জৈৱিক পদ্ধতিৰে আদা খেতি

নয়ন কুমাৰ বৰা অসমৰ পানী জমা নোহোৱা, ওখ দোমোজা মাটি, বিশেষকৈ পাহাৰীয়া অঞ্চলৰ মাটি আদা খেতিৰ বাবে উপযুক্ত। অসমৰ জলবায়ুও এই খেতিৰ বাবে উপযুক্ত। আদা খেতিৰ বাবে মাটিত প্ৰচুৰ পৰিমাণে জৈৱিক পদাৰ্থ (হিউমাছ) থাকিব লাগে। আদাৰ গছে ছাঁ ভাল পাই বাবে ইয়াৰ খেতি অন্তৱৰ্তী শস্য হিচাপেও কৰিব পাৰি। অসমৰ গ্ৰামাঞ্চলত তামোল বাৰীৰ মাজতো এই খেতি কৰিব পাৰি। মাটি কেনেকৈ প্ৰস্তুত কৰিব? ডিচেম্বৰ-জানুৱাৰী মাহতে মাটিখিনি ভালদৰে পৰিষ্কাৰ কৰি, বন-বাত আঁতৰাই ভালদৰে চহাব লাগে। মাটিডৰাত ১ মিটাৰ বহল আৰু ২৫ ছেন্টিমিটাৰ ওখ কিছুমান ভেটি তৈয়াৰ কৰিব লাগে। দুটা ভেটিৰ মাজত দূৰত্ব ৪০ ছেন্টিমিটাৰ হব লাগে। তেনেকৱা ২৫ টা ভেটিৰ অন্তৰে অন্তৰে একোটা পানী নিৰ্গমনৰ নলা তৈয়াৰ কৰিব লাগে। জাত নিৰ্বাচনঃ অসম কৃষি বিশ্ব-বিদ্যালয়ে অনুমোদন জনোৱা জাতবোৰ হ’ল- মৰাণ, নদিয়া, কাৰকাই, যোৰহাট, চীনা, বৰ্ধমান আৰু ৰি-দি-জেনেৰিঅ (অলিঅৰেজিন নিষ্কাশনৰ বাবে উপযুক্ত)। আন্তৰ্জাতিক বজাৰত চাহিদাসম্পন্ন আদাৰ জাতবোৰ হ’ল- ৰি-দি-জেনেৰিঅঃ আদাৰ প্ৰকন্দবোৰ শকত, বাকলিৰ ৰং গোমা হালধীয়া...