বিজ্ঞানসন্মত পদ্ধতিৰে আলু খেতি
নয়ন কুমাৰ বৰা জাতৰ নামঃ কুফ্ৰী চন্দ্ৰমুখী ( ৮০ - ১০০ দিন ), কুফ্ৰী সিন্ধুৰী ( ১০০ - ১২০ দিন ), কুফ্ৰী মেঘা (৯০- ১ ০ ০ দিন ), কুফ্ৰী জ্যোতি (১০০ - ১ ১ ০ দিন ), কুফ্ৰী পোখৰাজ (৭০ - ৯০ দিন ) বিঘাই প্ৰতি ৰসায়নিক সাৰৰ পৰিমাণঃ বৰষুন নিৰ্ভৰশীলঃ ইউৰীয়া - ১৯ কিঃগ্ৰাঃ , চুপাৰ - ৯০ কিঃগ্ৰাঃ আৰু পটাচ - ১২ কিঃগ্ৰাঃ । জলসিঞ্চিতঃ ইউৰীয়া - ১৯ কিঃগ্ৰাঃ , চুপাৰ - ৯০ কিঃগ্ৰাঃ আৰু পটচ - ২৪ কিঃগ্ৰাঃ । সমুদায় সাৰ শেষৰ চাহ হালবোৱাৰ সময়মতে মাটিত প্ৰয়োগ কৰিব লাগে আৰু লক্ষ্য ৰাখিব যাতে আলুবীজবোৰ ৰাসায়নিক সাৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহে । · আলু ৰোপনৰ ৩০ দিনৰ পিছত বৰ ’ ণ ( ২ . ৫ গ্ৰাম প্ৰতি লিটাৰ পানীত ) স্প্ৰে কৰিব লাগে । · প্ৰতি বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ - ৩ - ৩ . ৩ কুইন্টল · আলু ৰোপনৰ উপযুক্ত সময় হল অক্টোবৰ মাজভাজৰ পৰা নবেম্বৰৰ মাজভাগলৈ । কুফ্ৰী সিন্দুৰীৰ ক্ষেত্ৰৰ ডিচেম্বৰৰ মাজভাগলৈকে ৰোপন কৰিব পাৰি ) · আলুবীজবোৰ ভাইৰাছ মুক্ত...