Posts

জৈৱিক পদ্ধতিৰে গ্ৰীষ্মকালীন বগাই যোৱা পাচলিৰ খেতি

Image
গ্ৰীষ্মকাল সোমোৱাৰ লগে লগে বিভিন্নধৰণৰ বগাই যোৱা শাক-পাচলিৰ বতৰো আৰম্ভ হয়। ইতিমধ্যে বহুজন কৌশলী খেতিয়কে আগতীয়াকৈয়ে জিকা, ভোল, কেৰেলা, ৰঙালাও, কোমোৰা, তিঁয়হ, জাতিলাও, লেচেৰামাহ, তৰমুজ আদি শাক-পাচলি খেতি আৰম্ভ কৰিলে আৰু তেখেতসকলে ইতিমধ্যে বজাৰত উচ্চ মূল্যত এইবোৰ পাচলি বিক্ৰি কৰিবলৈ সক্ষম হয়। কিন্তু সমস্যা হৈছে- এইসময়ত এইবোৰ শস্যত অনিষ্টকাৰী পোক-পৰুৱাৰ উপদ্ৰৱ বাঢ়ে আৰু উৎপাদনো ক্ষতি হয়। ফলত কৃষকসকলে যথেষ্ট লোকচানৰো সন্মুখীন হবলগীয়া হয়। সেয়ে, কৃষকসকলে আগতিয়াকৈ কিছুমান ব্যৱস্থা লোৱাতো প্ৰয়োজন। কিন্তু প্ৰয়োজনীয় কথা হ’ল- কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শাক-পাচলিত ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিলে সেইবোৰ স্থাস্থ্যসন্মত নহয়। কিয়নো, ৰাসায়নিক কীটনাশক প্ৰয়োগৰে উৎপাদন কৰা শাক-পাচলি ভক্ষন কৰিলে শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সাংঘাটিক ক্ষতিসাধন কৰে। সেয়ে, জৈৱিক পদ্ধতিৰে এনেবোৰ শাক-পাচলি উৎপাদন কৰিলে স্বাস্থ্যৰ বাবে নিৰাপদ হয়। জাত নিৰ্বাচন: জৈৱিক পদ্ধতিত সাধাৰণতে স্থানীয় উৎপাদনক্ষম জাতবোৰ ব্যৱহাৰ কৰা হয় যদিও জৈৱিক উৎসৰ পৰা সংগ্ৰহ কৰা উচ্চ উৎপাদনক্ষম জাতো ব্যৱহাৰ কৰিব পাৰি। বীজ সিঁচা আৰু পুলি ৰোপন...

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

Image
নয়ন কুমাৰ বৰা অমিতাৰ বৈজ্ঞানিক নামঃ Carica papaya L অমিতাৰ উপাদানসমূহঃ বীজ- ৮.৫%, বাকলি- ১২.০ %, ফলৰ শাহ অংশ- ৭৯.৫% আৰু বীজ- ৮.৫% অমিতা বহুলিঙ্গী উদ্ভিদ-   ১। পুংলিঙ্গী, ২। উভয়লিঙ্গী আৰু ৩। স্ত্ৰী-লিঙ্গী অমিতাৰ স্ত্ৰী-লিঙ্গী পুষ্প অমিতাৰ  উভয়লিঙ্গী পুষ্প জলবায়ু কাৰক যেনে, খৰাং আৰু উঞ্চতাৰ ওপৰত নিৰ্ভৰ কৰি অমিতা গছৰ লিঙ্গ প্ৰস্ফুটিত হব পাৰে। উঞ্চ জলবায়ুত পুংপুষ্প সংখ্যা বৃদ্ধি হয়। কেৱল পুংপুষ্প থকা অমিতা গছক মতা অমিতা গছ বুলি কোৱা হয়। এনে মতা গছৰ পৰা ফল পোৱা নেযায়। উভয়লিঙ্গী ফুল থকা গছত অমিতা ফল লাগে যদিও এনে ফলৰ পৰা সংগ্ৰহ কৰা অমিতাৰ বীজৰ পৰা ফল ধৰা অমিতা গছ পোৱা নেযাবও পাৰে। সেয়ে কোনটো ফলৰ পৰা বীজ সংগ্ৰহ কৰিলে ফল লগা গছ পোৱা যাব সেইটো চিনাক্তকৰণ কৰাতো দৰকাৰ। অমিতা গছত কৃত্ৰিমভাবে হাতেৰে পৰাগ সংযোগ কৰি ঈপ্সিত অমিতাৰ ফল উৎপাদন কৰিব পাৰি। ইয়াৰবাবে মেল নোখোৱা ফুলবোৰ (উভয়লিঙ্গী বা স্ত্ৰী-লিঙ্গী দুয়োবিধ) কাগজৰ ঠোঙাত ভৰাই বন্ধ কৰি থব লাগে। যেতিয়া ফুলপাহৰ পাহি মেল খাবলৈ ধৰে তেতিয়াই বিচৰা পৰাগৰেণু আনি সংস্থাপন কৰিব লাগে। এনে পদ্ধতিৰ অধ্যয়নৰ পৰা নিম্নোক্ত তথ্যসমূহ পোৱা গৈছে-...

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান