Posts

Showing posts from May, 2020

“সজ কৃষি অনুশীলন”- খণ্ড-১

Image
“ সজ কৃষি অনুশীলন ” মানে কি ? কৃষি - কাৰ্যৰ যিবোৰ অনুশীলনে পৰিবেশ , অৰ্থনীতি আৰু সামাজিক দিশ বৰ্তাই ৰাখি   নিৰাপদ আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য আৰু অ - খাদ্য কৃষিজাত দ্ৰব্য উৎপাদন কৰে সেইবোৰকে “ সজ কৃষি অনুশীলন ” বুলি কোৱা হয় ।    ( FAO COAG 2003 Paper) সজ কৃষি অনুশীলনৰ ছাৰিটা   মূল ভেটি হ ’ ল - অৰ্থনৈতিক স্থায়ীত্ব , পৰিবেশীয় ধাৰণশীলতা , সামাজিক গ্ৰহণযোগ্যতা আৰু নিৰাপদ তথা গুণগত খাদ্য । এই মূল ভেটি কেইটাকে ব্যক্তিগত আৰু সামূহিক দিশৰ মানদণ্ড হিচাপে ধৰি লোৱা হৈছে ।  পৰিবেশ আৰু শ্ৰমিক কল্যানৰ প্ৰতি যত্নশীল হৈ নিৰাপদ খাদ্য আৰু অন্যান্য উৎপন্ন দ্ৰব্য ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতাসকল এতিয়া যথেষ্ট সচেতন । “ সজ কৃষি অনুশীলন ” বোৰ হ ’ ল এলানি নীতি , নিয়ম - কানুন আৰু অনুমোদিত প্ৰযুক্তিকৌশল , যিবোৰক মানব স্বাস্থ্য , পৰিবেশ আদি ৰক্ষা কৰা তথা শ্ৰমিকসকল তথা তেওলোকৰ পৰিয়ালৰ অৱস্থা উন্নত কৰাৰ বাবে   উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ।   “ সজ কৃষি অনুশীলন ” ৰ পৰা কোন উপকৃত হয় ? ·   কৃষক আৰু তেওলোকৰ পৰিয়ালে নিৰাপদ , স্বাস্থ্যসন্মত আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য লাভ কৰে । ফলত তেওলোকৰ পুষ্টি

পুখুৰীৰ পানী ঘোলা হোৱাৰ সমস্যা

Image
✍ ️ ড: বিভা চেতিয়া বৰা পুখুৰীত মাছ পালন কৰোঁতে দেখা দিয়া সমস্যাসমূ্হৰ ভিতৰত এটা সততে দেখা দিয়া সমস্যা হৈছে পুখুৰীৰ পানী অতিমাত্ৰা ঘোলা হোৱা বা অতিমাত্ৰা আবিলতাৰ সমস্যা। পানীৰ বিভিন্ন গভীৰতাত উপঙি থকা বা পানীত মিহলি হৈ থকা বোকা , মাটি , জৈৱিক পদাৰ্থৰ কণা , শেলাই , প্লাংকটন আদিৰ বাবেই পানী ঘোলা হয়। ঘোলা পানীয়ে মাছৰ ক্ষতি কেনেকৈ কৰে অতিমাত্ৰা ঘোলা পানীত থাকিব লগা হোৱা মাছে উশাহতে ঘোলা পানীকে দেহৰ ভিতৰলৈ টানি লবলগীয়া হয়। ঘোলা পানীৰ  লগত অহা  আৱৰ্জনাই মাছৰ উশাহ-নিশাহৰ প্ৰধান অংগ ফুলৰ অম্লজান শোষণ কৰা ৰন্ধ্ৰসমূহ বন্ধ বন্ধ কৰি দিয়াৰ ফলত মাছৰ মৃত্যু পৰ্যন্ত হ ' ব পাৰে বা মাছটো দূৰ্বল হৈ পৰি বিভিন্ন ৰোগৰ চিকাৰ হব পাৰে। বেচি ঘোলা পানীত সূৰ্যৰ ৰশ্মি ভালদৰে নুসোমোৱাৰ ফলত পানীত থকা ফাইটোপ্লাংকটন আৰু অন্যান্য নিমজ্জিত জলজ উদ্ভিদৰ আলোকসংশ্লেষণ প্ৰক্ৰিয়াৰ হাৰ হ্ৰাস পায়। ফলত মাছৰ বাবে দ্ৰৱীভূত অম্লজানৰ নাটনি হয়। এনে অৱস্থাত মাছবোৰে পানীৰ উপৰিভাগত ক ’ মাব পাৰে আৰু মৃত্যু পৰ্যন্ত হ ' ব পাৰে। পৰ্যাপ্ত সূৰ্যৰ ৰশ্মিৰ অভাৱত মাছৰ প্ৰাকৃতিক খাদ্য প্লাংকটন , পেৰিফাইটন আদিৰ উৎপাদন ক

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ শণ খেতিৰ বিষয়ে কিছু কথা

Image
মামনি হাজৰিকা   (অসমৰ মাটিত প্ৰচুৰ সম্ভাৱনাপূৰ্ণ 'শণ-খেতি'ৰ (ইংৰাজীত, Sunhemp ) এখন বৃহৎ বজাৰ আছে। নামনি অসমৰ বৰপেটা, ধুবুৰী, দৰং আৰু কামৰূপ জিলাৰ কোনো কোনো অঞ্চলত এই খেতিয়ে ইতিমধ্যে বাণিজ্যিক প্ৰসাৰতা লাভ কৰিছে। বৰ্তমান অসমতে ইয়াৰ গুটিৰ বজাৰ মূল্য প্ৰতি কুইন্টলত ৫০০০-৬০০০ টকা। জৈৱিকভাৱে কৰে বাবে অসমৰ শণ গুটিৰ চাহিদা আন্তৰ্জাতিক বজাৰত বেছি। কিছু ব্যৱসায়ীয়ে ইয়াৰ মুনাফা ইতিমধ্যে লৈ আছে। শণ গুটি দৰৱ আৰু চাবোন জাতীয় পৰিষ্কাৰক দ্ৰব্য ( Detergent) প্ৰস্তুতকাৰী কোম্পানীবোৰত ব্যৱহাৰ হয় বাবে ইয়াৰ চাহিদা যথেষ্ট বেছি। অসমত এই খেতি যথেষ্ট ভাল হয় আৰু ইয়াৰ গুটি উদ্যোগত ব্যৱহাৰ হয় বাবে ইয়াৰ সম্ভাৱনা অতি বেছি। উল্লেখযোগ্য যে এই শণ-খেতিক সেউজ সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি- সম্পাদক, সেউজ চিন্তা) শণ ( Sunhemp) হ ’ ল এবিধ চেঁইজাতীয় উদ্ভিদ । ইয়াৰ উদ্ভিদ বৈজ্ঞানিক নাম হ ’ ল - ক্ৰটেলেৰিয়া ঝানছিয়া । এই শণ খেতি নামনি অসমৰ বিভিন্ন স্থানত কৃষকসকলে কৰি আহিছে যদিও অসমৰ কৃষি অৰ্থনীতিত ইয়াৰ প্ৰভাবৰ বিষয়ে এতিয়াও সজাগতা হোৱা নাই । শণ ( Sunhemp) ৰ উৎপত্তি স্থান হ ’ ল ভাৰতবৰ্ষ । ভাৰতবৰ্ষ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান