :- ইউৰীয়া -১২(কি.গ্ৰা), একক চুপাৰ ফচফেট-১৮ (কি.গ্ৰা), মিউৰেট অব পটাচ- (কি.গ্ৰা
ওখ জাতৰ বাবে :- ইউৰীয়া -(কি.গ্ৰা), একক চুপাৰ ফচফেট- (কি.গ্ৰা), মিউৰেট অব পটাচ- (কি.গ্ৰা)
সাৰ প্ৰয়োগৰ সময়:
          সমূদায় একক চুপাৰ ফচফেট আৰু পটাচ শেষৰ চাহ হালবোৱাৰ সময়ত  আৰু ইউৰীয়া তিনিভাগ কৰি প্ৰথমভাগ শেষৰ চাহ হালবোৱাৰ সময়ত, দ্বিতীয়ভাগ পোখা মেলাৰ সময়ত  আৰু তৃতীয়ভাগ মণি ধৰাৰ সময়ত  প্ৰয়োগ কৰিব লাগে একক চুপাৰ ফচফেট সাৰ ৰোৱাৰ ২৫-৩৫ দিনৰ অৰ্থাৎ সক্ৰিয় পোখা মেলাৰ সময়তো প্ৰয়োগ কৰিব পাৰি
(অসম কৃষি বিশ্ব-বিদ্যালয় আৰু কৃষি বিভাগ, অসমৰ অনুমোদৱালীৰ আধাৰত এই লিখনি প্ৰস্তুত কৰা হৈছে- নয়ন কুমাৰ বৰা)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান