Posts

Showing posts from September, 2018

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

Image
হেমেন্দ্ৰ কুমাৰ বৰি ‍             “ এমুঠিত দুটকাকৈ চাৰিমুঠি লেচেৰামাহৰ দাম আঁঠ টকা , এটা জাতিলাও , যাৰ দাম হ ’ ব দুটকা ,  মুঠ দহ টকা পাম ,  এসাঁ জ ভাতৰ বাবে প্ৰয়োজনীয় চাউলৰ ল গ তে মাছ - পুঠি কিবা এটাও যোগাৰ হ ’ লে ৰাতিৰ ভাত সাঁজ ভালকৈ খাবলৈ পাম- এই আশাৰে বজাৰলৈ গৈছিলোঁ৷ কিন্তু …..” তেওঁ বাকৰুদ্ধ হৈ পৰিল৷ তেওঁৰ আবেগত গধূৰ হৈ পৰা মাতটোৱে কথোপকথন আগুৱাই নিয়াত বাধা প্ৰদান কৰিলে ৷ চকুলৈ জলপ্লাৱন নামি অহাৰ আগজাননী আহিল ,  লগে ‍ লগে তেওঁৰ মুখাৱয়বত ফুটি উঠিল সেই প্লাৱনক বাধা প্ৰদান কৰাৰ এক সকৰুণ ৰূপ ৷ মানুহৰ এনে ৰূপে মোক বৰকৈ বিচলিত কৰে ৷  

কৃষি পাম ব্যৱসায়ৰ কিছুমান নিয়মাৱলী

Image
আত্ম বিশ্লেষণ : কোনো এক ব্যৱসায় আৰম্ভ কৰোতে আত্ম বিশ্লেষণ অতি দৰকাৰী । নিজৰ শক্তি - সামৰ্থ্য , দুৰ্বলতা , সুযোগ আৰু প্ৰত্যাহ্বানবোৰ নিৰ্দ্ধাৰণ কৰি উপযোগী আৰু আৰু অনুপযোগী   বিষয় সমূহৰ লগত কিমেনখিনি মোকাবিলা কৰিব বিচৰা হৈছে সেয়া গম পোৱা যাব ।

এই মাহৰ কৃষি : শীতকালীন শাক-পাচলিৰ পৰিচৰ্যা আৰু শস্য ৰক্ষা

Image
ফুলকবি , বন্ধাকবি , ব্ৰকলি , ওলকবি , মূলা : ১ । ভালকৈ পচা গোৱৰ ( বিঘাই প্ৰতি ২ . ৫ - ৩ . ০ কুইন্টল )   বা কেঁচুসাৰ ( বিঘাই প্ৰতি ১ . ৫ কুইন্টল ) ৰ লগত জৈৱিক ভেঁকুৰনাশক ট্ৰাইক ’ ডাৰমা ভিৰিডি বা চিউড ’ ম ’ নাচ ফ্লুৰ ’ ন্স ( বিঘাই প্ৰতি ৬৭০ গ্ৰাম ) মিহলাব লাগে । উক্ত মিশ্ৰিত দ্ৰব্যখিনি পথাৰ প্ৰস্তুতিৰ সময়ত ( কেঁচুসাৰ - ১ সপ্তাহৰ আৰু গোৱৰ - ২ / ৩ সপ্তাহৰ আগেয়ে ) মাটিত প্ৰয়োগ কৰিব লাগে ।

জৈৱিক কৃষিৰ আখৰা: জৈৱিক পাচলিৰ বাগিচা কেনেকৈ পৰিকল্পনা কৰিব

Image
তাজ আহমেদ দৈনিক প্ৰয়োজনীয় সতেজ পাচলি যোগান ধৰিবৰ বাবে একোখনি ঘৰত এখনি পাচলি বাগিচাৰ আকাৰ কিমান ডাঙৰ হ ’ ব সেইটো নিৰ্ভৰ কৰিব বাৰীখনত শাক - পাচলি খেতিৰ বাবে কিমান উপযোগী মাটি আছে ? সুবিধা অনুযায়ী মাটিডোখৰ আয়তকাৰ হ ’ লে ভাল হয় । সাধাৰণতে ৬ - ৭ জনীয়া এটি পৰিয়ালৰ বাবে প্ৰায় ১ কঠা মাটিৰ প্ৰয়োজন হয় , যাতে গোটেই বছৰজুৰি পৰিয়ালটোৰ দৰকাৰী শাক - পাচলি যোগান ধৰিব পাৰি ।

বিলাহী, বেঙেনা আৰু জলকীয়াৰ জৈৱিক কৃষি পদ্ধতি

Image
জাত নিৰ্বাচন :   থলুৱা জাতহে নিৰ্বাচন কৰিব লাগে । বিলাহী : থলুৱা সিৰ থকা বিলাহী , কণ বিলাহী আৰু অন্যান্য থলুৱা জাত জলকীয়া : থলুৱা কণ জলকীয়া , ফিৰিঙি / বিহ জলকীয়া , ক ’ লা জলকীয়া , ভোট জলকীয়া আদি বেঙেনা : থলুৱা বৰ বেঙেনা , ছাগলী শিঙিয়া বেঙেনা , কণী বেঙেনা , খৰুৱা বেঙেনা , কুচিয়া বেঙেনা আদি

গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে সাপ্তাহিক বজাৰসমূহৰ উন্নয়ন

Image
যি এডোখৰ ঠাইত উৎপাদিত সামগ্ৰীসমূহ সমূহীয়া ভাৱে ক্ৰয় - বিক্ৰয় কৰা হয় সেই ঠাইডোখৰকে সাধাৰণ ভাষাত বজাৰ বুলি কোৱা হয় ৷ বৰ্ধিত জনসংখ্যা আৰু জনসাধাৰণ চহৰমুখী হোৱা ফলত চহৰে নগৰে সৰু সৰু বজাৰ গঢ়ি উঠিছে ৷  কিন্ত অতীতৰ ৰজা মহাৰজা দিনৰ পৰাই থকা গাঁৱৰ সামগ্ৰী বিক্ৰী কৰা বজাৰসমূহ আজিও এক মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে গ্ৰাম্য অৰ্থনীতিত ৷

বিজ্ঞানসন্মত ভাৱে ব্ৰইলাৰ হাঁহ পালন

Image
ডাঃ ডেভিদ বৰদলৈ অতীজৰে পৰা হাঁহ পালনে অসমৰ গ্ৰাম্য অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । অসমৰ পৰিৱেশ আৰু অসমীয়া মানুহৰ খাদ্যাভাসৰ কাৰণে ব্ৰইলাৰ হাঁহ পালন অসমৰ নিৱনুৱা তথা হাঁহ পালকসকলৰ বাবে এক আকৰ্ষণীয় ব্যৱসায় হ ’ ব পাৰে । কিন্তু এই উন্নতজাতৰ হাঁহবিধৰ উপলদ্ধতা আৰু অপৰ্যাপ্ত বিজ্ঞানসন্মত প্ৰশিক্ষণ আদিৰ কাৰণে ব্ৰইলাৰ হাঁহপালন জনপ্ৰিয় হৈ উঠা নাই ।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান