শীতকালি মীনপালনত লবলগীয়া পদক্ষেপ

ড:বিভা চেতিয়া বৰা শৰত কাল অহাৰ লগে লগে পৰিৱেশৰ তাপমাত্ৰা কমি আহিবলৈ ধৰে। শীতকালৰ আগমনৰ লগে লগে পৰিৱেশৰ উষ্ণতা অধিক কমাৰ লগতে বৰষুণৰ পৰিমাণ ক্ৰমে কমি আহিব আৰু খৰাং বতৰত কিছুমান ঠাইৰ পুখুৰীৰ পানীৰ গভীৰতা কমি সমস্যাৰ সৃষ্টি হ ' ব। মাছ পালন ক্ষেত্ৰত এই সময়ছোৱা কিছু উদ্বেগৰ সময় বুলিব পৰা যায়। কাৰণ পৰিৱেশৰ উষ্ণতা কমি অহাৰ লগে লগে মাছৰ দৈহিক বৃদ্ধিৰ হাৰত তাৰ প্ৰভাৱ পৰিলক্ষিত হ ' ব। পুখুৰীৰ পানীৰ গভীৰতা , অন্যান্য গুণাগুণৰ লগতে মাছৰ প্ৰাকৃতিক আহাৰৰ উৎপাদনতো তাৰতম্য ঘটিব। উপযুক্ত সাৱধানতা অৱলম্বন নকৰিলে এই সময়ত মাছৰ ঘাঁ লগা বেমাৰকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ ' ব পাৰে। সেয়ে এই সময়ছোৱাত মাছ পালন পুখুৰীৰ পোহনীয়া মাছখিনিৰ বাবে কিছুমান বিশেষ ব্যৱস্থা লবলগীয়া হয়। ১) পুখুৰীৰ পানীৰ উপযুক্ত গভীৰতাৰ (কমেও ১.৫ মিটাৰ) নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়। পানীৰ গভীৰতা কমাৰ ফলত মাছৰ চলন - ফুৰ ণ ৰ বাবে থকা ঠাই কমি যাব , পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণ হ্ৰাস পাব পাৰে , পানী ঘোলা হব পাৰে আৰু অম্লজানৰ নাটনিৰ ফলত মাছবোৰে পানীৰ উপৰিভাগত কমাব পাৰে। সেয়ে যদি পুখুৰীৰ পানীৰ গভীৰতা কমিবলৈ ধৰে , প...