শীতকালি মীনপালনত লবলগীয়া পদক্ষেপ
ড:বিভা চেতিয়া বৰা
শৰত
কাল অহাৰ লগে লগে পৰিৱেশৰ তাপমাত্ৰা কমি আহিবলৈ ধৰে। শীতকালৰ আগমনৰ লগে লগে
পৰিৱেশৰ উষ্ণতা অধিক কমাৰ লগতে বৰষুণৰ পৰিমাণ ক্ৰমে কমি আহিব আৰু খৰাং বতৰত
কিছুমান ঠাইৰ পুখুৰীৰ পানীৰ গভীৰতা কমি সমস্যাৰ সৃষ্টি হ'ব।
মাছ পালন ক্ষেত্ৰত এই সময়ছোৱা কিছু উদ্বেগৰ সময় বুলিব পৰা যায়। কাৰণ পৰিৱেশৰ উষ্ণতা কমি অহাৰ লগে লগে মাছৰ দৈহিক বৃদ্ধিৰ হাৰত তাৰ প্ৰভাৱ পৰিলক্ষিত হ'ব। পুখুৰীৰ পানীৰ গভীৰতা, অন্যান্য গুণাগুণৰ লগতে মাছৰ প্ৰাকৃতিক আহাৰৰ উৎপাদনতো তাৰতম্য ঘটিব। উপযুক্ত সাৱধানতা অৱলম্বন নকৰিলে এই সময়ত মাছৰ ঘাঁ লগা বেমাৰকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে এই সময়ছোৱাত মাছ পালন পুখুৰীৰ পোহনীয়া মাছখিনিৰ বাবে কিছুমান বিশেষ ব্যৱস্থা লবলগীয়া হয়।
১) পুখুৰীৰ
পানীৰ উপযুক্ত গভীৰতাৰ (কমেও ১.৫ মিটাৰ) নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়। পানীৰ গভীৰতা
কমাৰ ফলত মাছৰ চলন-ফুৰণৰ বাবে থকা ঠাই কমি যাব, পানীৰ
দ্ৰৱীভূত অম্লজানৰ পৰিমাণ হ্ৰাস পাব পাৰে, পানী ঘোলা হব পাৰে
আৰু অম্লজানৰ নাটনিৰ ফলত মাছবোৰে পানীৰ উপৰিভাগত কমাব পাৰে। সেয়ে যদি পুখুৰীৰ
পানীৰ গভীৰতা কমিবলৈ ধৰে, পুনৰ উচিত সীমাত ৰাখিবলৈ আৰু পানীৰ
গুণাগুণৰ নিয়ন্ত্ৰণৰ বাবে কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা পৰিষ্কাৰ পানী পাম্পৰ সহায়ত
দৈনিক কিছু সময়ৰ বাবে দিব।
২ ) পুখুৰীত
হোৱা অপতৃণ অন্য জৈৱিক আৱৰ্জনা বা প্ৰদূষণ কৰিব পৰা সামগ্ৰীৰ প্ৰতি সতৰ্ক হ'ব।
৩) পানীৰ অম্লতা সূচাংক (pH) নিৰূপণ কৰি নিয়মীয়াকৈ চূণৰ প্ৰয়োগ কৰি থাকিব। (তালিকা চাওক)
৪) এইখিনি
সময়ত পুখুৰীৰ মাছ ধৰা,
মেলা কৰোতে সাৱধান হ'ব। মাছৰ দেহৰ বিজলুৱা
আৱৰণ যাতে আঁতৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই বিজলুৱা আৱৰণে মাছক বিভিন্ন
ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। মাছ ধৰি পুনৰ পুখুৰীত এৰিবলগীয়া হ'লে, সামান্যভাবে পটাছ ,(১ লিটাৰ
পানীত ৫ মিলিগ্ৰাম হিচাবে) বা নিমখৰ দ্ৰৱণত (১ লিটাৰ পানীত ৩ গ্ৰাম হিচাবে) কিছু সময় ৰাখি এৰিলে সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰিব।
৫) মাছৰ ঘাঁ বা
অন্য ৰোগ দেখিলে লগে লগে নিলগীকৰণ কৰিব আৰু চিকিৎসা আৰু প্ৰতিকাৰৰ ব্যৱস্থা কৰিব।
৬) মাছে কমাই
থকা দেখিলে পৰিৱেশ ভাল নোহোৱালৈকে মাছৰ বাবে আহাৰ প্ৰয়োগ বা পুখুৰীত কোনো সাৰ
প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰাখিব লাগে।
৭) নিয়মিত
চূণৰপ্ৰয়োগ,
উপযুক্ত পৰিপূৰক খাদ্যৰ পৰিমিত প্ৰয়োগ, পানীৰ
উপযুক্ত গভীৰতাৰ (১.৫মিটাৰ) নিয়ন্ত্ৰণ আদিৰ দ্বাৰা মাছখিনিৰ স্বাস্থ্য অটুট ৰাখি মাছৰ
ৰোগকে ধৰি বিভিন্ন সমস্যাৰ পৰা হাত পাৰিব পৰা যায়।
৮) মাছৰ ৰোগ বা আন কোনো সমস্যা দেখিলে প্ৰয়োজনসাপেক্ষে মীন বিশেষজ্ঞৰ পৰামৰ্শলৈ ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰিব
মাছে
পানীৰ উপৰিভাগত কমাই থকা দেখিলে দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কমিছে বুলি অনুমান কৰিব পৰা যায়। দ্ৰৱীভূত অম্লজানৰ পৰিমাণ পুনৰ উপযুক্ত সীমা লৈ
আনিবলৈ কিছুমান বিশেষ পদক্ষেপ তাৎক্ষণিকভাৱে লবলগীয়া হয়:
১) পুখুৰীলৈ
বতাহ সঞ্চালনৰ বাবে বাতনযন্ত্ৰ বা বায়ু যোগান যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে। তাৰ
অবিহনে পুখুৰীৰ ওপৰিভাগত গোটা বাঁহেৰে মৰিয়াই পানী সিঁচৰিত কৰি দিয়ক তাতে পানীলৈ
বতাহ সুমায়।
২) যদি পৰা
যায় হাঁহৰ জাক সাঁতুৰিবলৈ দিয়ক,
৩) নাওঁ আছে
যদি,
নাওঁখন কেবাবাৰো বঠা মাৰি মাৰি
পুখুৰীৰ ইমূৰৰ পৰা সিমূৰলৈ চলাওক।বঠা এনেকৈ মাৰিব যাতে পানীলৈ বতাহ যিমান
পাৰি সুমায়।
৪)পাম্পৰ
সহায়ত ভাল উৎসৰ পৰা পৰিষ্কাৰ পানী ওপৰৰ পৰা ভাগ ভাগ কৰি/ সিঁচৰতি কৰি পুখুৰীত
পৰিবলৈ দিয়ক।
৫)কলগছ কাটি
টুকুৰা টুকুৰ কৰি পানীত দিয়ক। টুকুৰা বোৰ পছি যোৱাৰ আগতেই তুলি পেলাব।
৬)সাৰ /আহাৰ
যোগান সাময়িক বাবে বন্ধ ৰাখক সমস্যাৰ উপশম নোহোৱালৈকে।
৭) এইখিনি
সময়ত মাছখিনি যথেষ্ট ডাঙৰ হয়। গতিকে জাল মাৰি বিক্ৰীৰ উপযোগী ডাঙৰ মাছখিনি
ধৰি মাছৰ সংখ্যা যিমান পাৰে কমাওক।
এই
পদক্ষেপে লোকচানৰ পৰা বচোৱাৰ লগতে বাকী থকা মাছখিনিক ডাঙৰ হোৱাৰ সুবিধা প্ৰদান
কৰিব।
লেখিকাৰ ঠিকনাঃ প্ৰধান
বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম
কৃষি বিশ্ববিদ্যালয়, যোৰহাট