প্ৰাকৃতিক আৰু মানব সম্পদৰ সঠিক ব্যৱহাৰ


প্ৰাকৃতিক আৰু মানব সম্পদৰ উপযুক্ত আৰু পৰিকল্পিত ব্যৱহাৰে এখন সমাজৰ উন্নয়নৰ পথ ৰচনা কৰে উত্পাদনী সম্ভাৱনা থকা প্ৰতিবিধ বস্তুৱেই হল আমাৰ সম্পদ এই সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ দ্বাৰা মানুহে খাবৰ বাবে এমুঠি অন্ন, পিন্ধিবৰ বাবে এসাজ কাপোৰ, থাকিবৰ বাবে এটি ঘৰৰ লগতে অৰ্থ উপাৰ্জনৰ বাবে শিল্প-উদ্যোগ তথা বেহা-বেপাৰৰ সমলখিনিও গোটাই লয় এনে সমল সংগ্ৰহৰ সফলতা নিৰ্ভৰ কৰে মানুহৰ ওপৰত দক্ষ, কৌশলপূৰ্ণ, বিজ্ঞানসন্মত শ্ৰমে প্ৰাকৃতিক সম্পদক পৰিণত কৰে অমূল্য সম্পদত
বৰ্তমান আমাৰ সমাজত প্ৰাকৃতিক আৰু মানব সম্পদৰ কিদৰে চূড়ান্ত অপচয় হৈছে সেয়া আমি সকলোৱে প্ৰত্যক্ষ কৰিছো অজস্ৰ সম্ভাৱনা থকাৰ স্বতেও লাখ লাখ শিক্ষিত যুৱক-যুৱতী নিবনুৱা হৈছে লাখ লাখ কৃষক, শ্ৰমিক আৰু কাৰিকৰে ব্যস্ত হৈ আছে কেৱল দুবেলা-দুমুঠি চাউল আৰু এসাজ কাপোৰ যোগাৰ কৰাত আমাৰ নিজৰ গাওঁ বিলাকলৈকে লক্ষ্য কৰোচোন সৰহখিনি মানুহৰে আজি পেটে-ভাতে খাই থকাৰ অৱস্থা হৈছে সাৰুৱা পথাৰৰ মাটি আছে, বাৰী মাটি আছে আৰু শ্ৰম কৰিব পৰা উপযুক্ত ব্যক্তিও আছে কিন্তু আৰ্থিক উন্নয়নহে হোৱা নাই গাঁৱৰ ভিতৰে-বাহিৰে আছে কৃষি, ক্ষুদ্ৰ উদ্যোগ, বাণিজ্য আদি উত্পাদনৰ অজস্ৰ সম্ভাৱনা পাৰ্গত শিপিনী, বাঢ়ৈ, ভাস্কৰ্য শিল্পী আদিও সিঁচৰিত হৈ আছে অনেকজন কিন্তু, উন্নয়নৰ আঁচনিবোৰে আজিকোপতি সেই সম্ভাৱনাবোৰৰ পৰিকল্পিত আৰু উপযুক্ত ব্যৱহাৰ কৰিব পৰা নাই যাৰফলত গ্ৰাম্য সমাজত প্ৰাকৃতিক আৰু মানব সম্পদৰ ব্যাপক অপচয় হৈছে

প্ৰাকৃতিক আৰু মানব সম্পদৰ এই ব্যাপক অপচয় ৰোধ কৰাৰ উপায় কি?
এইক্ষেত্ৰত এখন জনকল্যানকামী চৰকাৰৰে হ প্ৰাথমিক দায়িত্ব গ্ৰামাঞ্চলৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰবোৰ চিনাক্ত কৰি সেইবোৰৰ ওপৰত উপযুক্ত কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰি ৰূপায়নৰ বাবে জনগণক অংশীদাৰী কৰিব লাগিব ইয়াৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সফল ৰূপায়ন হব লাগিব এইটো প্ৰত্যক্ষ কৰা হৈ আহিছে যে পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে গ্ৰামাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা সাধাৰণতে কৰা নহয় ফলত সেই পঞ্চায়তৰ অধীনস্থ গাওঁসমূহত কেনেধৰণৰ অৰ্থনৈতিক কাম-কাজ কৰিব লাগিব সেয়া চৰকাৰী আঁচনিত অন্তৰ্ভূক্ত নহয় আৰু উৰ্দ্ধতম মহলৰ পৰা জাপি দিয়া আঁচনিসমূহেই ৰূপায়ন কৰিবলৈ প্ৰচেষ্টা লোৱা হয় ধৰি লোৱা হওক, এখন গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা নাই এতিয়া সেই গাঁওখনত যদি হাইব্ৰীড ধানৰ খেতি কৰিবলৈ দিয়া হয়, আঁচনিখন সফল হবনে? 

আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হল- তৃণমূল পৰ্যায়ত বিভিন্ন বিভাগসমূহৰ সমন্বয় তথা ঐক্যৱদ্ধ প্ৰচেষ্টাৰে আঁচনি ৰূপায়ন নোহোৱাতো বহুসময়ত একেখন আঁচনিকে বেলেগ ৰূপত কেইবাটাও বিভাগে ৰূপায়ন কৰে যাৰফলত হিতাধিকাৰীসকলে বিপাঙত পৰে আৰু আঁচনিৰ সফল ৰূপায়নত বেমেজালিয়ে দেখা দিয়ে সেয়ে প্ৰতিখন গাঁৱৰ বাবে অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা কি হব সেয়া তৃণমূল অৰ্থাত্ পঞ্চায়ত পৰ্যায়তে প্ৰতিটো বিভাগৰ সহযোগিতাত সিদ্ধান্ত লোৱা উচিত উক্ত অৰ্থনৈতিক পৰিকল্পনাত কেৱল যে চৰকাৰী বিভাগ সমূহেই অন্তৰ্ভূক্ত হব লাগে তেনে নহয়, বে-চৰকাৰী সংস্থা, বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান সমূহো জড়িত হোৱা উচিত এনেদৰেই এখন সুস্থ অৰ্থনৈতিক পৰিকল্পনাৰে প্ৰাকৃতিক আৰু মানব সম্পদৰ ব্যাপক অপচয় ৰোধ কৰিবলৈ শক্তিশালী কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰি
নয়ন কুমাৰ বৰা

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান