শালিধানৰ অনিষ্টকাৰী কীটৰ শস্যৰক্ষা


গা-গছ ছিদ্ৰকাৰী বা মজ্জা-খোৱা পোক
Scirpophaga incertulas (Pyralidae: Lepidoptera)
-       মজ্জা-খোৱা পোকে ধানৰ কঠীয়াতলী, ৰোৱাৰ পিছত মূল পথাৰত, গেৰ ধৰা অৱস্থাত আৰু ঠোকৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰিব পাৰে

-       মজ্জা-খোৱা পোকে ধানৰ পাতত কণী পাৰিলে তাৰ পৰা ওলোৱা  পলুৱে বৌখাৰ ভিতৰত সোমাই প্ৰথমে সেউজীয়া অংশ খাই আৰু পিছলৈ ঠোৰৰ ভিতৰত সোমাই ধানৰ মজ্জা অংশ খায়ফলত ধানৰ ঠোৰটো গোটা হৈ লাহে লাহে ৰঙা পৰি যায় ঠোৰটো টানি দিলে সহজেই ওলাই আহে


-       গেৰ ধৰা সময়ত ঠোৰৰ ভিতৰত সোমাই অনিষ্ট কৰিলে ধানৰ ঠোকটো ওলালেও পতান হয় আৰু বগা পৰি শুকাই যায়

মজ্জা-খোৱা পোকৰ নিয়ন্ত্রণ
-       কঠীয়াতলিত আক্ৰমণ কৰিলে ৰোৱাৰ আগতে কঠীয়া শোধন কৰিব লাগে প্ৰতি ১০ লিটাৰ পানীত ক্লৰপাইৰিফচ ২মি:লি: আৰু ইউৰীয়া ১০০ গ্ৰাম মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰিব লাগে উক্ত মিশ্ৰণত ঘন্টাৰ বাবে কঠীয়াৰ শিপাখিনি ডুবাই লৈহে ৰোপন কৰিব লাগে
-       ৰোৱাৰ পিছত মজ্জা-খোৱা পোকৰ আক্ৰমণ চলি থাকিলে (প্ৰতি বৰ্গ মিটাৰত টা মথ) প্ৰতি লিটাৰ পানীত ক্লৰপাইৰিফচ-২মি:লি: স্প্ৰে কৰিব লাগে

মজ্জা-খোৱা পোকৰ জৈৱিক নিয়ন্ত্রণ
-       ট্ৰাইকগ্ৰামা পোকৰ প্ৰায় ৭০০০ কণী প্ৰতি বিঘা ধাননি পথাৰত মেলি দিলে মজ্জা-খোৱা পোকৰ নিয়ন্ত্রণ হয় ইয়াৰ বাবে প্ৰতিখন ট্ৰাইককাৰ্ড -১২ টুকুৰা কৰি পথাৰডৰাৰ বিভিন্ন স্থানত ধানৰ পাতত আঠা লগাই আঁৰি দিব লাগে
-       হালবোৱাৰ সময়ত নিমৰ খলিহৈ (প্ৰতি বিঘাত ১২-১৫ কিলোগ্ৰাম) প্ৰয়োগ কৰিলেও  মজ্জা-খোৱা পোকৰ কিছু পৰিমাণে নিয়ন্ত্রণ হয় ফেৰম ট্ৰেপ জৰিয়তেও মজ্জা-খোৱা পোক নিয়ন্ত্রণ কৰিব পাৰিপ্ৰতি বিঘা মাটিত খন ট্ৰেপ ব্যৱহাৰ কৰিব লাগে
-     মজাখোৱা পোক প্ৰতিৰোধ কৰিব পৰা ধানৰ জাত নিৰ্বাচন কৰিব লাগে
-     কঠীয়াতলীত আৰু ৰোপনৰ সময়ত  কণীবোৰ হাতেৰে মোহাৰি নষ্ট কৰিব লাগে
-      মাজে-সময়ে পানী সুমুৱাই ধানৰ গোছাৰ নিম্নাংশত গোট খাই থকা কণীবোৰ ধ্বংস কৰিব পাৰি।
-      ৰোৱাৰ আগতে কঠীয়াৰ আগবোৰ কাটি ললে মূল পথাৰলৈ কণীবোৰ সৰবৰাহ হোৱাত বাধা হয়।
-     নিৰ্দিষ্ট সময়ত একেলগে গোটেই পথাৰডৰাতে কঠীয়া ৰোৱা, শস্য চপাওতে গুৰিলৈকে কটা, জাৱৰ-জোঠৰ পৰিষ্কাৰ কৰা ইত্যাদি
-    প্ৰাকৃতিক শত্ৰু যেনে ট্ৰাইক’গ্ৰামা, মকৰা, লেডি বাৰ্ড বিটল, পৰুৱা আদি জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থাক শক্তিশালী কৰিব লাগে
-      নাইট্ৰজেনজাতীয় সাৰ নিৰ্দিষ্ট সময়ত ভাগ কৰি ব্যৱহাৰ কৰিব লাগে

পাতমেৰোৱা পোক (Leaf Folder)
Cnapholocrocis medinails (guenee), Lepidoptera : Pyralidae

-     পাতমেৰোৱা পোকে ধানৰ পাত মেৰিয়াই তাৰ ভিতৰত সোমাই থাকে আৰু সেউজীয়া অংশখিনি খাই অনিষ্ট কৰে পিছত পাতখিলা বগা হৈ শুকাই যায়
-       বেছিকৈ আক্ৰান্ত হোৱা পথাৰডৰাত কোনো কোনো অংশ একেলেঠাৰিয়ে বগা হোৱা দেখা যায়
- প্ৰতি জোপা ধান গছত এখিলাকৈ বেছি পাত অনিষ্ট কৰিলে প্ৰতি লিটাৰ পানীত ক্লৰপাইৰিফচ-২মি:লি: স্প্ৰে কৰিব লাগে
-       জৈৱিক কীটনাশক নহৰু,আদা আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ স্প্ৰে কৰিব লাগে


টুপলিকটা পোক (Rice Case Worn)
Nymphula depunctalis guen (Lepidoptera : Pyralidae)


-      টুপলিকটা পোকে ধানৰ পাত ছুটি ছুটিকৈ কাটি অনিষ্ট কৰে পাতখিলা দীঘলে দীঘলে মেৰিয়াই আৰু ভাঁজ খাই ওলমি থাকেকিছুমান পাত পানীৰ ওপৰত ওপঙি থাকে
-      পানী বন্ধ হৈ থকা অংশত এই পোকৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়
-      প্ৰতি জোপা ধান গছত এটা বা দুটা পাত আক্ৰান্ত  হলে প্ৰতি লিটাৰ পানীত কুইনালফছ ২৫ .চি. ( লিটাৰ পানীত . মিলিলিটাৰ হিচাপে) স্প্ৰে কৰিব লাগে
-      কেৰাচিনত ডুবোৱা মৰাপাটৰ ৰছী ধাননিৰ ওপৰেদি চলাই দিলে বহূখিনি পোক নিয়ন্ত্রণ হয়

পিঁয়াজী পোক (Gall Madge)
Orseolla oryzae (Wood mason ) (Diptera : Cecidomyiidae)

-       এই পোকে আক্ৰমণ কৰিলে ধানৰ আগ পাত নলা আকৃতিৰ অৰ্থাৎ পিঁয়াজ পাতৰ সদৃশ হয় আৰু বেছিকে আক্ৰান্ত পথাৰত ধানগছৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়
-       প্ৰতি বৰ্গমিটাৰত এডালকৈ পোখা আক্ৰান্ত হলে ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে

সেউজীয়া সোহনি পোক (Green Leaf Hopper)
Nephotettix virescens (distant) Homoptera : (Cicadellidae)


-       এই পোকে ধানৰ পাতৰ আগ অংশৰ সেউজীয়া অংশ খাই, আগবোৰ হালধীয়া পৰে আৰু বৃদ্ধি বাধাপ্ৰাপ্ত হয়
-       এই পোকে টুংৰু ভাইৰাছৰ বিজাণু বহন কৰি শস্যৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে বেছিকৈ আক্ৰান্ত পথাৰত প্ৰতি লিটাৰ পানীত ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে
-       নিমতেল আৰু কৰছ গছৰ গুটিৰ তেল : হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহূ পাৰিমাণে নিয়ন্ত্রণ হয় আলি বা পথাৰৰ কাষৰ বন-বাত আদি আঁতৰাই পেলাব লাগে যাতে সেইবোৰত সিহতে কণী পাৰিব নোৱাৰে

মুগা বৰণীয়া সোহনি পোক (Brown Plant Hopper)
Nilaparvata lugens (STAL) Homoptera : Delphacidae


-       এই পোকে আক্ৰমণ কৰিলে পথাৰডৰা পুৰি ডেই যোৱা নিচিনা হয় আক্ৰান্ত পথাৰডৰাত ডোখৰ ডোখৰকৈ শুকাই যোৱা লক্ষণ দেখা যায়

-       পথাৰেদি খোজ কাঢ়ি গলে সোহনি পোকবোৰ উৰি ফুৰা দেখা যায়
-       প্ৰাপ্তবয়স্ক পোকবোৰে ধানগছৰ নিম্নাংশত পাতৰ ৰস শুহি খায় ধানৰ পাতবোৰ প্ৰথমে হালধীয়া হয় আৰু পিছত শুকাই যায়
-       বেছিকৈ আক্ৰান্ত পথাৰত ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে
-       নিম তেল আৰু কৰছ গছৰ গুটিৰ তেল :৪হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহু পৰিমাণে নিয়ন্ত্রণ হয়

হৰ্ল মেগট্ (Whorl Maggot)
Hydrellia spp (Diptera:Ephydridae)


-       ধানজোপাৰ কেন্দ্ৰীয় পাতৰ ৰং শেতা হৈ হালধীয়া হৈ পৰে আৰু লাহে লাহে শেতা হৈ পৰে
-    ধান ৰোৱাৰ ৩০ দিনৰ পিছত ২০ শতাংশ পাত আক্ৰান্ত হলে ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে
-       নিমতেল আৰু কৰছ গছৰ গুটিৰ তেল :৪হিচাপে মিহলাই পানীৰ লগত স্প্ৰে কৰিলে এই পোক বহু পৰিমাণে নিয়ন্ত্রণ হয়

চৰহা পোক (Hispa)
Dicladispa armigera (oliver) (Coleoptera : Chrysomelidae)

-      আক্ৰান্ত ধানৰ পথাৰত চিৰিলা চিৰিলিকৈ বগা হৈ পৰে পাতৰ ভিতৰত পলুবোৰ সোমাই থাকে আৰু দৰ পোহৰৰ ফালে দি চালে দেখা পোৱা যায়
-       আক্ৰান্ত পথাৰডৰা আঁতৰৰ পৰা চালে সম্পূৰ্ণ বগা ৰঙৰ হয়
-       পোকবোৰ জাক পাতি এডৰা ধাননিৰ পৰা আনডৰা ধননিলৈ বিয়পি পৰে
-       নিয়ন্ত্রণৰ বাবে গোটেই পথাৰডৰাতে সমূহীয়া ব্যৱস্থা লব লাগে
-       পথাৰত জেং পুতি দিব লাগে
-       বেছিকৈ আক্ৰান্ত পথাৰত ক্লৰপাইৰিফচ (প্ৰতি লিটাৰ পানীত ২মি:লি) স্প্ৰে কৰিব লাগে

গোন্ধী পোক (Rice bug)
Leptocorisa oratorius (Hemiptera: Alydidae)


-       ধানৰ গাখীৰতী  অৱস্থাত এই পোকে আক্ৰমণ কৰে ফলত ধানবোৰ কলা হৈ পতান হৈ পৰে
-  গান্ধী পোকৰ আক্ৰমণ (প্ৰতি বৰ্গমিটাৰত - টা) লে বিঘাই প্ৰতি .-. কিলোগ্ৰাম মালাথিয়ন পাউদাৰ(%) ছটিয়াব লাগে আক্ৰান্ত পথাৰডৰা আঁতৰৰ পৰা চালে সম্পূৰ্ণ বগা ৰঙৰ হয়

শূৰ পোক Swarming Caterpillar (Spodoptera mauritia Boisduval)
আৰু ধানৰ ঠোক কটা পোক Climbing Cutworm (Mythimma separate walker)

-       শুৰ-পোক আকস্মিকভাৱে আবিৰ্ভাৱ হোৱা আৰু মাজে-সময়ে শস্যৰ ব্যাপক ক্ষতি সাধন কৰিব পৰা এবিধ অনিষ্টকাৰী পোকসাধাৰণতে ই বহুশস্যভোজী, বিভিন্নধৰণৰ ঘাঁহ জাতীয় শস্য আৰু অপতৃণক আক্ৰমণ কৰে
-       বিধ প্ৰজাতিৰ শুৰ পোক দেখিবলৈ পোৱা যায়
-    ধানগছত এই পোকে ২৫-৪০ দিনৰ ভিতৰত এটি জীৱন চক্ৰ সম্পূৰ্ণ কৰেপ্ৰাপ্ত বয়স্ক মাইকী শূৰ পোকে ঘাঁহ-বনত নাইবা ধানৰ কঠীয়াত কণী পৰাৰ পিছত ৩-৯ দিনত ই পলুলৈ ৰুপান্তৰিত হয়পলু অৱস্থাতে ই ১৭-৩২ দিন থকাৰ পিছত ই লেটা বান্ধেলেটা অৱস্থাত ৭-১০ দিন থকাৰ পিুছত ই পুণৰ প্ৰাপ্তবয়স্ক পোকলৈ পৰিগণিত হয়এজনী প্ৰাপ্তবয়স্ক মাইকী শূৰ-পোকে ৫-৬ টা থুপত কণী পাৰে আৰু এটা থুপত প্ৰায় ১৫০-২০০ টা কণী থাকে

শূৰ-পোকৰ আক্ৰমণ বৃদ্ধি হোৱাৰ কাৰকসমূহ:  

-       দীঘলীয়া সময়ৰ খৰাং বতৰৰ পিছত প্ৰবল বৰষুণ
-     বতাহ আৰু ধুমুহা বৰষুণে প্ৰাপ্ত-বয়স্ক পোকবোৰক বহুদূৰলৈ উৰুৱাই নি ইয়াক ন ন অঞ্চলত বিয়পাই তোলে
-     ধানখেতিৰ অবৰ্তমানত ই বিকল্প আশ্ৰয়স্থলীত থাকি বাৰিষাকালত হোৱা শালিধানৰ খেতিত আক্ৰমণ কৰে
-      প্ৰবল বৰষুণে এই পোকৰ পলু অৱস্থাৰ যথেষ্টখিনি ধবংস কৰিব পাৰে
-      ধানগছ পুৰঠ হোৱাৰ লগে লগে এই পোক ওচৰৰ ঘাঁহ-বননিলৈ আতৰি যায় আৰু তাতে আশ্ৰয়স্থলী হিচাপে লৈ পিছৰ বছৰৰ ধানখেতিৰ বাবে অপেক্ষা কৰে

 শুৰ-পোক নিয়ন্ত্রণৰ পৰম্পৰাগত পদ্ধতিসমূহ:
-     সঘনাই শুৰ-পোক হোৱা অঞ্চলসমূহত শস্যাৱৰ্ত্তন কৰাঅৰ্থাৎ একেডৰা মাটিতে কেৱল ধানখেতি নকৰি সলাই পেলাই মৰাপাট নাইবা অন্য শস্যৰ খেতি কৰা
-      গ্ৰীষ্মকালত দকৈ মাটি চহোৱা যাতে পলু বা লেটাবোৰ ৰদত ওলাই পৰে আৰু চৰাই-চিৰিকতিয়ে সেইবোৰ খাই অনিষ্ট কৰে
-   অলগিতায়াল বন-বাত নাইবা অদৰকাৰী কঠিয়াতলী পথাৰৰ আৰু আলিবোৰৰ পৰা আঁতৰাই পেলোৱা
-    কঠিয়াতলী নাইবা শস্য পথাৰত পানী সুমুৱাই দিলে পলু নাইবা লেটাবোৰ ওপঙি পৰে আৰু ৰাই-চিৰিকতিয়ে সেইবোৰ খাই অনিষ্ট কৰেপথাৰৰ মাজত হাঁহৰ জাক মেলি দিলেও সিহঁতে পলুবোৰ খাই পেলাই
-      পথাৰত জেং পুতি দিলে চৰাই বহিবলৈ সুবিধা হয়
-    বেছিকৈ আক্ৰান্ত ধানখেতিৰ পথাৰত সৰু সৰু ডৰাবোৰ খালি খান্দি পৃথক কৰিব লাগে, যাতে সিঁহতে সহজে অন্য এডৰা পথাৰলৈ বিয়পিব নোৱাৰে

শুৰ-পোক নিয়ন্ত্রণৰ দৈহিক পদ্ধতিসমমুহ:  
-       এই পোকবিধে পানীত সাঁতুৰিবলৈ অসুবিধা পায় বাবে ধানৰ গছত বগাই থাকিহে পাত খায়সেয়ে ধানখেতিৰ আলিবোৰৰ মাজত আৱদ্ধ হৈ থকা পানীত কেৰাচিন তেল ঢালি (প্ৰতি বিঘাত ২৭০ মি:লি:), দুজন মানুহে এডাল ৰচিৰে দুমুৰে ধৰি ধানগছবোৰৰ ওপৰেদি জোৰেৰে টানি দিব লাগে যাতে পোকবোৰ পানীত পৰি যায়তেতিয়া পোকবিধৰ বহুলাংশে নিধন হয়
-    ধানখেতিৰ আলিবোৰত মালাথিয়ন-% গুড়ি বা ক্লৰপাইৰিফছ-.%গুড়ি (বিঘাই প্ৰতি ৩.৩ কি:গ্ৰা:) ছটিয়াব লাগে, যাতে এডৰা পথাৰৰ পৰা আন এডৰা পথাৰলৈ ই বগাই যাব নোৱাৰে
-       পোহৰ ফান্দৰ জৰিয়তে প্ৰাপ্তবয়স্ক শুৰ-পোক আৱদ্ধ কৰি ইয়াৰ বংশ বৃদ্ধি নিয়ন্ত্রণ কৰিব পাৰি

(বিভিন্ন উৎসৰ সহায়ত এই লেখা প্ৰস্তুত কৰা হৈছে- নয়ন কুমাৰ বৰা)


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান