নিৰাপদ আৰু খোৱাৰ উপযোগী ফল-মূল কেনেকৈ পকাব


বিষাক্ত কেলছিয়াম কাৰ্বাইড প্ৰয়োগ কৰি ফল পকোৱাৰ বিষয়ে সকলোৱে কম-বেছি পৰিমানে জানিব পাৰিছে তীখা উদ্যোগত ব্যৱহাৰ কৰা কেলছিয়াম কাৰ্বাইডত আৰ্চেনিক আৰু ফছফৰাচ থাকে, যিবোৰ আমাৰ শৰীৰৰ বাবে মাৰাত্মক সেয়ে এই দ্ৰব্যবিধক ফল পকোৱাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে




কোনো এবিধ ফল পকা মানে   ৰং, সোঁৱাদ, গোন্ধ আদিৰ এক পৰিৱৰ্তিত অৱস্থা, ত ফলত থকা শ্বেতসাৰখিনি শৰ্কৰা বা চেনিলৈ পৰিৱৰ্তন হয়
  • কিছুমান ফল গছৰ পৰা চিঙাৰ পিছত লগে লগেই পকিবলৈ আৰম্ভ কৰে এই পকি থকা অৱস্থাত ফলৰ পৰা ইথিলিন গেছ নিৰ্গত হয় আৰু শ্বাস-প্ৰশ্বাস ক্ৰিয়াৰ হাৰ বৃদ্ধি হয় ফলত এনে ফলবোৰ বজাৰলৈ পৰিবহনৰ বাবে যথেষ্ট অসুবিধা হয়
  • এনে ফলবোৰ হ- আম, কল, অমিতা, মধূৰিআম, চেপটা, কিউ, ডিমৰু, আপেল, পেচন ফল, এপ্ৰিকট, পনিয়ল, নাচপতি ইত্যাদি
  • কিছুমান ফল গছৰ পৰা চিঙাৰ পিছত লগে লগেই নপকে এইবোৰ ফলৰ পৰা ইথিলিন গেছ নিচেই কম পৰিমানে নিৰ্গত হয় আৰু শ্বাস-প্ৰশ্বাস ক্ৰিয়াৰ হাৰো বেছি বৃদ্ধি নহয় এনেবোৰ ফল ইথিলিনেৰে শোধন কৰিলেও কামত নাহে তেনে ফলবোৰ হ- কমলা, মৌচুম্বী, কিন্ন’, আঙুৰ, ডালিম, লিচু, তৰমুজ, চেৰি, জেটুলীপকা, লেজামুক, ষ্ট্ৰবেৰী আদি
  • ফল পকাবৰ বাবে নিৰাপদ আৰু পৃথিৱীজুৰি ব্যৱহাৰ কৰি থকা পদ্ধতি হৈছে- ইথিলিন গেছৰ ব্যৱহাৰ কিয়নো ফলবোৰ পকিবৰ সময়ত প্ৰাকৃতিকভাৱেই এই ইথিলিন প্ৰস্তুত হয় ইথিলিনে ফলৰ ৰং সমভাৱে হালধীয়া কৰাৰ উপৰিও গোন্ধ, সোঁৱাদ আদিও অক্ষুন্ন ৰাখে


ফল পকোৱাৰ কিছুমান নিৰাপদ সহজ কৌশল:
  • এটা ঘৰুৱা সাধাৰণ পদ্ধতি হ- পকা ফলৰ মাজত নপকা ফলবোৰ বায়ু সোমাব নোৱাৰা পাত্ৰত  ৰাখি থোৱা তেতিয়া পকা ফলবোৰৰ নিৰ্গত হোৱা ইথিলিন গেছে নপকা ফলবোৰকো পকাই তোলে
  • পূৰঠ ফলবোৰ চিঙি আনি ০.১ শতাংশ ইথ্ৰেল মিশ্ৰণত ( ১ মিলিলিটাৰ ইথ্ৰেল ১ লিটাৰ পানীত মিহলাই) ডুবাই  কাপোৰেৰে মচি শুকুৱাব লাগে পিছত শোধন কৰা ফলবোৰ বাতৰিকাকত ইটোৰ গাত সিটো নলগাকৈ মেলি দিব লাগে আৰু একন পাতল কপাহী কাপোৰেৰে ঢাকি দিব লাগে দুদিনৰ ভিতৰত ফলবোৰ পকিবলৈ আৰম্ভ কৰে
  • ১০ মিলিলিটাৰ ইথ্ৰেল আৰু ২ গ্ৰাম ছদিয়াম হাইড্ৰক্সাইদ ৫ লিটাৰ পানীত মিহলাই এটা বহল মুখৰ পাত্ৰত ৰাখিব লাগে এটা পকী কোঠাত পাত্ৰটো ৰাখিব লাগে আৰু কাষত পূৰঠ ফলবোৰ ৰাখিব লাগে কোঠাটো বায়ু সোমাব নোৱাৰাকৈ বন্ধ কৰি ৰাখিব লাগে কোঠাটোৰ তিনিভাগৰ এভাগ ঠাইত ফলবোৰ ৰাখিব লাগে আৰু বাকী ঠাইখিনি বায়ু চলাচল কৰিব পৰা হব লাগে ১২-২৪ ঘন্টাৰ ভিতৰত ফলবোৰ পকিবলৈ ধৰিব
  • ফল পকাবৰ বাবে আধুনিক ইথিলিন চেম্বাৰ তৈয়াৰ কৰি সৰহ পৰিমাণে ফল পকাব পাৰি

(লিখনি বাবেতামিলনাডু কৃষি বিশ্ব-বিদ্যালয়ৰ ৱেবছাইট  agritech.tnau.ac.in তথ্যৰ সহায় লোৱা হৈছে- নয়ন কুমাৰ বৰা)

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান