Posts

Showing posts from March, 2019

নতুন প্ৰযুক্তি, নতুন আশা :: কৃষক ক্ষীৰোদ শৰ্মাৰ কথাৰে

Image
জ্যোতি বিকাশ নাথ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুকীচকী নিকটৱৰ্তী বৰাচুক গাঁৱৰ যুৱক ক্ষীৰোদ শৰ্মাই সেউজীয়া মন এটি লৈ কিদৰে নিজৰ খেতি-পথাৰত দুহাত মেলি দিছে সেয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। চৰকাৰীভাবে কিছু স্বীকৃতি, কাৰোবাৰ অকনমান উৎসাহে পৰম্পৰাগত অভ্যাসবোৰ সলনি হোৱাত অৰিহনা যোগাব। খেতি কৰাতো ক্ষীৰোদ শৰ্মাৰ দৰে যুৱকৰ হবি নহয়, এয়া জীৱন নিৰ্বাহৰ একমাত্ৰ উপায়। সেয়ে পৰীক্ষামূলকভাবে মাটিডৰাত নতুন সিদ্ধান্ত এটি লবলৈ যাওতে হোঁহকা-পিছলা কৰাতো স্বাভাৱিক। কিন্তু এইবোৰ নেওচি আগবাঢ়ি যোৱাটোৱেই হল এজন প্ৰকৃত উদ্যমীৰ লক্ষণ। ক্ষীৰোদ শৰ্মা হল তেনে এজন প্ৰকৃত উদ্যমী।

বাহেক বা তিতা বাহেক

Image
ড০ জয়ন্ত ডেকা আৰু ড০ ঈশ্বৰ চন্দ্ৰ বৰুৱা   বৈজ্ঞানিক নাম : Adhatoda vasica Medik ,  গোত্র : Acanthaceae,  ইংৰাজী নাম : ভাচাক,  অন্য নাম : অদুকা , বানচা ভাচিকা , পিয়াবানচা ( হিন্দী ),  বাণিজ্যিক নাম : ভাচক           আয়ুৰ্বেদ , হোমিওপেথি , এল ’ পেথি , য়ুনানি সিদ্ধ আৰু আন সকলো চিকিৎসা পদ্ধতিতে তিতা বাহেক বা বাহেক ঔষধ হিচাবে ব্যৱহৃত হয়। বাহেকৰ পাত , শিপা , ফুল , ফল আদি সকলো অংশই বিভিন্ন দৰৱ প্ৰস্তুতকৰণত প্ৰয়োজন হয়। যাৰ ঘৰত বাহেক গছ আছে তাৰ ঘৰত কাঁহ , কফ আদি ৰোগে কেতিয়াও শিপাব নোৱাৰে বুলি জনা বিশ্বাসেই ঔষধি উদ্ভিদে হিচাপে থকা বাহেকৰ ঐতিহ্যৰ চিন। বাহেকৰ ভৌগালিক বিস্তৃতি সমগ্ৰ ভাৰত উপমহাদেশৰ পৰা দক্ষিণ পূৱ এচিয়ালৈ প্ৰসাৰিত।

নাঙলৰ কথা

Image
দেবেন্দ্ৰ চন্দ্ৰ বৰুৱা   এসময়ত মানুহে উপলব্ধি কৰিছিল চহ মাটিত বীজ সিঁচাৰ প্ৰয়োজনীয়তা । চহ মাটিত যে খেতি ভাল হয় সেই কথা সৃষ্টিশীল মানুহৰ উৰ্বৰ মস্তিষ্কই শিকি লৈছিল । কিন্তু চহ কৰা যায় কেনেকৈ ? গুহাত বাস কৰি তল সৰা ফলমূল খাই জীৱন যাপন কৰা মানুহৰ সন্মুখত উদয় হোৱা এই প্ৰশ্ন আৰু প্ৰশ্ন হৈ নাথাকিল । চিন্তা কৰি উলিয়ালে মাটি চহোৱা কৌশলৰ । গছৰ দীঘল ঠাৰি এডালেৰেই চোন কোবাই কোবাই মাটিৰ উপৰিভাগৰ তৰপ এটা ভাঙি উলিয়াব পাৰি । সৰ্বপ্ৰথম মাটি চহোৱা সঁজুলিৰ আৱিষ্কাৰৰ সবিশেষ তথ্য জনা নাথাকিলেও ইয়াৰ ব্যৱহাৰ যে খৃ : পূ : ৬০০০ বছৰ আগৰ সেই কথা জনা গৈছে । সম্ভৱতঃ বিশেষ আকাৰৰ গছৰ ঠালেৰে মাটি চহোৱাৰ অনেক অসুবিধা আৰু সেয়েহে ইয়াক লৈয়েই মানুহ সন্তুষ্ট নাথাকিল । উন্নতভাবে জীয়াই থকাৰ নতুন নতুন কৌশলৰ কথা চিন্তা নকৰি গছৰ ঠালতেই সন্তুষ্ট থকা হ ’ লে বোধহয় আজি আমাৰ অৱস্থানো পূৰ্বপুৰুষৰ দৰে ক ’ ৰবাৰ শিলৰ গুহাত হ ’ লহেতেন ।

অসমৰ বাওধানৰ খেতি : সমস্যা আৰু সম্ভাৱনীয়তা

Image
ড০ কিশোৰ কুমাৰ শৰ্মা   ধানৰ বৈচিত্ৰতাৰ বাবে অসম তথা উত্তৰ পুৰ্বাঞ্চল সমগ্ৰ বিশ্বতে জনাজাত । এই অঞ্চলত বিভিন্ন ধৰণৰ ধানৰ জাত পোৱা যায় । ওখ পাহাৰৰ পৰা আৰম্ভ কৰি অনবৰত পানী জমা হৈ থকা পথাৰলৈকে ধানৰ খেতি কৰা হয় । বেলেগ বেলেগ ধানৰ জাতৰ খেতি আমাৰ কৃষকসকলে প্ৰাচীন কালৰে পৰা কৰি আহিছে । এই অঞ্চলত এজন মানুহৰ জন্মৰ পৰা মৃত্যুলৈ , পূজা - পাৰ্বণৰ পৰা আদি কৰি উৎসৱ আদিলৈ ধানৰ ব্যৱহাৰ কৰা হয় । জলপান , পিঠা - পনাকে আদি কৰি পানীয় আদিও   ধান - চাউলৰ পৰাই প্ৰস্তুত কৰা হয় । সকলো প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ ধানৰ জাত ব্যৱহাৰ কৰা হয় । সেয়েহে এই অঞ্চলতোত হাজাৰ হাজাৰ বিধ ধানৰ জাত পোৱা যায় ।  

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান