নয়ন কুমাৰ বৰা কৃষিকাৰ্যত ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত বিজ্ঞানীসকলে আধুনিক কৃষি পদ্ধতিৰ আৰম্ভনিৰ পৰাই সতৰ্ক বাণী শুনাই আহিলেও সেইবোৰৰ প্ৰতি ভ্ৰক্ষেপ নকৰি জধে-মধে সেইবোৰ ব্যৱহাৰ কৰাৰ ফলত ন ন পৰিবেশীয় সমস্যাই দেখা দিলে। প্ৰাকৃতিক ভাৰসাম্যতাৰ প্ৰতি ভাবুকি আহিল। মানব স্বাস্থ্য আৰু জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হ’বলৈ ধৰিলে। শস্য অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগৰ বীজাণুৰ বাবে আধুনিক কৃষিয়ে এক অনুকূল পৰিবেশ সৃষ্টি কৰি সেইবোৰৰ উপদ্ৰৱ বঢ়াই তুলিলে আৰু সেইবোৰক নিয়ন্ত্ৰণৰ বাবে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰৰ ব্যৱহাৰ নিশ্চিত হৈ পৰিল। ইয়েই আকৌ পৰিবেশৰ ওপৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিলে। বাৰে বাৰে কীটনাশক ব্যৱহাৰ হৈ থকাৰ ফলত নিয়ন্ত্ৰণ কৰিব বিছৰা কীটৰ কিছু অংশই আকৌ নিৰ্দিষ্ট কীটনাশকৰ প্ৰতি সহ্যশক্তি গঢ়ি তুলিছে। অন্যহাতে কীটনাশক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অপকাৰী কীটৰ লগতে অনেক উপকাৰী কীটৰো ধ্বংস হৈছে। শস্যৰ পথাৰত পৰ্যাপ্ত পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ ফলত শস্যই গ্ৰহণ কৰিব নোৱাৰা অৱশিষ্ট অংশ নাইবা সেইবোৰ প্ৰয়োগৰ পিছতে প্ৰাকৃতিক উপায়েৰে উটি গৈ ভূ-গৰ্ভৰ পানী, নলীনাদ, কুঁৱা, নৈ, বিল, সুঁ...