জৈৱিক পদ্ধতিৰে আদা খেতি
নয়ন কুমাৰ বৰা
অসমৰ পানী জমা নোহোৱা, ওখ দোমোজা মাটি, বিশেষকৈ পাহাৰীয়া অঞ্চলৰ মাটি আদা খেতিৰ বাবে উপযুক্ত। অসমৰ জলবায়ুও এই খেতিৰ বাবে উপযুক্ত। আদা খেতিৰ বাবে মাটিত প্ৰচুৰ পৰিমাণে জৈৱিক পদাৰ্থ (হিউমাছ) থাকিব লাগে। আদাৰ গছে ছাঁ ভাল পাই বাবে ইয়াৰ খেতি অন্তৱৰ্তী শস্য হিচাপেও কৰিব পাৰি। অসমৰ গ্ৰামাঞ্চলত তামোল বাৰীৰ মাজতো এই খেতি কৰিব পাৰি।
মাটি কেনেকৈ প্ৰস্তুত কৰিব?
ডিচেম্বৰ-জানুৱাৰী
মাহতে মাটিখিনি ভালদৰে পৰিষ্কাৰ কৰি, বন-বাত আঁতৰাই ভালদৰে চহাব লাগে। মাটিডৰাত ১ মিটাৰ
বহল আৰু ২৫ ছেন্টিমিটাৰ ওখ কিছুমান ভেটি তৈয়াৰ কৰিব লাগে। দুটা ভেটিৰ মাজত দূৰত্ব ৪০
ছেন্টিমিটাৰ হব লাগে। তেনেকৱা ২৫ টা ভেটিৰ অন্তৰে অন্তৰে একোটা পানী নিৰ্গমনৰ নলা তৈয়াৰ
কৰিব লাগে।
অসম কৃষি বিশ্ব-বিদ্যালয়ে
অনুমোদন জনোৱা জাতবোৰ হ’ল- মৰাণ, নদিয়া, কাৰকাই, যোৰহাট, চীনা, বৰ্ধমান আৰু ৰি-দি-জেনেৰিঅ
(অলিঅৰেজিন নিষ্কাশনৰ বাবে উপযুক্ত)।
আন্তৰ্জাতিক বজাৰত চাহিদাসম্পন্ন
আদাৰ জাতবোৰ হ’ল-
ৰি-দি-জেনেৰিঅঃ আদাৰ প্ৰকন্দবোৰ শকত, বাকলিৰ ৰং গোমা হালধীয়া, স্বাদযুক্ত, তীব্ৰ গোন্ধ আৰু আঁহৰ পৰিমাণ কম।
মৰাণঃ প্ৰকন্দৰ আকাৰ মধ্যমীয়া, বাকলিৰ ৰং গোমা হালধীয়া, উগ্ৰ স্বাদ আৰু গোন্ধ আৰু আঁহৰ পৰিমাণ কম।
নদিয়াঃ প্ৰকন্দৰ আকাৰ
মধ্যমীয়াৰ পৰা শকত, ৰং হালধীয়া, স্বাদ আৰু গোন্ধ মধ্যমীয়া, আঁহৰ পৰিমাণ কম।
থিংপুইঃ প্ৰকন্দৰ আকাৰ
মধ্যমীয়া, বাকলিৰ ৰং গোমা হালধীয়া, স্বাদযুক্ত, তীব্ৰ গোন্ধ আৰু আঁহৰ পৰিমাণ কম।
ৱাইনাদঃ আদাৰ প্ৰকন্দবোৰ
শকত, বাকলিৰ ৰং গোমা হালধীয়া, স্বাদযুক্ত,
তীব্ৰ গোন্ধ আৰু আঁহৰ পৰিমাণ কম।
নতুনকৈ উদ্ভাবিত
কিছুমান জাত হ’ল- সুপ্ৰভা, শুৰুচি, সুৰভি, হিমগিৰি, আই.আই. এচ. আৰ-ৰেজেথা, আই.আই. এচ.
আৰ-মহিমা, আই.আই. এচ. আৰ-বাৰাদা, মানানটোডি
ক্ৰমিক নং |
বৈশিষ্ট |
বিশেষ শ্ৰেণীৰ
আদা |
সাধাৰণ মানদণ্ডৰ
আদা |
১ |
দৈৰ্ঘতা (মিলিমিটাৰ) |
২০.০ |
১৫.০ |
২ |
বহিঃ জৈৱিক পদাৰ্থ (% মিঃমিঃ) |
১.৫ |
২.০ |
৩ |
বহিঃ ৰাসায়নিক পদাৰ্থ (% মিঃমিঃ) |
০.৫ |
৬.০ |
৪ |
আদ্ৰতা ((% মিঃমিঃ) |
১২.০ |
১৩.০ |
৫ |
মুঠ ছাঁই ((% মিঃমিঃ) |
৮.০ |
১২.০ |
৬ |
কেলচিয়াম (% মিঃমিঃ) |
১.১ |
৪.০ |
৭ |
উদ্বায়ী তেল (মিলিলিটাৰ/ ১০০ গ্ৰাম) |
১.৫ |
৪.০ |
সাধাৰণ গুণাগুণসমূহঃ
-
আদাবোৰ
শুকান টুকুৰা হ’ব লাগে, অনিয়মীয়া আকাৰৰ, ঢেলা মুগা বৰণৰ হ’ব লাগে।
-
বাকলিবোৰৰ
সৈতে ইয়াৰ আঁহৰ পৰিমাণ জাত অনুযায়ী সঠিক হ’ব লাগে।
-
আদাবোৰ
চূণ পানীৰ দ্বাৰা শোধন হ’ব লাগে।
-
ইয়াৰ
সোঁৱাদ আৰু গোন্ধ জাত অনুযায়ী সঠিক হ’ব লাগে, মলঙি যোৱা হ’ব নেলাগে বা টেঙা নাইবা তিতা
স্বাদৰ হ’ব নেলাগে।
-
কৃত্ৰিম
ৰঙৰ পৰা মুক্ত হ’ব লাগে।
-
ভেঁকুৰ
সংক্ৰমণৰ পৰা মুক্ত হ’ব লাগে, জীৱিত বা মৃত পোক-পৰুৱা থাকিব নেলাগে, পোক-পৰুৱাৰ গোন্ধ
থাকিব নেলাগে আৰু এন্দুৰ-নিগনিৰ দ্বাৰা নষ্ট কৰিব নেলাগে।
- কিছুমান নিষেধাজ্ঞা যেনে আফ্লাটক্সিন, ধাতুৰ দূষিত হোৱাৰ পৰা মুক্ত, কীট-নাশক বা ৰোগনাশকৰ অৱশিষ্টৰ পৰা মুক্ত, বিহ জাতীয় ধাতু আৰু প্ৰাকৃতিকভাৱে হ’ব পৰা দূষিত পদাৰ্থৰ মুক্ত হ’ব লাগিব।
ৰুবলৈ বিচৰা আদা কেনেকুৱা হ’ব লাগে?
নিৰোগী আৰু স্বাস্থ্যবান গছৰ পৰা উৎপাদিত হোৱা আদাহে ৰুবলৈ নিৰ্বাচন কৰিব লাগে। ইয়াৰবাবে আদা গছবোৰ ৬-৮ মহীয়া আৰু পাতবোৰ সেউজীয়া হৈ থাকোতেই চিনাক্তকৰণ কৰিব লাগে। চিনাক্তকৰণ কৰা গছবোৰৰ পৰা উৎপাদিত আটাইতকৈ ভাল আৰু কীট আৰু ৰোগৰ পৰা মুক্ত আদাৰ কন্দবোৰহে নিৰ্বাচন কৰিব লাগে। কন্দবোৰৰ গজালি নাইবা কলিবোৰ যাতে নষ্ট হৈ নেযায় তাৰবাবে আদা চপাওতে সাৱধান হ’ব লাগে। কন্দবোৰ জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ত (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) ৩০ মিনিট সময়ৰ বাবে শোধন কৰিব লাগে আৰু ছাঁত মেলি দি শুকুৱাই লব লাগে। শোধন কৰা আদাখিনি মজুত কৰি ৰাখিবৰ বাবে ছাঁ পৰা ঠাইত এটা গাঁত খান্দিব লাগে, গাঁতটোৰ তলিখনত বালি বা কাঠৰ গুড়ি বা ধানৰ বাকলিৰ এটি তৰপ দিব লাগে। তাৰ ওপৰত টোলোঠা পকা গছৰ পাতৰ (Glycosmis pentaphylla) এটি তৰপ দিব লাগে। এতিয়া তাৰ ওপৰত বীজৰ বাবে ৰখা আদাখিনি ৰাখিব লাগে আৰু গাঁতটো নাৰিকলৰ পাতেৰে ঢাকি দিব লাগে। মাহেকৰ মূৰত গাঁতটোত থকা আদাখিনি পৰীক্ষা কৰি থাকিব লাগে আৰু পচিবলৈ ধৰা আদা দেখিলে সেইবোৰ আঁতৰাই পেলাব লাগে।
|
আদা কেতিয়া কেনেকৈ ৰোপন কৰিব?
আদা ৰোপন কৰাৰ উপযুক্ত সময় হম’ল-এপ্ৰিল মাহৰ প্ৰথম পষেক। চ’ত-বহাগ মাহত প্ৰথম জাক বৰষুণ পৰাৰ পিছতে আদা ৰোপন কৰিব লাগে। জলসিঞ্চনৰ সুবিধা থাকিলে ফেব্ৰৱাৰী মাহৰ মাজভাগতে আদা ৰোপন কৰিব পাৰি (বিশেষকৈ কেঁচা আদা উৎপাদন কৰিবৰ বাবে)
ৰোপন দূৰত্বঃ
দুজোপা গছৰ মাজত- ২০-২৫ ছেন্টিমিটাৰ, দুটা শাৰীৰ মাজত- ২০-২৫ ছেন্টিমিটাৰ। অন্ততঃ এটা গজালি ওপৰমুবাকৈ ৪-৫ ছেন্টিমিটাৰ দ’ত এটুকুৰা কন্দ ৰোপন কৰিব লাগে। প্ৰতি বিঘাত প্ৰায় ২০০ কিলোগ্ৰাম আদা ৰোপন কৰিব পাৰি। ৰোপনৰ আগতে কন্দবোৰ জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ত (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) ৩০ মিনিট সময়ৰ বাবে শোধন কৰিব লাগে আৰু ছাঁত মেলি দি শুকুৱাই লব লাগে।
জৈৱিক সাৰ প্ৰয়োগঃ
- পচন সাৰ/ গোৱৰ – প্ৰতি বিঘাত প্ৰায় ৩৫ কুইন্টল শেষৰবাৰ মাতি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে। এইসময়তে এয’স্পিৰিলাম নাইবা অন্য উদ্ভিদ বৃদ্ধিকাৰক বেক্টেৰীয়া (প্ৰতি বিঘাৰ বাবে ৩৩৪ গ্ৰাম) প্ৰয়োগ কৰিব পাৰি।
- উক্ত জৈৱিক সাৰ পুনৰ ৪ কুইন্টলকৈ ৰোৱাৰ ৬০ দিন আৰু ১২০ দিনত দুবাৰ প্ৰয়োগ কৰিব লাগে।
- আদা ৰোপন কৰাৰ স্থানত আগতীয়াকৈ মিহলি কৰি লোৱা পচন সাৰ, ট্ৰাইক’দাৰমা ভিৰিদি আৰু নিম খলিহৈৰ ১০০ গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। পচনসাৰৰ সলনি কেঁচুসাৰো প্ৰয়োগ কৰিব পাৰি।
- আদা ৰোপন কৰাৰ পিছতে ডাঠ সেউজীয়া গছৰ পাতেৰে (বিঘাই প্ৰতি ২০ কুইন্টল) ঢাকি দিব লাগে। পুনৰ ৰোৱাৰ পৰা ৪৫-৬০ আৰু ৯০-১২০ দিনত একোবাৰকৈ আচ্ছাদন (বিঘাই প্ৰতি ১০ কুইন্টল) দিব লাগে।
- আদাৰ ভেটিবোৰৰ মাজত ধইনচা নাইবা শণ আদি সেউজ সাৰৰ গছৰ বীজ সিঁচি দিব লাগে আৰু দ্বিতীয়বাৰ আচ্ছাদন দিয়াৰ সময়ত গছবোৰ কাটি ভেটিবোৰত জাপি দিব পাৰি।আদাৰ ভেটিবোৰত আচ্ছাদন দিয়াৰ আগতে বন-বাতবোৰ নিৰণি কৰিব লাগে। পিছত মাটি চপাই উক্ত বন-বাতবোৰ আচ্ছাদন হিচাপে ব্যৱহাৰ কৰিব পাৰি।
শস্যৰক্ষাঃ
মজাখোৱা পোকঃ
আদাৰ
ঠোৰৰ মাজত সোমাই এই পোকৰ পলুৱে খাই আৰু ঠোৰটো হালধীয়া হৈ পৰে, পিছত শুকাই যায়। এনেকুৱা
আদা গছৰ ঠোৰবোৰ কাটি পলুবোৰ উলিয়াই নষ্ট কৰিব লাগে। আদা খেতিৰ কাষত নিম গছ ৰোপন কৰিলে
এই পোক আদা খেতি আক্ৰমণৰ পৰা আঁতৰত থাকে।
আদাৰ কন্দ আৰু শিপাবোৰ খাই অনিষ্ট কৰে। এনে পোকবোৰ উলিয়াই নষ্ট কৰিব লাগে। ‘মেটাৰিঝিয়াম এনিচপ্লি’ নামৰ ভেঁকুৰ গো-মূত্ৰৰ লগত মিহলাই গছৰ গুৰিৰ মাটিত প্ৰয়োগ কৰিলে এই পোক নিয়ন্ত্ৰণ হয়।
শস্যকৃমিঃ
নিয়ন্ত্ৰণৰ বাবে বিঘাই প্ৰতি ৩৩৪ কিলোগ্ৰাম নিম খলিহৈ প্ৰয়োগ কৰিব লাগে। আদা ৰোপনৰ ৪৫ দিনৰ পিছত পুনৰ এবাৰ প্ৰয়োগ কৰিব লাগে।
আদাৰ কন্দ পচা আৰু বেক্টেৰীয়াজনিত
লেৰেলি যোৱা ৰোগঃ
-
আদা
খেতিৰ মাটিত পানী জমা নহবৰ বাবে সুন্দৰ নলাৰ ব্যৱস্থা থাকিব লাগে।
-
ৰোৱাৰ
আগতে আদাৰ কন্দবোৰ জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ত (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত)
৩০ মিনিট সময়ৰ বাবে শোধন কৰিব লাগে আৰু ছাঁত মেলি দি শুকুৱাই লব লাগে।
-
জৈৱিক
সাৰ প্ৰয়োগ কৰোতে সেইবোৰৰ লগত ‘ট্ৰাইক’দাৰমা ভিৰিদি’ ভেঁকুৰনাশক মিহলাব লাগে।
- ৰোৱাৰ ৪৫ দিনৰ পিছত আদাৰ পাতত আৰু গুৰিৰ মাটিত জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ অনুমোদিত হাৰত স্প্ৰে কৰিব লাগে। পুনৰ এমাহৰ অন্তৰে অন্তৰে ৰোগ চকুত পৰাৰ লগে লগে প্ৰয়োগ কৰিব লাগে।
আদা চপোৱা আৰু সংসাধন কৰাঃ
-
কেঁচা
আদা হিচাপে বিক্ৰি কৰিবলৈ ৰোৱাৰ ৬ মাহৰ পিছৰ পৰাই চপাব পাৰি।
-
শুকান
আদাৰ বাবে ৰোৱাৰ ২৪৫-২৬০ দিনৰ পিছত চপাব লাগে।
-
চপোৱাৰ
পিছত আদাৰ লাগি থকা শিপা আৰু মাটিবোৰ আঁতৰাই চাফা কৰিব লাগে। চাফা কৰিবৰ বাবে আদাবোৰ
এৰাতিৰ বাবে পানীত তিয়াই ৰাখিহে পিছদিনা চাফা কৰিব লাগে। বাঁহৰ চোচেৰে নাইবা অন্য তেনে
সঁজুলিৰে আদাৰ বাকলিবোৰ এৰুৱাব লাগে। কেতিয়াও ধাতুৰ কটাৰী বা সঁজুলি ব্যৱহাৰ কৰিব নেলাগে।
কাৰণ ধাতু ব্যৱহাৰ কৰিলে আদাৰ ৰঙ বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে।
-
আদাখিনি
পিছত ৰ’দত শুকুৱাব লাগে। মাজে মাজে আদাবোৰ লৰাই-বগৰাই থাকিব লাগে।
-
শেষত
আদাৰ হাতেৰে মোহাৰি পৰিষ্কাৰ কৰিব লাগে।
- আদাৰ পৰা তেল উলিয়াবলৈ হলে আদাৰ গুড়িৰ পৰা বাস্পীভৱন পাতন প্ৰক্ৰিয়াৰে নিষ্কাশন কৰা হয়। ইয়াৰবাবে বাণিজ্যিকভাবে উদ্যোগ স্থাপন কৰিব লাগিব। আদাৰ তেলৰ বিভিন্ন পানীয় উদ্যোগত ব্যৱহাৰ হয়।
- আদাৰ পৰা অলিঅ’ৰেজিন নামৰ দ্ৰব্য নিষ্কাশন কৰিব পাৰি আৰু বিভিন্ন উদ্যোগত ইয়াৰ চাহিদা আছে।
(ইন্টাৰনেটৰ বিভিন্ন উৎসৰ সহায় লৈ
এই লিখনি প্ৰস্তুত কৰা হৈছে। ফটোৰ উৎসঃ ইন্টাৰনেট)