Posts

মাকৈ খেতিৰ দিহা

Image
জাতঃ অসমৰ বাবে অনুমোদিত জাতসমূহ- সাধাৰণ মাকৈৰ জাতঃ Bisco Champion 61 (Bisco 2238), DKC 9126 (MCH 46), RMH-4558 (PRO-379), Vivek Maize Hybrid 47 (FH 3513). Vivek Maize Hybrid 53 (FH 3556), Bio 9544 (BIO151), Bisco 97 Gold (Bisco New 704), Bio 9544 (BIO151), LG 32-81 (Yuvraj Gold), Sun Vaaman, Central Maize VL 55 (FH3605) মিঠা মাকৈ ( Sweet corn) ৰ জাতঃ Hi-brix-39 (ADVSW-1), NSCH-12 (Misthi), CANDY (KSCH-333), Central Maize VL Sweet Corn 1 (FSCH18) (পাহাৰীয়া অঞ্চলৰ বাবে) আখৈ মাকৈ ( Pop Corn ) ৰ জাতঃ Shalimar Pop Corn-1 (KDPC-2) বিভিন্ন প্ৰকাৰৰ মাকৈ- দন্ত মাকৈ ( Dent Corn) :      এইবিধ মাকৈ সাধাৰণতে পশুৰ খাদ্য, সংসাধিত খাদ্য আদিৰ বাবে উদ্যোগত ব্যৱহাৰ কৰা হয়। সাধাৰণ দাঁত আকৃতিৰ; মাকৈৰ শাহটো কোমল, সোপোকা আৰু আগ অংশ কিছু বাঢ়ি যোৱা ধৰণৰ হয়।   কঠিন মাকৈ ( Flint Corn) :             এইবিধ মাকৈ গুটিৰ বাহিৰৰ বাকলি টান হয়, শাহটো কোমল আৰু ঘূৰণীয়া হয় মিঠা মাকৈ ( Sweet Corn):       পাচলি হিচাপে খা...

ক্ষুদ্ৰ পৰ্যায়ত শাক-পাচলিৰ সংৰক্ষন আৰু সংসাধন

Image
 ★  সতেজ পাচলিয়ে বজাৰত উপযুক্ত দাম পাবলৈ সক্ষম হয় যদিও এইবোৰক সোনকালে বিক্ৰি কৰিব লগীয়া হয়। সেয়ে, দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ বাবে শাক-পাচলি চপোৱাৰ পিছত সেইবোৰক বিভিন্ন পদ্ধতিৰে শোধন আৰু সংসাধন কৰিবলগীয়া হয়। ★  শাক-পাচলি সংৰক্ষনৰ সকলো প্ৰযুক্তি-কৌশলৰ উদেশ্যে হ’ল- শাক-পাচলিৰ জীৰ্ণ হোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰা বা ইয়াক দীঘলীয়া কৰা। অন্য কথাত, শাক-পাচলিৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া হ্ৰাস কৰা। ★  অৱশ্যে,চপোৱাৰ সময়ত শাক-পাচলিৰ পূৰঠ অৱস্থা আৰু ভৌতিক কাৰকসমূহৰ বিষয়ে গুৰুত্ব দিব লাগিব ★    তদুপৰি, শাক-পাচলি চপোৱা আৰু ইয়াৰ পৰা প্ৰস্তুত দ্ৰব্য মাজৰ সময়খিনি যিমান পাৰি সিমান কম হব লাগে। ★  অনুজীৱৰ সংক্ৰমণৰ দ্বাৰা যাতে পাচলি পচি যাব নোৱাৰে তাৰবাবে কিছুমান ব্যৱস্থা লোৱাতো দৰকাৰ। শাক-পাচলি চিঙোতে যাতে আঘাটপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে। কিয়নো এই আঘাটবোৰেদি অনুজীৱৰ সংক্ৰমণ হয় আৰু শাক-পাচলি সোনকালেই পচিবলৈ ধৰে। ★  প্ৰাথমিক সংসাধন পৰ্যায়ত শাক-পাচলি বাচনি কৰা, চাফা কৰা ইত্যাদি কাৰ্যসমূহ কৰা হয়। ★  দ্বিতীয় পৰ্যায়ত পৰিষ্কাৰ কৰা শাক-পাচলিবোৰ ব্যৱহাৰ কৰা হয়। এই প...

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান