ৰেচম শিল্পৰ জৰিয়তে আত্ম-সংস্থাপন


কৃষি প্ৰযুক্তি
অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দুৰ্গা প্ৰসাদ খনিকৰৰ চিন্তাৰে

অসমৰ ৰেচম শিল্প অতি প্ৰাচীন কৃষিভিত্তিক গ্ৰাম্য উদ্যোগ অসমত এৰী, মুগা, পাট আৰু টচৰএই ৪ বিধ পলুৰ পালন কৰা হয় প্ৰথম ৩ বিধ সকলো জিলাতে পালন কৰা হয় যদিও টচৰ পলু সামান্য পৰিমাণে ডিমা হাচাও জিলাত কৰা হয় অসমৰ প্ৰায় ৭০০০ খনতকৈ অধিক গাঁৱৰ প্ৰায় ২ লাখ পৰিয়ালে ৰেচম শিল্পৰ লগত জড়িত হৈ আছে

এই শিল্পৰ সুবিধাসমূহ হৈছে-


·      কম মূলধন খটুৱাই উপাৰ্জন কৰিব পাৰি

·      অতি কম দিনতে ( -/ মাহ) উৎপাদন আৰু অৰ্থ উপাৰ্জন কৰিব পাৰি
·      অসমৰ মাটি, জলবায়ু তথা প্ৰাকৃতিক পৰিবেশ ৰেচম পলু আৰু ইয়াৰ খাদ্যবৃক্ষৰ বাবে উপযুক্ত
·      খাদ্যবৃক্ষ ৰোপনৰ জৰিয়তে পলু পালনৰ উপৰিও প্ৰদূষণমুক্ত পৰিবেশ সংৰক্ষণ কৰিব পাৰি
·      ৰেচম সূতা মানুহৰ ছালৰ বাবে বন্ধুত্বসূলভ হোৱা বাবে ই পশ্চিমীয়া ধনী দেশৰ লোকৰ বাবে বৰ আদৰৰ সেয়ে ইয়াৰ বস্ত্ৰ বিদেশলৈ ৰপ্তানি কৰি বৈদেশিক মূদ্ৰা উপাৰ্জন কৰি অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব পাৰি
·      অতি দুখীয়া , ভূমিহীন লোকেও ৰেচম পলু পালন কৰি উপাৰ্জন কৰিব পাৰে
·      থলুৱা প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব পাৰি

কেচেৰু গছ
এৰী শিল্পঃ
        ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতে ৯৫ শতাংশ এৰী পলু উৎপাদন হয় আৰু অসমত ৫০ শতাংশ উৎপাদন হয় এৰী শিল্পৰ লগত অসমৰ প্ৰায় ডেৰ লাখ পৰিয়াল জড়িত হৈ আছে কাৰ্বি-আংলং, কোকৰাঝাৰ, লক্ষিমপুৰ, ধেমাজী, কামৰূপ, গোৱালপাৰা, যোৰহাট, দৰং আদি জিলাত এৰী পলু পালন কৰা হয়
        এৰী পলুৱে প্ৰধানকৈ এৰা আৰু কেচেৰু গছৰ পাত খোৱাৰ উপৰিও বৰপাত, বৰকেচেৰু, শিমলু আলু, পায়াম, কহা আদিৰ পাতো খায়  এৰী পলুৰ বাবে এৰা গছৰ পাত সৰ্বোৎকৃষ্ট যদিও ইয়াৰ পাত গোটেই বছৰ জুৰি পোৱা নেযায় সেয়ে ৬  মাহৰ মূৰে মূৰে ইয়াৰ বীজ সিঁচিব লগীয়া হয় সেয়ে, বহুবৰ্ষী খাদ্যৰ গছ বিশেষকৈ বৰপাত, বৰকেচেৰু আদিৰ গচ ৰোপন কৰি এৰীৰ উৎপাদন বৃদ্ধি কৰিব পাৰি ইয়াৰ পাতত গোটেই বছৰ জুৰি এৰী পলু পালন কৰিব পাৰি

এৰা গছ ৰোপন আৰু কৃষি পদ্ধতিঃ
        ইয়াৰ বাবে ওখ, পানী জমা নোহোৱা মাটিৰ দৰকাৰ হয় মাটিখিনি ২-৩ বাৰ হাল বাই শাৰী আৰু পুলিৰ মাজত ১ মিটাৰকৈ ব্যৱধান ৰাখি ২৫x ২৫ x ২৫ ছেন্টিমিটাৰ জোখৰ গাঁত খান্দিব লাগে উক্ত গাঁতত প্ৰায় ১ কিলোগ্ৰাম শুকান গোৱৰ বা পচন সাৰ মাটিখিনিত মিহলাই দিব লাগে বীজ সিঁচাৰ বাবে উপযুক্ত সময় হল চ-বহাগ আৰু আহিন-কাতি মাহ প্ৰতিটো গাঁততে ২-৩ ছেন্টিমিটাৰ দকৈ ২ টাকৈ বীজ পুতিব লাগে -৩ দিনৰ মূৰে মূৰে পানী দিব লাগে -১০ দিনৰ ভিতৰত বীজ অঙ্কুৰিত হয় গঁজালি ওলোৱাৰ ২-৩ সপ্তাহৰ পিছত প্ৰতিটো গাঁতত ১ টাকৈ পুলি ৰাখি বাকীবোৰ উভালি পেলাব লাগে যদি প্ৰয়োজন হয়, প্ৰতিটো গাঁতত ইউৰীয়া-১৩ গ্ৰাম, একক চুপাৰ ফচফেট -২৫ গ্ৰাম আৰু মিউৰেট অব পটাচ -৩ গ্ৰাম ৰিং পদ্ধতিত প্ৰয়োগ কৰিব পাৰি গোটেই বছৰ জুৰি ৪ বাৰ এৰা পাত সংগ্ৰহ কৰিব পাৰি প্ৰথমবাৰ সংগ্ৰহ কৰাৰ পিছত  প্ৰতিটো গাঁতত পুনৰ ইউৰীয়া-৭ গ্ৰাম আৰু ১০ গ্ৰাম পচন সাৰ প্ৰয়োগ কৰিব পাৰি


কেছেৰু গছ ৰোপন আৰু কৃষি পদ্ধতিঃ
        বীজ সিঁচাৰ বাবে উপযুক্ত সময় হল ফাগুণ-ত মাহ পুলি ৰোপন ভাদ-আহিন মাহত কৰিব লাগে  শাৰী আৰু পুলিৰ মাজত ২ মিটাৰকৈ ব্যৱধান ৰাখিব লাগে বৰপাত আৰু বৰকেচেৰু পুলি ৰোপনৰ বাবে শাৰী আৰু পুলিৰ মাজত ৩ মিটাৰকৈ ব্যৱধান ৰাখিব লাগে বৰপাতৰ বীজ সংগ্ৰহ আৰু সিঁচাৰ সময় চ-বহাগ পুলি ৰোপনৰ সময় ভাদ-আহিন আৰু বহাগ-জেঠ মাহ বৰকেচেৰুৰ  বীজ সংগ্ৰহ আৰু সিঁচাৰ সময় বহাগ-জেঠ মাহ আৰু পুলি ৰোপনৰ সময় ভাদ-আহিন/ বহাগ-জেঠ মাহ

অৰ্থনৈতিক দিশঃ
        আধা মাটিত ১ মিঃx ১ মিঃ ব্যৱধানত এৰা গছ ৰুই ৪ বাহত  ১০০ চকৰী কণী পলু পুহিব পাৰি আৰু ইয়াৰ পৰা ৮-১০ কিলোগ্ৰাম বাহ (লেটাবিহীন) উৎপাদন কৰিব পাৰি উক্ত বাহৰ পৰা ৫-৬ কিলোগ্ৰাম এৰী সূতা পাব পাৰি বৰ্তমান প্ৰতি কিলোগ্ৰাম বাহৰ (লেটাবিহীন) মূল্য ৩০০-৭৫০ টকা আৰু সূতাৰ মূল্য ১৪০০-১৬০০ টকা
        ৰেচম সূতাৰ ভিতৰত এৰী সূতা গৰম আৰু দীৰ্ঘস্থায়ী ঊণ সূতাৰ বিকল্প হিচাপে এৰী সূতা একমাত্ৰ প্ৰাকৃতিক সূতা হোৱা বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ প্ৰচুৰ চাহিদা আছে
(লেখকৰ ঠিকনাঃ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক, ৰেচম বিভাগ, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট) 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান