কৃষকৰ মনৰ কথা : মই মাজুলীৰ ভকত চাপৰিৰ এজন কৃষকে কৈছো...


বসন্ত বৰা

মোৰ নাম বসন্ত বৰা মই মাজুলীৰ অৰ্থনৈতিক ভঁৰাল স্বৰূপ এটি কৃষি প্ৰধান চাপৰি গাওঁ ভকত চাপৰিৰ এজন কৃষক আমাৰ গাওঁখন বুৰঞ্জী প্ৰসিদ্ধ আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান আউমী আটী সত্রৰ নিচেই ওচৰতে অৱস্থিত মোৰ পিতৃৰ নাম মৃত দেবেশ্বৰ বৰা আৰু মাতৃৰ নাম পুতলী বৰা মই এজন খাটিখোৱা কৃষক মোৰ কৃষি ভূমিৰ পৰিমাণ প্ৰায় ৩০ বিঘা যদিও আনৰ ভূমি চুক্তিৱদ্ধ হিচাবে লৈ প্ৰায় ৫০ বিঘা মাটিত খেতি-বাতি কৰি আহিছোমোৰ কৃষি শস্যৰ খৰচ আৰু উৎপাদনৰ বিৱৰণ তালিকাত উল্লেখ কৰা হ



শস্যৰ নাম
মাটিৰ পৰিমাণ (বিঘা)
প্ৰতি বিঘাত খৰছ (টকা)
মুঠ খৰছ (টকা)
প্ৰতি বিঘাৰ উৎপাদন (টকা)
মুঠ আয় (টকা)
মুঠ লাভ (টকা)
) কুঁহিয়াৰ
১৬,০০০
,১২,০০০
২৫,০০০
,৭৫,০০০
৬৩,০০০
) ধান
১০
২০০০
২০,০০০
,৫০০
৩৫,০০০
১৫,০০০
) শাক-পাচলী
৫০০০
৩০,০০০
২০,০০০
,২০,০০০
৯০,০০০
) মাহ জাতীয় শস্য
১৫
১০০০
১৫,০০০
,০০০
,০৫,০০০
৯০,০০০
) সৰিয়হ
১৫
৩০০০
৪৫,০০০
,৫০০
৯৭,৫০০
৫২,৫০০
) তিল
২০
২০০০
৪০,০০০
,০০০
,৬০,০০০
,২০,০০০
) নহৰু
,০০০
,০০০
১০,০০০
১০,০০০
,০০০
) আলু
১০,০০০
১০,০০০
১৫,০০০
১৫,০০০
,০০০
) কচু
,০০০
,০০০
১০,০০০
১০,০০০
,০০০
১০) নেমু
,০০০
,০০০
৩০,০০০
৬০,০০০
৫৪,০০০
১১) তামোল
,০০০
,০০০
,০০০
১০,০০০
,০০০
১২) নাৰিকল
৫ জোপা
,০০০
,০০০
২৫,০০০
২৫,০০০
২৪,০০০
১৩) বাহঁ
৪০০০
,০০০
১০,০০০
১০,০০০
,০০০
মুঠ


,৯৪,০০০

,৩২,৫০০
,৩৮,৫০০

তালিকাত উল্লেখ কৰা খেতিবোৰ প্ৰতি বছৰে একে নেথাকে কাৰণ প্ৰতি বছৰেএকে পৰিমাণৰ মাটিত খেতি কৰিব পৰা নহয় আকৌ খেতি কৰিলেও উৎপাদন প্ৰতি বছৰে একে নহয় কাৰণ কোনোবা বছৰ বতৰ খৰাং, আকৌ কোনোবা বছৰ অধিক বৰষুণ,  বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত খেতিৰ উৎপাদনত একেবাৰে নগন্য হয় আকৌ খেতি কৰাৰ সময়ত কাম কৰা বনুৱা নোপোৱাৰ বাবেও কেতিয়াবা উৎপাদন কমি যায়
যদিও বিভিন্ন চৰকাৰী সাহাৰ্য সময়ে সময়ে পোৱা হয় বীজ পাওতে কিন্তু প্ৰতি বছৰে কিছু পলম হয়

মোৰ ১ খন পাৱাৰ টিলাৰ, পানী যোগান ধৰিব পৰা পাৱাৰ পাম্প সৈতে অগভীৰ নলীনাদ, স্প্ৰীংককুলাৰ ছেট, হাল বোৱা গৰু, বন নিৰণি যন্ত্র, বিদ্যুত চালিত পানী উত্তোলন মেচিন, মেচিন চালিত কুঁহিয়াৰ পেৰা সজুলি আদি আছে এইবিলাকৰ কিছুমান ৰেহাই মূল্যত কৃষি বিভাগৰ পৰা পোৱা হৈছিল
২০০১ চনৰ মানৰ পৰাই মোৰ এই কৃষি জীৱন আৰম্ভ হৈছিল তাৰ আগতে দেউতা আৰু দাদাহঁতৰ পৰা কিছু কথা শিকিছিলো কৃষি কাৰ্যত সাৰ প্ৰয়োগ কীটনাশকৰ ব্যৱহাৰৰ ওপৰত  কৃষি বিভাগৰ পৰাও বহুকেইটা প্ৰশিক্ষণ পাইছো
কৃষি ঋণৰ ক্ষেত্রত মই ২০১০ চনৰ পৰাই অসম গ্ৰামীণ বিকাশ বেংক, গড়মূৰ শাখাৰ পৰা ঋণ লাভ কৰিছো বৰ্তমান মোৰ কৃষি ঋণ ২লাখ টকা
খেতি-বাতিৰ লগতে মোৰ ছাগলী পালন আছে মোৰ ১০ জনী ছাগলী আছে চৰকাৰ ফালৰ পৰা ২০১০ চনতে এটা বিটল মতা ছাগলী মোক প্ৰদান কৰিছিল আৰু তাৰ পৰা যথেষ্ট উপকৃত হৈছো গো-পালনো কৰো মোৰ কৃত্ৰিম প্ৰজনন কৰা দুজনী গাই আছে তাৰ পৰা মই দৈনিক লিটাৰ গাখীৰ উৎপাদন পাওঁ
কৃষি কাৰ্য্যত ব্যৱহাৰ কৰা সাৰৰ ভিতৰত মই নিজে কেঁচু সাৰ তৈয়াৰ কৰো আৰু সেয়াই মই জৈৱিক সাৰ হিচাপে খেতি পথাৰত প্ৰয়োগ কৰো মই নিজে কেঁচু সাৰৰ পকি টেঙ্কিৰ ব্যৱস্থা কৰি লৈছো
বৰ্তমান মই শালিধানৰ খেতি কৰা কাৰ্যত নিমগ্ন হৈ আছো মোৰ লগতে আমাৰ ভকত চাপৰিৰ প্ৰায় ২০০ জন কৃষক পৰিয়ালে ৪০-৫০ বছৰ ধৰি খেতি কৰি আহিছে কিন্তু বৰ্তমান আমাৰ কৃষকসকল সংকটত পৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই চাপৰিৰ মাটি খহাই গাওঁখন সংকুচিত কৰি আনিছে কৃষকসকল এক অনিশ্চিত ভৱিষ্যতৰ ফালে আগবাঢ়িছে চৰকাৰৰ ফালৰ পৰা যদি সমুচিত ব্যৱস্থা নলয় তেনেহলে মাজুলীৰ কৃষি-অৰ্থনীতিৰ ভঁৰাল এই চাপৰিতো নিঃশেষ হবলৈ বৰ বেছি সময় নেলাগিব
অসমৰ লগতে দেশৰ ভিতৰতে এজন ভাল খেতিয়ক হোৱাৰ সপোন আছে গতিকে আমাৰ দৰে কৃষকৰ সপোন বাস্তৱত পৰিণত বলৈ লে চৰকাৰ তথা কৃষি বিভাগৰ পৰাও সহায়-সহযোগ পাব লাগিব
(লেখকৰ ঠিকনা: ভকত চাপৰি গাওঁ, ডাক-আউনিআটি সত্ৰ, জিলা- মাজুলী)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান