Posts

Showing posts from November, 2018

জৈৱিক কৃষিৰ আখৰা

Image
জৈৱিক কৃষিৰ ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট এলানি লেখা বৰ্ণনা কৰিছে তাজ আহমেদে -    মানৱ সমাজৰ বিৱৰ্তনৰ মূল এক ঢাপ হৈছে কৃষি কাৰ্য্যৰ আৱিষ্কাৰ। কৃষি কাৰ্য্যৰ আৱিষ্কাৰ হোৱাৰ পৰাই মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় প্ৰায়ভাগ সামগ্ৰীয়েই এই কৃষিক্ষেত্ৰখনৰ পৰাই আহৰণ কৰি আহিছে।

সৰিয়হ খেতিৰ কিছু জানিবলগীয়া কথা

Image
জাত নিৰ্বাচন - ৰেপচিডঃ টি . এচ .- ৩৮ ( ৯০ - ৯৫ দিন ), টি . এচ . ৩৬ ( ৯০ - ৯৫ দিন ), টি . এচ . ২৯ ( ৮৫ - ৯০ দিন ), এম২৭ ( ৯০ - ৯৫ দিন ) আৰু লক্ষ্মী ( টি . এচ . ৪৬ )   মাষ্টাৰ্ডঃ  টি . এম .- ২ , টি . এম .- ৪ , বৰুণা ·       বিঘাই প্ৰতি ৬৫ . ৫ কিঃগ্ৰাঃ ডল ’ মাইট চূণ সিঁচাৰ ১৫ দিন আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে ।

একাগ্ৰতা আৰু সাহসৰ চিনাকি- নলবাৰীৰ কৃষক বাপুকণ বৰ্মন

Image
জ্যোতি বিকাশ নাথ একাগ্ৰতা, আগ্ৰহ আৰু বুদ্ধিৰে নলবাৰীৰ বাপুকণ বৰ্মনে কৃষি ক্ষেত্ৰত এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, কৃষি ব্যৱসায়ৰ ক্ষেত্ৰত বাপুকণে যে অধিক আগবাঢ়িব লাগিব সেয়া ধুৰূপ। কৃষি ব্যৱসায়ৰ বাবে ‘বিভিন্ন নাই’ৰ মাজত কিদৰে এক সম্ভাৱনাৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰিছে সেয়াহে আমি আলোচনা কৰিব লৈছো। কিদৰে নিষ্ঠা, সততা, দূৰন্ত অভিলাস আৰু স্থিতপ্ৰজ্ঞ হলে নিজক প্ৰতিষ্ঠা কৰিব পাৰি তাৰ এক উদাহৰণ নলবাৰী জিলাৰ প্ৰয়াত মোহন চন্দ্ৰ বৰ্মন আৰু সৰলা বৰ্মনৰ দ্বিতীয় পুত্ৰ বাপুকণ বৰ্মন।

বৰো আৰু আগতীয়া আহু ধানৰ খেতি

Image
কাতি মাহ সোমোৱাৰ লগে লগেই অসমত বৰোধানৰ খেতিৰ সময়ো আৰম্ভ হ ’ ল । অসমৰ বানাক্ৰান্ত অঞ্চলসমূহত এই বৰোধানৰ খেতিয়ে প্ৰাধান্য বিস্তাৰ কৰিছে । সাধাৰণতে অক্টোবৰ - নবেম্বৰ মাহত কঁঠীয়া সিঁচি ডিচেম্বৰ - জানুৱাৰী - ফেব্ৰুৱাৰী মাহত ৰোপন কৰা হয় ।

উচ্চ প্ৰযুক্তিৰ শাক-পাচলিৰ নাৰ্চাৰী : উদ্যমীসকলৰ পচন্দৰ ব্যৱসায় হ’ব পাৰে

Image
আধুনিক নাৰ্চাৰীৰ বিষয়ে বৰ্ণনা কৰিছে কৃষি উন্নয়ন বিষয়া কল্পনা বৰ্মনে             সঘনাই সলনি হৈ থকা জলবায়ু , বতৰ আৰু অত্যধিক খৰছী আধুনিক কৃষি পাম ব্যৱস্থাপনাত উদ্যমীসকলৰ কাৰণে ‘ সুৰক্ষিত নাৰ্চাৰী বা পুলিবাৰী ’ লাভজনক ব্যৱসায় হ ’ ব পাৰে । ৰাজ্যৰ বাহিৰে - ভিতৰে আবতৰীয়া শাক - পাচলিৰ বাণিজ্যিক চাহিদা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু , প্ৰত্যাহ্বান আহিছে সঘনাই সলনি হৈ থকা বতৰৰ বাবে আগতীয়াকৈ সুস্থ - সবল পুলি উৎপাদন কৰাটোহে । বিশেষকৈ উচ্চ মূল্যৰ হাইব্ৰীড জাতৰ শাক - পাচলিৰ বীজৰ ক্ষেত্ৰত প্ৰতিটো বীজৰ পৰা পুলি উৎপাদন কৰাটো নিশ্চিত কৰিব লাগে ।

লেচেৰা মাহৰ জৈৱিক কৃষি পদ্ধতি

Image
নয়ন কুমাৰ বৰা বছৰটোৰ প্ৰায় সকলো সময়তে উপলদ্ধ এই লেচেৰা মাহৰ জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে কৃষকসকলে কিছু কথা জানি লোৱাতো অতি দৰকাৰ । কিয়নো এই লেচেৰা মাহ এবিধ জনপ্ৰিয় পাচলি আৰু গ্ৰাহকসকলে ইয়াক সৰ্বাধিক ব্যৱহাৰ কৰে । বিভিন্ন জাতৰ লেচেৰা মাহৰ খেতি কৰা হয় যদিও সাধাৰণতে তিনিপ্ৰকাৰৰ পৰা জাতৰ খেতি কৃষকসকলে কৰে - ১ । জোপোহা জাতীয় ২ । আংশিক ভাবে বগাই যোৱা ৩ । দীঘল চেঁই জাতীয়

ৰেচম শিল্পৰ জৰিয়তে আত্ম-সংস্থাপন

Image
কৃষি প্ৰযুক্তি অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দুৰ্গা প্ৰসাদ খনিকৰৰ চিন্তাৰে – অসমৰ ৰেচম শিল্প অতি প্ৰাচীন কৃষিভিত্তিক গ্ৰাম্য উদ্যোগ । অসমত এৰী , মুগা , পাট আৰু টচৰ – এই ৪ বিধ পলুৰ পালন কৰা হয় । প্ৰথম ৩ বিধ সকলো জিলাতে পালন কৰা হয় যদিও টচৰ পলু সামান্য পৰিমাণে ডিমা হাচাও জিলাত কৰা হয় । অসমৰ প্ৰায় ৭০০০ খনতকৈ অধিক গাঁৱৰ প্ৰায় ২ লাখ পৰিয়ালে ৰেচম শিল্পৰ লগত জড়িত হৈ আছে ।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান