কৃষি ব্যৱসায় প্ৰকল্পৰ নিৰ্বাচন আৰু বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কেনেকৈ কৰিব?

নয়ন কুমাৰ বৰা


সাম্প্ৰতিক অসমৰ চুকে-কোণে কৃষিৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ এক জাগৰণ পৰিলক্ষিত হৈছে। ই নিসন্দেহে আমাৰ বাবে শুভলক্ষণ। কৃষি পাম প্ৰতিস্থা কৰা, উৎপাদিত সামগ্ৰীৰ যোগান ব্যৱসায় তথা কৃষি উদ্যোগ প্ৰতিস্থা কৰা ইত্যাদি বহু সম্ভাৱনাপূৰ্ণ কৃষি ব্যৱসায়ৰ জৰিয়তে বহুজনে অৰ্থনৈতিক উন্নয়নৰ সংগ্ৰাম অব্যাহত ৰাখিছে। এই অৰ্থনৈতিক সংগ্ৰামৰ স্থায়িত্ব আৰু অসমৰ সবল কৃষি অৰ্থনীতিৰ হেতু কৃষি ব্যৱসায়ৰ লগত জড়িতসকলে কৃষি-ব্যৱসায় প্ৰকল্পৰ নিৰ্বাচন আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰিকল্পিতভাবে আগবাঢ়ি যোৱাটো নিতান্তই প্ৰয়োজন বুলি ভাবো।

কেনেকৈ আগবাঢ়িব?


প্ৰকল্প নিৰ্বাচন আৰু প্ৰাথমিক বিশ্লেষণঃ

কোনো এক কৃষি ব্যৱসায় আৰম্ভ কৰিবলৈ হ’লে পোনপ্ৰথমেই প্ৰকল্প নিৰ্বাচনৰ জৰিয়তেই ব্যৱসায় পৰিকল্পনা হয়। কোনটো প্ৰকল্পত ধন বিনিয়োগ কৰি লাভৱান হব পাৰি তাৰবাবেই এজন কৃষি উদ্যমীয়ে সন্ধান কৰি থাকে। ইয়াৰবাবে একোজন উদ্যমীয়ে কোনো পৰামৰ্শদাতা সংগঠন, আলোচনা চক্ৰ আৰু বিভিন্ন অধ্যয়নৰ সহায় লোৱাতো প্ৰয়োজন। গুৰুত্বপূৰ্ণ কথা এইটোৱে যে, প্ৰায় ৯৯ শতাংশ প্ৰকল্পই এই প্ৰাথমিক স্তৰতে স্তব্ধ হৈ যায়। কিন্তু এই প্ৰাথমিক স্তৰটো যিবোৰ উদ্যমীয়ে পাৰ কৰিব পাৰে সেইসকলেই প্ৰকল্প ৰূপায়নতো অগ্ৰসৰ হ’ব পাৰে। উদ্যমীসকলৰ, বিশেষকৈ ন-উদ্যমীসকলৰ এইসময়ত বহুত ভয় সোমাই থাকে।

চলিত উদ্যোগ/ ব্যৱসায়সমূহৰ পাৰদৰ্শিতাঃ

    সাধাৰণতে চলিত উদ্যোগ/ ব্যৱসায়সমূহৰ পাৰদৰ্শিতা চাইহে প্ৰকল্প নিৰ্বাচন কৰা উচিত। উদাহৰণস্বৰূপে সৰিয়হৰ তেল পেৰা উদ্যোগসমূহে কেনেধৰণৰ পাৰদৰ্শিতা দেখুৱাইছে, লাভ নে লোকচান কৰি আছে ইত্যাদি বিষয়সমূহৰ প্ৰতি লক্ষ্য কৰিহে প্ৰকল্প নিৰ্বাচন কৰা উচিত।

সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সূচকঃ

    কোনটো ব্যৱসায়ত মূল্য বৃদ্ধি হৈছে তাৰ ওপৰতেই চাহিদা বৃদ্ধিও নিৰূপন হয় আৰু তাৰ ওপৰতেই প্ৰকল্প নিৰ্বাচনৰো সুবিধা হয়।

আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় বজাৰ মূল্যৰ পাৰ্থক্যঃ

    যদি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য দেশীয় বজাৰ মূল্যতকৈ কম হৈ থাকে, তেতিয়া আমদানি কৰাতো বিপদ্জনক হয়। ঠিক সেইদৰে, আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য দেশীয় বজাৰ মূল্যতকৈ বেছি হ’লে ৰপ্তানি কৰাতো সুবিধাজনক হয়

চৰকাৰী নীতিঃ

    যিবোৰ খণ্ডত চৰকাৰে উৎসাহ দিব বিচাৰিছে, সেইবোৰ খণ্ডত বিকাশ খৰতকীয়া হয়। উদাহৰণস্বৰূপে, বৰ্তমান চৰকাৰে কৃষি খণ্ডত গুৰুত্ব আৰোপ কৰিছে। গতিকে এই খণ্ডত বিনিয়োগ কৰিলে সহজেই বিকাশৰ সম্ভাৱনা আছে।

স্থানীয় স্থিতিঃ

    এজন উদ্যমীয়ে কোনো এক স্থানৰ কেঁচা মালৰ সহজলভ্যতা, নিকটতম বজাৰ, চৰকাৰী সা-সুবিধা আৰু আন্তঃগাঠনি যেনে, পথ, বিজুলী, পানী যোগান ইত্যাদিবোৰো সন্ধান কৰে

বিত্তীয় স্থিতিঃ

    এজন উদ্যমীয়ে কোনো এক প্ৰকল্পৰ বাবে কিমান ধনৰ প্ৰয়োজন হ’ব আৰু সেই ধন কেনেকৈ যোগাৰ হব সেই কথাও বিশ্লেষণ কৰে।


প্ৰকল্প  কেনেকৈ প্ৰস্তুত কৰিব?

    প্ৰকল্প নিৰ্বাচন আৰু প্ৰাথমিক বিশ্লেষণ পৰ্যায় অতিক্ৰম কৰাৰ পিছতে ‘বিশদ প্ৰকল্প প্ৰতিবেদন’ (Detailed Project Report) প্ৰস্তুত কৰা হয়। এই প্ৰতিবেদনত কি কি বিষয় সন্নৱিষ্ট কৰিব?

প্ৰযুক্তিগত সম্ভাৱনীয়তাঃ এই শিতানত খাপখোৱা প্ৰযুক্তিকৌশল কি হ’ব, সেই প্ৰযুক্তিকৌশলবোৰ ক’ৰ পৰা পোৱা যাব (নিজে বিকাশসাধন কৰা নে বেলেগৰ পৰা লোৱা হ’ব), দক্ষতাৰ পৰিকল্পনা, স্থান নিৰ্বাচন, কেঁচা মালৰ চিনাক্তকৰণ ইত্যাদি বিষয়বোৰ সন্নৱিষ্ট কৰা হয়।

বাণিজ্যিক সম্ভাৱনীয়তাঃ প্ৰকল্প অধয়ন কৰোতে চাহিদা আৰু যোগানৰ মাজত থকা ব্যৱধান নিৰ্দ্ধাৰণ কৰা হয়। বজাৰত মুখ্য প্ৰতিদ্বন্দী আৰু তেওঁলোকৰ সামৰ্থতা আৰু দুৰ্বলতাবোৰ বিশ্লেষণ কৰা হয়। বজাৰ শৃংখল অধ্যয়ন কৰি পৰিকল্পনা কৰা হয়, লক্ষ্য কৰি লোৱা বজাৰ আৰু প্ৰতিদ্বন্দীৰ সামৰ্থতাৰ বিষয়েও চালি-জাৰি চোৱা হয়।

বিত্তীয় সম্ভাৱনীয়তাঃ প্ৰকল্পৰ খৰচ আৰু আৰ্থিক উৎসৰ পৰিকল্পনা কৰা হয়। প্ৰকল্পটোৰ বিত্তীয় বিশ্লেষণ কৰা হয়। ইয়াৰবাবে বিভিন্ন অনুপাত যেনে, আয়:ব্যয়ৰ সমান হোৱা অৱস্থা (Break Even Analysys), সম্পদ আহৰণ (Return of Assests, লভ্যাংশ (Profit Margin), বৰ্তমানৰ প্ৰকৃত সম্পদ (Net Present Value), ব্যয় প্ৰত্যাৰ্পণ (Pay back Period), আভ্যন্তৰীন আয়ৰ হাৰ (Internal Rate of Return) আদি।

সামাজিক ব্যয় : লাভ বিশ্লেষণঃ প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত সামাজিক বা দেশীয়ভাবে কি ক্ষতি হ’ব পাৰে আৰু  ইয়াক ৰূপায়নৰ ফলত কি লাভ হ’ব তাৰ তুলনামূলক বিশ্লেষণ কৰা হয়।

প্ৰকল্প ৰূপায়নঃ

    প্ৰকল্প ৰূপায়ন পৰ্যায়ত দল নিৰ্বাচন কৰা, কৰ্মসূচী চিনাক্তকৰণ আৰু দায়িত্ব অৰ্পন কৰি তাক নিৰীক্ষণ কৰা হয়।

প্ৰকল্পৰ পৰ্যালোচনাঃ

    এই পৰ্যালোচনা একোটা প্ৰকল্প ৰূপায়নৰ বাবে অতি প্ৰয়োজনীয়, যিয়ে সন্মুখীন হোৱা সমস্যা আৰু প্ৰকল্পত হোৱা পৰিবৰ্তনবোৰ বিশ্লেষণ কৰা হয়।   


‘বিশদ প্ৰকল্প প্ৰতিবেদন’ (Detailed Project Report) কেনেকৈ কৰিব?

বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিম্নলিখিত বিষয়বোৰ সামৰি লোৱা হয়-

  •   সাধাৰণ তথ্যসমূহঃ নাম, সংগঠন, ব্যৱসায় খণ্ড, উৎপাদিত সামগ্ৰীৰ ধৰণ, উদ্যোগী আৰু তেওঁলোকৰ বৰঙণি।
  • পটভূমি আৰু উদ্যোগীৰ অভিজ্ঞতাঃ প্ৰস্তুতকৰণৰ পদ্ধতি আৰু ইয়াৰ উৎসসমূহ (ইয়াৰবাবে যোগানকাৰীসকলৰ লগত যুগসূত্ৰস্থাপন কৰা)
  • মুখ্য সা-সঁজুলিবোৰৰ বিৱৰণঃ পৰিচালনা কৰা গোট, তেওঁলোকৰ অৰ্হতা আৰু অভিজ্ঞতা
  •  মাটি আৰু গৃহৰ বিৱৰণ
  • পানী যোগান আৰু বিজুলীৰ ব্যৱস্থাৰ বিৱৰণঃ নিষ্কাশিত দ্ৰব্য (যদি আছে) আৰু ইয়াক পৰিশোধনৰ ব্যৱস্থা, আঁচনিমতে এইবোৰ বাহিৰ কৰাৰ ব্যৱস্থা
  • কেঁচামালৰ উপলভ্যতা
  • প্ৰয়োজনীয় মানৱ শক্তি
  • প্ৰযুক্তিকৌশলৰ ব্যৱস্থা
  • উৎপাদন পদ্ধতি
  • পৰিবেশ আৰু পাৰিপাৰ্শ্বিক দিশ
  • ৰূপায়ন কাৰ্যক্ৰম
  • প্ৰকল্প ব্যয়
  • বিত্তীয় যোগান ব্যৱস্থা
  •  লাভ আৰু টকা-পইচাৰ আগমন আৰু নিৰ্গমন
  • লাভ প্ৰাককলনৰ বিশ্লেষণ
  • অৰ্থনৈতিক সিদ্ধান্ত
  • পৰিশিষ্ট: কাৰ্যকৰী ফলাফলৰ হিচাপ, কাৰ্যকৰী মূলধনৰ হিচাপ আৰু প্ৰান্তিক মূলধন আৰু অন্যান্য বিশ্লেষণ

(ৰাষ্টীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ দ্বাৰা Post Graduate Diploma in Agricultural Extension Management (PGDAEM) ৰ বাবে প্ৰস্তুত কৰা Project Management in Agricultural Extension পাঠ্যক্ৰমৰ সহায় লৈ এই লিখনি প্ৰস্তুত কৰা  হৈছে- লিখক )


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান