পদিনাৰ খেতিৰেও লাভজনক কৃষি ব্যৱসায় কৰিব পাৰি
ড০ জয়ন্ত ডেকা
আৰু ড০ ঈশ্বৰ চন্দ্ৰ বৰুৱা
বৈজ্ঞানিক
নাম : Mentha Spp.
গোত্র : Lamiaceae
ইংৰাজী
নাম : Mint
অন্য
নাম : পদিনা (হিন্দী)
বাণিজ্যিক
নাম : পদিনা
ব্যৱহাৰ
পদিনাৰ পৰা তেল আহৰণ কৰা হয়। এই তেলৰ প্ৰধান উৎপাদন হ’ল মেন’থল।
এই
উপাদান বিভিন্ন ঔষধি আৰু সুগন্ধি দ্ৰব্য উৎপাদনত ব্যৱহৃত হয়।
মেনথা
চলি
(flakes), মেনথা স্ফটিক (crystals) আদিতো মেনথল প্ৰয়োগ হয় আৰু এইবিলাক
টুথপেষ্ট, আফটাৰ চেভলন’চন, চুলিত লগোৱা চেম্পু, পান মচলা, মিঠাই, চুইংগাম আৰু বাবলগাম, কাঁহ,
পানী লগা বেমাৰ আৰু বিষ আদিৰ উপশম কৰা দৰৱ আদিৰ উপৰিও খৰ-খজুৱতীৰ দৰৱ, কনড’ম, চিগাৰেট আদিতো বহুলভাৱে ব্যৱহাৰ হয়।
গৱেষণাৰ
ফলাফলে এই কথাও প্ৰমাণ কৰিছে যে আৰম্ভণিৰ পৰ্যায়ত এইডছ ৰোগৰ নিয়ন্ত্রণতো ই কামত আহে।
উদ্ভিদৰ বিৱৰণ:
পদিনা এবিধ অস্থানিক মূল আৰু কোমল কাণ্ডৰে সৈতে বহুবৰ্ষী বনজাতীয় সুগন্ধি উদ্ভিদ। কাণ্ড ৪ শিৰীয়া, লেহুকা আৰু নিম্নাংশ বগুৱাবোৱা। পাত সৰল, বিপৰীতিৰ্যকাপন্ন, কোমল, খাজকটা দাঁতিৰে সৈতে সুগন্ধিযুক্ত। ফুলবোৰ নিচেই সৰু, পত্র অক্ষত বা কাণ্ডৰ শীৰ্ষভাগত থোপাবন্ধি থাকে। বৃত্তি সংলগ্ন, ৫টা লতিযুক্ত। দল সংলগ্ন, লতি ৪ টা, পুংদণ্ড ৪ ডাল, চুটী মসৃণ; পৰাগধানী ২ টা কোঠালীযুক্ত। গৰ্ভদণ্ড চুটীকৈ দুভাগত বিভক্ত; গৰ্ভাশয় ৪ কোঠলীযুক্ত। ফল মসৃণ।
সংৰচন উৎপাদন
জাপানী পদিনাত প্ৰধানকৈ ৬৫-৭৫% মেনথল, ৮-১২% মেনথল আৰু ৪-৫% মিথাইল এচিটেড থাকে।
উৎপাদনৰ প্ৰযুক্তি কৌশল:
উপযুক্ত জাত: ৰয়-১, কিৰণ।
মাটি আৰু জলবায়ু
পদিনা খেতিৰ বাবে পানী বন্ধ নোহোৱা সাৰুৱা প্ৰমৃদাযুক্ত বা প্ৰমৃদাযুক্ত আলতীয়া মাটি উপযুক্ত। মাটিৰ পি.এইচ ৬.৫-৭.০ এই খেতিৰ বাবে উপযুক্ত।
মাটি প্ৰস্তুতি আৰু সাৰৰ ব্যৱস্থাপনা
কেইচাহমান হালবাই ভালকৈ মিহি কৰি মাটি প্ৰস্তুত কৰিব লাগে। মাটিত থকা জাৱৰ-জোঁথৰ আৰু বন-বাতৰ শুকান মূঢ়াবিলাক আঁতৰাই ল’ব লাগে।
ৰোপনৰ আগতেই প্ৰতি হেক্টৰ মাটিত কমেও ১০ টন পচনসাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি হেক্টৰে প্ৰতি ১৫০ কি:গ্ৰা: নাইট্ৰ’জেন, ৮০ কি:গ্ৰা: ফছফেট আৰু ৬০ কি:গ্ৰা: পটাছ সাৰ মাটিত দিব লাগে। নাইট্ৰ’জেন সাৰৰ এক তৃতীয়াংশ (৫০ কি:গ্ৰা:) ফছফেট আৰু পটাছ সাৰখিনিৰ লগতে একেলগে ৰোপনৰ আগে আগে দিয়া হয়। বাকী থকা নাইট্ৰ’জেন সাৰখিনি ভাগ কৰি প্ৰতিবাৰ শস্য চপোৱাৰ পিচত টপড্ৰেছিং কৰিব লাগে।
প্ৰবৰ্ধন আৰু ৰোপন পদ্ধতি
পদিনা সাধাৰণতে গছৰ ধাৱক (runner) বা শিপাযুক্ত কাটিঙৰ পৰা প্ৰবৰ্দ্ধন হয়। এক হেক্টৰ মাটি ৰুবলৈ ২.৫-৩.৫ কুইন্টল এনে শোষক(suckers)ৰ প্ৰয়োজন হয়। শোষকসমূহ ১২-১৫ ছে:মি: আঁতৰে আঁতৰে কৰা লোৰ সমূহত ৰুব লাগে। ৰুবলৈ লোৱা শোষকসমূহ শিপা পচা ৰোগৰ পৰা প্ৰতিৰক্ষাৰ বাবে ইণ্ডফিল-এম-৪৫-ৰ ০.১% দ্ৰৱণত ৫-১০ মিনিটৰ বাবে শোধন কৰি ল’ব লাগে।
ৰোৱাৰ উপযুক্ত সময় হ’ল নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী পৰ্য্যন্ত। ৰোৱাৰ পিছতেই উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰা অতি প্ৰয়োজনীয়।
বাৰিষাৰ আৰম্ভণিতেই এবাৰ, বাৰিষা যোৱাৰ পাচতো এবাৰ আৰু সম্ভৱ হ’লে নৱেম্বৰ মাহ মানত আকৌ এবাৰ, মুঠ ২-৩ বাৰ পদিনাৰ পাত চপাব পৰা হয়।
জলসিঞ্চন
খৰাং বতৰত এদিনৰ অন্তৰে অন্তৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।
আন্ত: আবাদী ব্যৱস্থা
প্ৰতিবাৰ শস্য চপোৱাৰ পিছত শস্যডৰাত কোৰ মাৰি মাটি কোমল কৰি দিব লাগে। এনেদৰে দুৱাৰ কোৰ মাৰিলেই বন-বাত সমূহৰো সফল নিৰণি হয়।
বিভিন্ন ৰোগ আৰু পোক-পতঙ্গৰ আক্ৰমণৰ পৰা তলত দিয়া ধৰণে শস্যৰ প্ৰতিৰক্ষা কৰিব পাৰি।
১। এই শস্য পাতত বগা পৰা ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। এই ৰোগৰ নিয়ন্ত্রণৰ বাবে পানীত সিক্ত চালফাৰ (water surplus) হেক্টৰে প্ৰতি ১ কি:গ্ৰা: নাইবা ‘কাৰাথেন’ হেক্টৰত ৫০০ মি:লি: হিচাবত ৬২৫ লি: পানীত দ্ৰৱীভূত কৰি ১০-১৫ দিনৰ ব্যৱধানত স্প্ৰে কৰিব লাগে। প্ৰতি হেক্টৰত ২০-২৫ কি:গ্ৰা: চালফাৰ পাউদাৰ ডাষ্টিং কৰিলেও ৰোগ নিয়ন্ত্রণ হয়।
২। পাত জ্বলা ৰোগৰ দ্বাৰা এই শস্য আক্ৰান্ত হ’লে ইণ্ডফিল-জেদ-৭৮ বা ফাইট’লান নাইবা ডাইফলেটান প্ৰতি হেক্টৰ মাটিত ৬০০-১০০০ গ্ৰাম পৰিমাণে ৬২৫ লি: পানীৰ লগত মিহলাই স্প্ৰে কৰিব লাগে। ইণ্ডফিল-জেদ-৭৮ ৰ লগত ‘কাৰাথেন’ দৰৱৰ মিশ্ৰণ প্ৰয়োগ কৰিলে পাত জ্বলা আৰু পাতত বগা পৰা দুয়োটা ৰোগৰ পৰাই পৰিত্রাণ পাব পাৰি।
৩। পুলিৰ গুৰি পচা বেমাৰ (Wilt): ধাৱক বা শোষক দুয়োবিধ ৰোপণ সামগ্ৰীয়েই প্ৰতি কিলোগ্ৰামত ২ গ্ৰাম হিচাপে বেভিষ্টিন ভেঁকুৰনাশকৰে শোধন কৰিলে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি।
৪। এই শস্যত উঁইজাতীয় পোক (termite) ৰ আক্ৰমণ হোৱা দেখা যায়। মালাথিয়ন ৫% পাউদাৰ (প্ৰতি হেক্টৰ মাটিত ২৫ কি:গ্ৰা: পৰিমাণত) মাটি প্ৰস্তুতিৰ সময়ত প্ৰয়োগ কৰিলে ইয়াৰ পৰা পৰিত্রাণ পাব পাৰি।
৫। মোৱাপোকৰ দ্বাৰা শস্য আক্ৰান্ত হ’লে ৬২৫ লি: পানীত ৬২৫ মি:লি: মালাথিয়ন কীটনাশক মিহলাই ১ হেক্টৰ মাটিৰ শস্যত স্প্ৰে কৰিব লাগে। এই স্প্ৰে প্ৰতি ১০-১৫ দিনৰ অন্তৰত আকৌ কৰিব লাগে।
৬। ইয়াৰ বাহিৰেও পাত শোহা পোক আৰু পাত খোৱা বিছা জাতীয় পোকৰ আক্ৰমণ হয় যদিও এইবিলাকে বিস্তৃত ক্ষতি সাধন নকৰে।
শস্য চপোৱা কাৰ্য
শস্য চপোৱাৰ সময়ত বিশেষ সাৱধানতা নল’লে উৎপাদন হ্ৰাস পায়। ৰ’দ চোকা হ’লে ৰাতিপুৱাৰ ভাগতে শস্য চপোৱাৰ কাৰ্য্য সমাপ্ত কৰিব লাগে।
উৎপাদন আৰু উপাৰ্জন
জাপানী পদিনাৰ প্ৰতি হেক্টৰ মাটিৰ পৰা ৭ মাহত দুৱাৰ শস্য চপালে ১৫০-২০০ কি:গ্ৰা: তেল উৎপাদন পাব পাৰি। একে ডৰা মাটিতে এই শস্যৰ পিছত যিকোনো এটা ৰবি শস্যৰ খেতি কৰিব পাৰি।
প্ৰতি কি:গ্ৰা: তেলৰ দাম ৩০০ টকা আৰু ১ কুইন্টল শোষক (sucker)-ৰ বিক্ৰী মূল্য ৮০০ টকা হিচাবত ধৰিলে এক হেক্টৰ মাটিৰ পৰা ১ ম আৰু ২ য় বৰ্ষত ১.২০ লাখকৈ টকা মুঠ উপাৰ্জন হয়। ১ ম বৰ্ষৰ খৰছ ৩০,০০০ আৰু ২য় বৰ্ষৰ খৰছ ২৩,০০০ হেজাৰ টকা বাদ দিলে লাভৰ পৰিমাণ হয়গৈ ক্ৰমান্ধয়ে ৯০,০০০ আৰু ৯৭,০০০ টকা। (উক্ত হিচাপ ২০০৮ চনৰে)
(লেখকদ্বয় অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাটৰ অধ্যাপক, উৎস: ঔষধি আৰু সুগন্ধি শস্যৰ ব্যৱসায়িক উৎপাদন)