Posts

Showing posts from August, 2018

কৃষি উদ্যমীতা (Agri-Entrepreneurship)

Image
‘ এন্ট্ৰিপ্ৰিনিউৰশ্বিপ ’ বা উদ্যমীতা হ ’ ল বৰ্ত্তমান সময়ৰ এটি গুৰত্বপূৰ্ণ বিষয় । মুক্ত অৰ্থনীতি বিকাশৰ লগে লগে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতো এই উদ্যমীতাই সামগ্ৰিক অৰ্থনৈতিক দিশতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।  

কৃষকৰ মনৰ কথা : মই মাজুলীৰ ভকত চাপৰিৰ এজন কৃষকে কৈছো...

Image
বসন্ত বৰা মোৰ নাম বসন্ত বৰা । মই মাজুলীৰ অৰ্থনৈতিক ভঁৰাল স্বৰূপ এটি কৃষি প্ৰধান চাপৰি গাওঁ ভকত চাপৰিৰ এজন কৃষক । আমাৰ গাওঁখন বুৰঞ্জী প্ৰসিদ্ধ আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান আউমী আটী সত্রৰ নিচেই ওচৰতে অৱস্থিত । মোৰ পিতৃৰ নাম মৃত দেবেশ্বৰ বৰা আৰু মাতৃৰ নাম পুতলী বৰা । মই এজন খাটিখোৱা কৃষক । মোৰ কৃষি ভূমিৰ পৰিমাণ প্ৰায় ৩০ বিঘা যদিও আনৰ ভূমি চুক্তিৱদ্ধ হিচাবে লৈ প্ৰায় ৫০ বিঘা মাটিত খেতি - বাতি কৰি আহিছো । মোৰ কৃষি শস্যৰ খৰচ আৰু উৎপাদনৰ বিৱৰণ তালিকাত উল্লেখ কৰা হ ’ ল ।

শালিধানৰ অনিষ্টকাৰী কীটৰ শস্যৰক্ষা

Image
গা - গছ ছিদ্ৰকাৰী বা মজ্জা - খোৱা পোক Scirpophaga incertulas (Pyralid ae : Lepidoptera) -        মজ্জা - খোৱা পোকে ধানৰ কঠীয়াতলী , ৰোৱাৰ পিছত মূল পথাৰত , গেৰ ধৰা  অৱস্থাত আৰু ঠোকৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰিব পাৰে ।

প্ৰাকৃতিক আৰু মানব সম্পদৰ সঠিক ব্যৱহাৰ

Image
প্ৰাকৃতিক আৰু মানব সম্পদৰ উপযুক্ত আৰু পৰিকল্পিত ব্যৱহাৰে এখন সমাজৰ উন্নয়নৰ পথ ৰচনা কৰে । উত্পাদনী সম্ভাৱনা থকা প্ৰতিবিধ বস্তুৱেই হল আমাৰ সম্পদ । এই সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ দ্বাৰা মানুহে খাবৰ বাবে এমুঠি অন্ন, পিন্ধিবৰ বাবে এসাজ কাপোৰ, থাকিবৰ বাবে এটি ঘৰৰ লগতে অৰ্থ উপাৰ্জনৰ বাবে শিল্প-উদ্যোগ তথা বেহা-বেপাৰৰ সমলখিনিও গোটাই লয় । এনে সমল সংগ্ৰহৰ সফলতা নিৰ্ভৰ কৰে মানুহৰ ওপৰত । দক্ষ, কৌশলপূৰ্ণ, বিজ্ঞানসন্মত শ্ৰমে প্ৰাকৃতিক সম্পদক পৰিণত কৰে অমূল্য সম্পদত ।

কেইবিধমান উদ্ভিদজাত কীট-নাশকৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ

Image
  নিম গুটিৰ শাহৰ আৰকঃ প্ৰতি বিঘা শস্যৰ বাবে ১-১.৫ কিলোগ্ৰাম নিম গুটিৰ শাহৰ প্ৰয়োজন হয় । নিম গুটিৰ বাহিৰৰ বাকলি এৰুৱাই লৈ কেৱল শাহখিনি লব লাগে । যদি গুটিখিনি সতেজ হয়, তেতিয়া ৩ কিলোগ্ৰাম শাহৰ প্ৰয়োজন হয় । যদি গুটিখিনি পুৰণি হয়, তেতিয়া ৫ কিলোগ্ৰাম শাহৰ প্ৰয়োজন হয় । সংগ্ৰহ কৰা শাহখিনি থেতালি লৈ এটা মাটিৰ পাত্ৰত (কলহ) লব লাগে আৰু তাৰ লগত ১০ লিটাৰ পানী মিহলাব লাগে । পাত্ৰটোৰ মুখখন বান্ধি ৩ দিনৰ বাবে ৰাখি থব  লাগে ।  

নিৰাপদ আৰু খোৱাৰ উপযোগী ফল-মূল কেনেকৈ পকাব

Image
বিষাক্ত কেলছিয়াম কাৰ্বাইড প্ৰয়োগ কৰি ফল পকোৱাৰ বিষয়ে সকলোৱে কম - বেছি পৰিমানে জানিব পাৰিছে । তীখা উদ্যোগত ব্যৱহাৰ কৰা কেলছিয়াম কাৰ্বাইডত আৰ্চেনিক আৰু ফছফৰাচ থাকে , যিবোৰ আমাৰ শৰীৰৰ বাবে মাৰাত্মক । সেয়ে এই দ্ৰব্যবিধক ফল পকোৱাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে ।

সেউজ চিন্তা কিয় আৰু কাৰ বাবে

Image
আধুনি ক কৃষি বিজ্ঞান হ’ল, সুদীৰ্ঘ সময়ৰ পৰা মানুহে আহৰণ কৰা অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ ফল। ইয়াৰো এক সুনিৰ্দিষ্ট গতি আছে। ইয়াৰ বিৰূদ্ধাচৰণ কৰিলেই কৃষি বিজ্ঞানো হৈ পৰে অপবিজ্ঞান। সেয়েহে আধুনিক কৃষি বিজ্ঞানৰ উপকৰণসমূহ যেনে, ৰাসায়নিক সাৰ, কীট-নাশক, যন্ত্ৰ-পাতি প্ৰয়োগ কৰোতে যাতে হীন-ডেঢ়ি নহয় তাৰ প্ৰতি কৃষকসকল শিক্ষিত আৰু অভিজ্ঞ হোৱাতো দৰকাৰ। অন্যহাতে, আধুনিক কৃষিয়ে কঢ়িয়াই অনা বিভিন্ন সমস্যাসমূহ যেনে, মাটিৰ উৎপাদিকা শক্তি হ্ৰাস, কৃষি প্ৰদূষণৰ সমস্যা, অত্যধিক উৎপাদনী খৰছৰ বিপৰীতে নিম্নগামী আয়, নিচেই কম উৎপাদন আদি মোকাবিলা কৰিবলৈও কৃষকসকলক শিক্ষিত কৰি তোলাটো জৰুৰী হৈ পৰিছে।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান