"সজ কৃষি অনুশীলন"- খণ্ড-৫


খাদ্য-সামগ্ৰী বিক্ৰি কৰিবলৈ কি ব্যৱস্থা লব ?


-         বজাৰৰ অধ্যয়ন কৰিব লাগে আৰু সামগ্ৰীৰ মূল্য সংগ্ৰহ কৰিব লাগে

-         ওচৰ-চুবুৰীয়াৰ লগত আলোচনা কৰি সামগ্ৰীৰ মূল্য সম্পৰ্কে আৰু কত বিক্ৰি কৰিব তাক জানিব লাগে

-         উচিত মূল্য পাবৰ বাবে অন্যান্য উৎপাদনকাৰীৰ লগত একেলগ হব লাগে

-         বিশ্বাসী লোকৰ ওচৰত বিক্ৰি কৰাৰ ব্যৱস্থা লব লাগে

-         সমবায়, পাইকাৰী, চুপাৰ মাৰ্কেট আদিৰ লগত যোগাযোগ কৰিব লাগে

উৎপাদনৰ ক্ষেত্ৰত উপযুক্ত নিয়ন্ত্ৰণৰ বাবে তথ্য তালিকাভূক্ত কৰা

তথ্য তালিকাভূক্ত কৰিলে কি সুবিধা হয়-

-         পথাৰ আৰু শস্যৰ বিষয়ে সম্যক জ্ঞান আহৰণ হয়

-         উৎপাদনী খৰচৰ ধন ৰাহি হয়

-         সমস্যা নিৰ্দ্ধাৰণ তথা কীট আৰু ৰোগ-ব্যাধি চিনাক্তকৰণত সুবিধা হয়

-         উৎপাদিত সামগ্ৰীৰ গুণগত মানদণ্ড উন্নত হয়

কাৰ্য সমাপ্ত হোৱাৰ লগে লগেই তথ্য যেনে, বীজ সিঁচাৰ তাৰিখ, শস্য চপোৱাৰ তাৰিখ, শস্য প্ৰয়োগ কৰা দ্ৰব্যৰ নাম আৰু তাৰিখ আদি তালিকাভূক্ত কৰিব লাগে

তালিকাভূক্ত তথ্যই উৎপাদিত শস্যৰ বিষয়ে সবিশেষ বিৱৰণ লিপিৱদ্ধ কৰে, যিখিনি তথ্য নুন্যতম ৩ বছৰৰ বাবে নথিভূক্ত হয়

আয়-ব্যয়ৰ তথ্য লিপিৱদ্ধ কৰা

-          বীজৰ দাম আৰু খৰচ

-         কৃষি ৰাসায়নিক দ্ৰব্য, ৰাসায়নিক সাৰ আদিৰ দাম আৰু খৰচ

-         সা-সঁজুলি খৰচ

-         শ্ৰমিক-কৰ্মচাৰীৰ দৰমহা, হাজিৰা আদি

-         শস্য ৰোপনৰ খৰচ

-         শস্য চপোৱাৰ খৰচ

-         পৰিয়াল আৰু শ্ৰমিকৰ স্বাস্থ্যৰ খৰচ

-         অন্যান্য খৰচ যেনে, খাদ্য, পোছাক, পৰিবহন আদি

-         উৎপাদিত শস্যৰ পৰা হোৱা আয়

-         অন্যান্য আয়

-         উৎপাদিত শস্যৰ বিক্ৰি মূল্য

শস্য পথাৰৰ তথ্য

-         ডৰাৰ নাম

-         স্থান

-         মাটিৰ গৰাকীৰ নাম

-         বিশেষজ্ঞ বা প্ৰশাসকৰ নাম

-         ৰোপন এলেকা

শস্য পথাৰৰ কাম-কাজৰ বিৱৰণ

-         কিমান পৰিমাণৰ বীজ সিঁচা হ’ল

-         শস্য পথাৰত প্ৰয়োগ কৰা কৃষি ৰাসায়নিক দ্ৰব্য, ৰাসায়নিক সাৰ, পচন সাৰৰ পৰিমাণ

-         শস্য পথাৰত কৃষি ৰাসায়নিক দ্ৰব্য, ৰাসায়নিক সাৰ, পচন সাৰৰ প্ৰয়োগ কৰা তাৰিখ

-         প্ৰয়োগ কৰা কৃষি ৰাসায়নিক দ্ৰব্য, ৰাসায়নিক সাৰ, পচন সাৰৰ নাম আৰু সেইবোৰ প্ৰয়োগ কৰা শ্ৰমিকৰ নাম

-         পচন সাৰ ক’ৰ পৰা অনা হৈছে

-         পথাৰত কাম কৰা শ্ৰমিকৰ নাম

-         কীট আৰু ৰোগ-ব্যাধি নিয়ন্ত্ৰণ

শস্য চপোৱা:

-         শস্য চপোৱা তাৰিখ

-         চপোৱা শস্যৰ পৰিমাণ

-         চপোৱা কাম জড়িত শ্ৰমিকৰ পৰিমাণ

-         উৎপাদিত সামগ্ৰী যোগান ধৰা তাৰিখ

-         যোগান ধৰা  উৎপাদিত সামগ্ৰীৰ পৰিমাণ

-         সামগ্ৰী কিনোতাৰ নাম

-         পৰিবহন কৰা ব্যক্তিৰ নাম-ঠিকনা

গ্ৰাহকে কেনেকৈ জানিব যে উৎপাদিত শস্য “সজ কৃষি অনুশীলন”ৰ দ্বাৰা খেতি কৰা হৈছে

-         খাদ্য সামগ্ৰীসমূহ সজ কৃষি অনুশীলনৰ দ্বাৰাই যে তৈয়াৰী সেইবিষয়ে গ্ৰাহকে পেকিং চায়েই গম পাব লাগিব

-         ভাল বিক্ৰি ব্যৱস্থা থকা স্থানত উৎপাদিত সামগ্ৰী বিক্ৰি কৰিব লাগে

-         গ্ৰাহকে উৎপাদিত সামগ্ৰীৰ স্বীক্ৰতি প্ৰদান কৰা তথ্য বিক্ৰি স্থানত ওলোমাই ৰাখিব লাগিব

সজ কৃষি অনুশীলন পালন কৰাতো প্ৰতিজন লোকৰে দায়িত্ব

-সমাপ্ত-

 (ৰাষ্ট্ৰ সংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organisation) Guidelines “Good Agricultural Practices” for Family Agriculture পুস্তিকাৰ সহায়ত এইলানি ৰচনাসেউজ চিন্তাৰ পাঠকৰ বাবে আগবঢ়োৱা হৈছে- সম্পাদক, সে.চি.)

Source: Guidelines “Good Agricultural Practices” for Family Agriculture- FAO publication

 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান