Posts

ক্ষুদ্ৰ পৰ্যায়ত শাক-পাচলিৰ সংৰক্ষন আৰু সংসাধন

Image
 ★  সতেজ পাচলিয়ে বজাৰত উপযুক্ত দাম পাবলৈ সক্ষম হয় যদিও এইবোৰক সোনকালে বিক্ৰি কৰিব লগীয়া হয়। সেয়ে, দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ বাবে শাক-পাচলি চপোৱাৰ পিছত সেইবোৰক বিভিন্ন পদ্ধতিৰে শোধন আৰু সংসাধন কৰিবলগীয়া হয়। ★  শাক-পাচলি সংৰক্ষনৰ সকলো প্ৰযুক্তি-কৌশলৰ উদেশ্যে হ’ল- শাক-পাচলিৰ জীৰ্ণ হোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰা বা ইয়াক দীঘলীয়া কৰা। অন্য কথাত, শাক-পাচলিৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া হ্ৰাস কৰা। ★  অৱশ্যে,চপোৱাৰ সময়ত শাক-পাচলিৰ পূৰঠ অৱস্থা আৰু ভৌতিক কাৰকসমূহৰ বিষয়ে গুৰুত্ব দিব লাগিব ★    তদুপৰি, শাক-পাচলি চপোৱা আৰু ইয়াৰ পৰা প্ৰস্তুত দ্ৰব্য মাজৰ সময়খিনি যিমান পাৰি সিমান কম হব লাগে। ★  অনুজীৱৰ সংক্ৰমণৰ দ্বাৰা যাতে পাচলি পচি যাব নোৱাৰে তাৰবাবে কিছুমান ব্যৱস্থা লোৱাতো দৰকাৰ। শাক-পাচলি চিঙোতে যাতে আঘাটপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে। কিয়নো এই আঘাটবোৰেদি অনুজীৱৰ সংক্ৰমণ হয় আৰু শাক-পাচলি সোনকালেই পচিবলৈ ধৰে। ★  প্ৰাথমিক সংসাধন পৰ্যায়ত শাক-পাচলি বাচনি কৰা, চাফা কৰা ইত্যাদি কাৰ্যসমূহ কৰা হয়। ★  দ্বিতীয় পৰ্যায়ত পৰিষ্কাৰ কৰা শাক-পাচলিবোৰ ব্যৱহাৰ কৰা হয়। এই প...

জৈৱিক পদ্ধতিৰে গ্ৰীষ্মকালীন বগাই যোৱা পাচলিৰ খেতি

Image
গ্ৰীষ্মকাল সোমোৱাৰ লগে লগে বিভিন্নধৰণৰ বগাই যোৱা শাক-পাচলিৰ বতৰো আৰম্ভ হয়। ইতিমধ্যে বহুজন কৌশলী খেতিয়কে আগতীয়াকৈয়ে জিকা, ভোল, কেৰেলা, ৰঙালাও, কোমোৰা, তিঁয়হ, জাতিলাও, লেচেৰামাহ, তৰমুজ আদি শাক-পাচলি খেতি আৰম্ভ কৰিলে আৰু তেখেতসকলে ইতিমধ্যে বজাৰত উচ্চ মূল্যত এইবোৰ পাচলি বিক্ৰি কৰিবলৈ সক্ষম হয়। কিন্তু সমস্যা হৈছে- এইসময়ত এইবোৰ শস্যত অনিষ্টকাৰী পোক-পৰুৱাৰ উপদ্ৰৱ বাঢ়ে আৰু উৎপাদনো ক্ষতি হয়। ফলত কৃষকসকলে যথেষ্ট লোকচানৰো সন্মুখীন হবলগীয়া হয়। সেয়ে, কৃষকসকলে আগতিয়াকৈ কিছুমান ব্যৱস্থা লোৱাতো প্ৰয়োজন। কিন্তু প্ৰয়োজনীয় কথা হ’ল- কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শাক-পাচলিত ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিলে সেইবোৰ স্থাস্থ্যসন্মত নহয়। কিয়নো, ৰাসায়নিক কীটনাশক প্ৰয়োগৰে উৎপাদন কৰা শাক-পাচলি ভক্ষন কৰিলে শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সাংঘাটিক ক্ষতিসাধন কৰে। সেয়ে, জৈৱিক পদ্ধতিৰে এনেবোৰ শাক-পাচলি উৎপাদন কৰিলে স্বাস্থ্যৰ বাবে নিৰাপদ হয়। জাত নিৰ্বাচন: জৈৱিক পদ্ধতিত সাধাৰণতে স্থানীয় উৎপাদনক্ষম জাতবোৰ ব্যৱহাৰ কৰা হয় যদিও জৈৱিক উৎসৰ পৰা সংগ্ৰহ কৰা উচ্চ উৎপাদনক্ষম জাতো ব্যৱহাৰ কৰিব পাৰি। বীজ সিঁচা আৰু পুলি ৰোপন...

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান