জৈৱিক কৃষিত হালধীয়া, নীলা আৰু বগা আঠাযুক্ত কাৰ্ড: ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব?
নয়ন কুমাৰ বৰা                জৈৱিক পদ্ধতিৰ কৃষি-কাৰ্যত অনিষ্টকাৰী কীট আৰু ৰোগ নিয়ন্ত্ৰণ নাইবা প্ৰতিৰোধৰ বাবে  কিছুমান দ্ৰব্য নাইবা সঁজুলি ঘৰতে তৈয়াৰ কৰি ল’ব পাৰি। তেনে কিছুমান দ্ৰব্য আৰু সঁজুলিৰ বিষয়ে ‘সেউজ চিন্তা’ৰ পাঠকৰ বাবে এলানি শিক্ষণমূলক লিখনি প্ৰস্তুত কৰা হৈছে। আহকচোন আজিৰ আলোচনাত হালধীয়া, নীলা আৰু বগা আঠাযুক্ত কাৰ্ড ঘৰতে কেনকৈ প্ৰস্তুত কৰিব পাৰি সেইবিষয়ে ঠোৰতে জানি লওঁ।   হালধীয়া আঠাযুক্ত কাৰ্ডঃ   কেনেকৈ তৈয়াৰ কৰিব?   দৰকাৰী সামগ্ৰী:     প্লাইউড বৰ্ড বা ডাঠ কাগজ বা ব্যৱহাৰ কৰা খালি তেলৰ টিং (১ বা ২ লিটাৰ জোখৰ)   হালধীয়া তৈল ৰং ( Yellow Oil Paint) আঠা নাইবা গ্ৰীজ বাঁহৰ মাৰি   তাঁৰ নাইবা ৰচি   পদ্ধতিঃ নতুন বা আগতে ব্যৱহাৰ কৰা প্লাইউড বা ডাঠ কাগজৰ টুকুৰা বা ব্যৱহাৰ কৰা খালি তেলৰ টিং (১ বা ২ লিটাৰ জোখৰ) ল’ব লাগে হালধীয়া তৈল ৰঙেৰে টুকুৰাটো ৰং কৰি ল’ব লাগে শুকাবলৈ দিব লাগে ৰং কৰা টুকুৰাটোত আঠা নাইবা গ্ৰীজ সানিব লাগে বাঁহৰ মাৰিৰ সহায়ত খেতিৰ মাজত আঁৰি দিব লাগে যাতে টুকুৰাটো শস্যৰ ওপৰত ওলাই থাকে মাজে-সময়ে প্লাইউড বা ডা...