উৎপাদনকাৰী কৃষক সংগঠন/কোম্পানী : অসমৰ কৃষকৰ অৰ্থনৈতিক পৰিবৰ্তনৰ পথ সূচল কৰিব পাৰে

নয়ন কুমাৰ বৰা


উৎপাদনকাৰী কৃষক সংগঠন (Farmers Producer Organisation) মানে কি

ই এনে এটা সংগঠন, য’ত কৃষকসকল হ’ল ইয়াৰ সদস্য। কৃষি আৰু আনুসঙ্গিক খণ্ড যেনে, মীন পালন, পশুপালন, ৰেচম শিল্প আদিৰ লগত জড়িতসকলে এই সংগঠনৰ সদস্যভুক্তি হব পাৰে। সদস্যসকল প্ৰাথমিক উৎপাদনকাৰী হ’ব লাগিব।

এই সংগঠনৰ মালিকীস্বত্ব থাকে উৎপাদনকাৰী কৃষক সদস্যসকলৰ হাতত। অৰ্থাৎ ই হ’ল “উৎপাদনকাৰীসকলৰ, উৎপাদনকাৰীসকলৰ দ্বাৰা আৰু উৎপাদনকাৰীসকলৰ বাবে”। কোনো এটি বা ততোধিক অনুষ্ঠানে বা কোনো লোকে এই সংগঠনক সংগঠিত কৰে, পঞ্জীয়ন কৰে, ব্যৱসায়িক পৰিকল্পনা কৰে আৰু সেয়া কাৰ্যকৰী কৰে। কিন্তু ইয়াৰ মালিকীস্বত্ব সদায় সদস্যসকলৰহে থাকে আৰু ইয়াৰ পৰিচালনা সদস্যসকলৰ প্ৰতিনিধিৰ দ্বাৰা হয়। এই অনুষ্ঠান বা ব্যক্তিসকলে নিজস্ব উৎসৰে এক সদ্ভাৱ লৈ বা উৎপাদনকাৰী সদস্যসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ এক মহৎ উদেশ্য লৈ এই সংগঠনৰ প্ৰতিষ্ঠা কৰে। যদি বিত্তীয় আৰু অন্য সহায়ৰ প্ৰয়োজন হয়, তেতিয়া দাতা/ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে সেই প্ৰয়োজন পূৰণ কৰে।

উৎপাদনকাৰী কৃষক সংগঠনৰ মুখ্য উদেশ্য কি?


সদস্যসকলৰ উৎপাদিত সামগ্ৰীখিনি এক গোট কৰি নাইবা সুবিধা অনুযায়ী মূল্য সংযোজন কৰি তাৰ পৰা যাতে এটি ভাল আয় আহৰণ কৰিব পাৰে

উৎপাদনকাৰী কৃষক সংগঠন হ’বলৈ প্ৰয়োজনীয় বিষয়বোৰ কি কি?

-      ই কৃষি কাৰ্যৰ লগত জড়িত উৎপাদনকাৰী কৃষকসকলৰ এটি গোট

-      ই এটি পঞ্জীয়নভূক্ত আৰু আইনসঙ্গত সংস্থা

-      উৎপাদনকাৰীসকল হ’ল এই সংগঠনৰ অংশীদাৰী

-      এই সংগঠনে প্ৰাথমিকভাবে উৎপাদিত কৃষি সামগ্ৰীৰ ব্যৱসায়ৰ লেন-দেন কৰে

-      উৎপাদনকাৰী কৃষক সদস্যসকলৰ লাভৰ বাবে এই সংগঠনে কাম কৰে

-      লাভৰ এক অংশ উৎপাদনকাৰী সদস্যসকলৰ মাজত বিতৰণ কৰে

-      বাকী ৰাহী অংশ সংগঠনৰ নিজস্ব পুঁজিত ৰাখি ব্যৱসায় সম্প্ৰসাৰণত বিনিয়োগ কৰে

উৎপাদনকাৰী কৃষক সংগঠনক কোনে সহায় কৰে?

         নাবাৰ্ড (ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক), এচ.এফ.এ.চি (ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য সংঘ), চৰকাৰী বিভাগ, বৃহৎ ব্যৱসায়ী কোম্পানী আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহায্যকাৰী অভিকৰণসমূহে এই উৎপাদনকাৰী কৃষক সংগঠন প্ৰতিষ্ঠা কৰিবলৈ বিত্তীয় নাইবা কাৰিকৰী সহায় আগবঢ়ায়।


উৎপাদনকাৰী কৃষক সংগঠনৰ আইনগত গঠন কেনেকুৱা হোৱা উচিত?

এই উৎপাদনকাৰী কৃষক সংগঠন নিম্নলিখিত আইনগত ব্যবস্থাৰ দ্বাৰা পঞ্জীয়নভূক্ত হয়-

a. Cooperative Societies Act/ Autonomous or Mutually Aided Cooperative Societies Act of the respective State

b. Multi-State Cooperative Society Act, 2002

c. Producer Company under Section 581(C) of Indian Companies Act, 1956, as amended in 2013

d. Section 25 Company of Indian Companies Act, 1956, as amended as Section 8 in 2013

e. Societies registered under Society Registration Act, 1860

f. Public Trusts registered under Indian Trusts Act, 1882

উৎপাদনকাৰী কৃষক সংগঠনৰ বাবে কেনেধৰণৰ আইনগত গঠনৰ দৰকাৰ?

সমবায় আইন বা উৎপাদনকাৰী কৃষক কোম্পানী হ’লে ইয়াৰ লাভাংশ সদস্যসকলৰ মাজত বিতৰণ কৰাৰ আইনগত ব্যৱস্থা আছে। অন্য আইনগত ব্যবস্থাসমূহত লাভাংশ বিতৰণ কৰাৰ পোনপটীয়া ব্যবস্থা নাই যদিও উৎপাদনকাৰীসকলৰ পৰা সংগ্ৰহ কৰা উৎপাদিত সামগ্ৰীৰ বাবে এটি ভাল মূল্য প্ৰদান কৰা হয়। ঠিক সেইদৰে, খেতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী. সা-সঁজুলি আৰু কেঁচা মাল ক্ৰয় কৰি কম লাভত সদস্যসকলক বিক্ৰি কৰা হয়।

সমবায় সমিতি আৰু উৎপাদনকাৰী কৃষক কোম্পানীৰ মাজত পাৰ্থক্য

বিষয়

সমবায় সমিতি

উৎপাদনকাৰী কোম্পানী

পঞ্জীয়ন

সমবায় আইনৰ জৰিয়তে

ভাৰতীয় কোম্পানী আইনৰ জৰিয়তে

উদেশ্য

এটা মাত্ৰ উদেশ্য

বহুমুখী উদেশ্য

কৰ্মস্থলী

নিয়ন্ত্ৰিত আৰু বিবেচনামূলক

সমগ্ৰ ভাৰতবৰ্ষতে

সদস্য

ব্যক্তিগত সদস্য আৰু সমবায়

যিকোনো ব্যক্তি, গোট, সংগঠন, উৎপাদনকাৰী কৃষক

অংশীদাৰত্ব

 ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে

 ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে যদিও সদস্যসকলৰ মাজত হস্তান্তৰ হ’ব পাৰে

লাভাংশৰ বিতৰণ

বিনিয়োগ কৰা মূলধন অনুপাতে সীমিত লাভাংশ পায়

ব্যৱসায়ৰ পৰিমাণ অনুযায়ী লাভাংশ নিৰ্দ্ধাৰণ হয়

ভোটাধিকাৰ

এজন ভোটাৰ, এটা ভোট; কিন্তু, চৰকাৰ নাইবা সমবায় পঞ্জীয়কৰ বাৰণ অধিকাৰ থাকে

এজন ভোটাৰ, এটা ভোট। উৎপাদনকাৰী সংগঠনৰ লগত জড়িত নোহোৱা ব্যক্তিৰ ভোটাধিকাৰ নেথাকে

চৰকাৰী নিয়ন্ত্ৰণ

সমিতিৰ কাম-কাজত অধিক হস্তক্ষেপ

একেবাৰে কম হস্তক্ষেপ, কেৱল বাধ্যতামূলক প্ৰয়োজনীয়তাখিনিতে সীমাৱদ্ধ।

স্বায়ত্বশাসন

সীমিত

সম্পূৰ্ণ স্বায়ত্বশাসিত, প্ৰচলিত আইনৰ অধীনত স্ব-শাসিত

সঞ্চয়

কেৱল লাভ হ’লেহে সঞ্চয় হয়

প্ৰত্যেক বছৰে সঞ্চয় কৰাতো বাধ্যতামূলক

ঋণ গ্ৰহণৰ ক্ষমতা

নিয়মাৱলী অনুযায়ী বাধা আছে। নিয়মাৱলী সংশোধনৰ বাবে পঞ্জীয়কৰ অনুমোদনৰ প্ৰয়োজন হয়

সাধাৰণ সভাই ঋণ গ্ৰহণৰ পৰিমাণ বিশেষ প্ৰস্তাৱ যোগে নিৰ্দ্ধাৰণ কৰে। এই উৎপাদনকাৰী কোম্পানীৰ অধিক স্বাধীনতা আছে।

অন্য বৃহৎ কোম্পানী/ ব্যৱসায় গোষ্ঠী/ স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত সম্পৰ্ক

কেৱল লেন-দেনৰ বাবে

উৎপাদনকাৰী আৰু বৃহৎ কোম্পানীয়ে একেলগে উৎপাদনকাৰী কোম্পানী গঠন কৰিব পাৰে


উৎপাদনকাৰী কৃষক সংগঠনৰ কাম-কাজবোৰ কি কি হ’ব?


উৎপাদনৰ বাবে প্ৰাথমিক উৎপাদনকাৰীসকলৰ দক্ষতা আৰু নৈপুন্যতা আছে। সাধাৰণতে তেওঁলোকে উৎপাদন কৰা সামগ্ৰীসমূহৰ বাবে এখন বজাৰ বিচাৰে। উৎপাদনকাৰী কৃষক সংগঠনে উক্ত অভাৱখিনি পূৰণ কৰে। উৎপাদনকাৰী কৃষক সংগঠনে উৎপাদিত সামগ্ৰীৰ মূল্য শৃংখৰ ক্ষেত্ৰত কেঁচা সামগ্ৰী সংগ্ৰহৰ পৰা গ্ৰাহকৰ দুৱাৰমুখলৈকে লৈ যাবৰ বাবে এক বা ততোধিক কামৰ দায়িত্ব লয়। কিছুমান কাম-কাজ হ’ল-

-      কৃষি-সামগ্ৰী ক্ৰয় কৰা

-      বজাৰৰ তথ্য প্ৰচাৰ কৰা

-      প্ৰযুক্তিকৌশল আৰু উদ্ভাৱন প্ৰসাৰ কৰা

-      কৃষি সামগ্ৰীৰ বাবে বিত্তীয় বিনিয়োগত সহায় কৰা

-      উৎপাদিত সামগ্ৰী গোট খুওৱা আৰু মজুত কৰা

-      প্ৰাথমিক সংসাধন যেনে, শুকোৱা, পৰিষ্কাৰ আৰু শ্ৰেণীবিভাজন কৰা

-      জনপ্ৰিয়কৰণ, টোপোলা বন্ধা, লেবেল মৰা আৰু মানদণ্ড নিৰূপন কৰা

-      গুণগত মানদণ্ড নিয়ন্ত্ৰণ কৰা

-      প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী একগোট কৰি ক্ৰয় কৰা যাতে সদস্যসকলে ভাগ ভাগকৈ কিনাতকৈ কম খৰচত কিনিব পাৰে, সামগ্ৰী পৰিবহন খৰচ কম হয়। ফলত মুঠ উৎপাদন খৰচো কম হয়। ঠিক সেইদৰে, সদস্যসকলৰ পৰা উৎপাদিত সামগ্ৰী একগোট কৰি বিক্ৰি কৰিলে সামগ্ৰী বিক্ৰিৰ পৰা সদস্যসকলে অধিক লাভ পায়। উৎপাদনকাৰী কৃষক সংগঠনে কৃষকসকলক বজাৰ মূল্য অৱগত কৰি থাকিলে কোনটো সময়ত বিক্ৰি কৰিলে লাভ হব সেয়া জানিব পাৰিব

-      সামগ্ৰী বিনিময়ত ভাগ লোৱা

-      ৰপ্তানি কৰা 

প্ৰাথমিক কৃষক উৎপাদনকাৰী (Primary Farmers Producer) মানে কি?

প্ৰাথমিকভাবে উৎপাদন কৰা কৃষি সামগ্ৰীৰ যিকোনো কাৰ্যৰ লগত জড়িত নাইবা সম্বন্ধিত যিকোনো ব্যক্তিকেই প্ৰাথমিক উৎপাদনকাৰী বুলি ধৰা হয়। প্ৰাথমিক উৎপাদন মানে হ’ল- কৃষি আৰু আনুসঙ্গিক খণ্ড নাইবা তাঁত শিল্প, হস্তশিল্প, কুটীৰ শিল্পকে ধৰি উপজাত দ্ৰব্য তথা ইয়াৰ লগত জড়িত অন্যান্য কাৰ্যৰ পৰা কৃষকসকলে উৎপাদন কৰা সামগ্ৰীসমূহকে প্ৰাথমিক উৎপাদন বুলি ধৰা হয়। উপৰোক্ত সামগ্ৰীসমূহৰ উৎপাদন আৰু গুণগতমান বৃদ্ধিৰ বাবে কৰা কাৰ্যসমূহকো প্ৰাথমিক উৎপাদন বুলি ধৰা হয়। কৃষি, উদ্যান শস্য, পশুপালন, মীনপালন, ৰেচমশিল্প, মৌ-পালন, তাঁৰশিল্প, হস্তশিল্পৰ জড়িত ব্যক্তিয়ে উৎপাদনকাৰী কৃষক সংগঠনৰ সদস্য হব পাৰে। বনজ গৌণ সামগ্ৰী সংগ্ৰহ কৰা ব্যক্তিসকলেও এই সংগঠনৰ সদস্য হব পাৰে যদিও তেওঁলোকে প্ৰাথমিকভাবে উৎপান্ন  নকৰে।


উৎপাদনকাৰী কৃষক সংগঠনৰ সদস্য কিমান হ’ব লাগে?

সৰ্বনিম্ন ১০ জন প্ৰাথমিক উৎপাদনকাৰী সদস্যৰে Section 581(C) of Indian Companies Act 1956 (same provisions are retained in the 2013 Act) উৎপাদনকাৰী কৃষক সংগঠন গঠন কৰিব পাৰি। সৰ্বোচ্চ সদস্যৰ পৰিমাণ কোনো সীমা নাই। নিম্নোক্ত বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি একোটা উৎপাদনকাৰী কৃষক সংগঠন গঠন হ’ব লাগে

ক। এটি উৎপাদনকাৰী কৃষক সংগঠন বৰ্তী থাকিবলৈ হ’লে সদস্যসকলৰ খেতি মাটিখিনি ওচৰে-পাজৰে থাকিব লাগে।

খ। খেতি কৰিব পৰা মাটিৰ পৰিমাণ কমেও ৪০০০ হেক্টৰ (প্ৰায় ৩০০০০ বিঘা) হ’ব লাগে

গ। সাধাৰণতে ২ খন পঞ্চায়ত এলেকাক সামৰি লব লাগে।

ঘ। সাধাৰণতে ৭০০-১০০০ জন প্ৰাথমিক উৎপাদনকাৰী কৃষক সদস্য হ’লে ভাল হয়।

ঙ। প্ৰতি মাহৰ পৰিচালনাৰ খৰচ ২ লাখ টকা (বছেৰেকত ২৪ লাখ টকা) হব লাগে

চ। উৎপাদন কৰা সামগ্ৰীৰ মুঠ মূল্য ২৫ কোটি টকা হব লাগে

ছ। উৎপাদন কৰা সামগ্ৰী বিক্ৰিৰ বাবে ২০০ কিলোমিটাৰ ভিতৰত বজাৰ হব লাগে।

(‘ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক’ আৰু ‘ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য প্ৰতিষ্ঠান’ৰ দ্বাৰা প্ৰচাৰিত পুস্তিকাৰ সহায়ত এই লিখনি কৃষকসকলৰ হিতাৰ্থে প্ৰস্তুত আৰু প্ৰসাৰ কৰা হৈছে। ফটো: ইন্টাৰনেটৰ সৌজন্যত- সংগ্ৰাহক )

 

 

 

 

 

 

 

 


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান