Posts

Showing posts from February, 2019

জৈৱিক কৃষিৰ আখৰা

Image
তাজ আহমেদ মাছৰ পেলনীয়া অংশৰ পৰা কেনেকৈ শস্যৰ লাগতিয়াল বৃদ্ধিকাৰক তৈয়াৰ কৰিব পাৰি   v মাছৰ পেলনীয়া কাঁইট , বাকলি , পেটু , ছাল আদি সংগ্ৰহ কৰি এটা পাত্ৰত ৰাখিব লাগে । লক্ষ্য কৰিব লগীয়া বিষয় হ ’ ল - পেলনীয়া সামগ্ৰীবোৰ যাতে সতেজ হয় ।

তামোলৰ পৰা চুপাৰি কৰাৰ পদ্ধতি : ব্যৱসায় আৰু কাৰিকৰী কৌশল

Image
ড : লক্ষী শইকীয়া           পৃথিৱীৰ ভিতৰতে ভাৰততে অধিক পৰিমাণে তামোল উৎপাদন হয় । ভাৰতৰ বাহিৰে পশ্চিম এচিয় আৰু পূৰ্বদেশ স্থানীয় লোকে প্ৰচুৰ পৰিমাণে তামোল ব্যৱহাৰ কৰে । সেইবাবে ইয়াৰ সংৰক্ষণ কৌশলো অৱলম্বন কৰা হৈছে আৰু বেহা - বেপাৰৰ ব্যৱস্থাও কৰা হৈছে ।           তামোল খোৱাৰ অভ্যাস অনুসৰি শুকুৱাই , কেঁচাই নাইবা কোমোলাই খোৱাৰ পদ্ধতি প্ৰচলন হৈ আহিছে । কেৰেলা , অসম আৰু উত্তৰ বঙ্গত তামোল কেঁচাই খোৱা হয় । গছত পকা তামোলবোৰ এওলোকে চোবাই খাই তৃপ্তি লাভ কৰে । দ্বিতীয়তে অন্যান্য ঠাইত বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা তামোলহে খোৱা হয় । ভাৰতৰ পশ্চিম অংশৰ আৰু দক্ষিণ অঞ্চলৰ পকা তামোলবোৰ শুকুৱাই চালি হিচাবে নাইবা ‘ পাৰ্চা ’ হিচাবে আধা কটা আকাৰত বহুলভাৱে ব্যৱহাৰ কৰা হয় । অন্ধ্ৰপ্ৰদেশ , কৰ্ণাটক আৰু তামিলনাডুত কেঁচা অৱস্থাতে প্ৰস্তুত কৰা তামোল , অৰ্থাৎ ‘ কালিপাক ’ অধিক জনপ্ৰিয় । উত্তৰ পূৰ্বাঞ্চলৰ ত্রিপূৰী , মেঘালয়ী আৰু নগাসকলৰ মাজতো কেঁচা তামোলৰ ব্যাপক সমাদৰ আছে ।

অসমৰ গৌণফলঃ কৃষি-বাণিজ্যৰ এক সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ

Image
ড ০ মনোৰঞ্জন নেওগ সু ষম আহাৰেই ( Balance diet ) হৈছে স্বাস্থ্যৱান সতেজ শৰীৰৰ এক চাবি - কাঠি । এই সুষম আহাৰৰ এটা মূল উপাদান হ ’ ল - ফলমূল । খাদ্য - শস্যত দেহৰ প্ৰয়োজনীয় প্ৰটিন , খাদ্য প্ৰাণ , খনিজ লৱণৰ পৰিমাণ প্ৰায় নগণ্য বা নাথাকেই । কিন্তু ফলমূল , শাক - পাচলিত এইবোৰ প্ৰচুৰ পাৰিমাণে থাকে । ফলমূল আৰু শাক - পাচলিক ‘ পৰিপূৰক প্ৰতিৰক্ষী ’ আহাৰ বোলে । ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ মতে প্ৰতিজন ব্যক্তিয়ে দৈনিক ৮৫ গ্ৰা : ফলমূল খাব লাগে । ইয়াৰ পৰিবৰ্তে আমি প্ৰায় ৪৬ গ্ৰা : হে খাওঁ ( সৰ্বভাৰতীয় লেখত ) । কিন্তু প্ৰকৃততে   ৪৬ গ্ৰা : ৰ ঠাইত আমি অসমৰ বহুতেই দৈনিক ১ গ্ৰামো ফল নাখাওঁ বা নাপাওঁ বুলি কলে বঢ়াই কোৱা নহ ’ ব । যাৰ ফলস্বৰূপে দেহটো নানান বেমাৰৰ বাহক হৈ পৰিছে । ইয়াৰ পৰা এটা কথা পৰিষ্কাৰ যে ৰাজ্যখনত উৎপাদিত ফল - মূলে চাহিদা পূৰণ কৰিব পৰা নাই ।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান