'হুৰুম'ৰেও গঢ়ি তুলিব পাৰি গ্ৰাম্য কৃষি ভিত্তিক উদ্যোগ
 
  ড ০  চাৰুলতা  মহন্ত   বৰ্ণালী বৰুৱা দাস                                                             উজনি অসমৰ বিশেষকৈ আহোম জনগোষ্ঠীৰ মাজত প্ৰচলিত এবিধ পৰম্পৰাগত জলপান হৈছে হুৰুম ।  হূৰুম দেখাত মুড়িতকৈ ডাঙৰ , পাতল আৰু স্বচ্ছ হয় ।  অসমীয়া সমাজত হুৰুমৰ সৈতে গাখীৰ বা দৈ আৰু গুড় দি এবিধ সন্মানজনক জলপান হিচাবে পৰিবেশন কৰা হয় ।  কিন্তু এইবিধ জলপান প্ৰায় লুপ্ত হৈ পৰিছে ।  হুৰুমৰ কষ্টকৰ প্ৰস্তুত প্ৰণালীয়েই বোধহয় ইয়াৰ বিলুপ্তিৰ অন্যতম কাৰণ ।  এই প্ৰবন্ধত হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী আৰু গৱেষণাৰ ভিত্তিত উদ্ভাৱিত সহজ প্ৰস্তুত প্ৰণালীৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা হ ’ ল ।     হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী :   হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী যথেষ্ট কষ্টকৰ আৰু দীঘলীয়া -     হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী   বৰাধান   i   ৫ দিন পানীত তিয়াই ৰাখক   i   পানী সলনি কৰক , পানীত সিজাওক   ( পানীত বুৰবুৰণি উঠা লৈকে চাব , যাতে ধানৰ চোকোৰাটো ফাটি নাযায় )   i   পানিখিনি পেলাই ঠাণ্ডা হ ’ বলৈ দিয়ক   i   বালি নিদিয়াকৈ ভাজক   i   ঠাণ্ডা হ ’ বলৈ মেলি দিয়ক   i   ঢেঁকীত খুন্দি চাউল উলিয়াওক ( চাউলবোৰ সামান্য চ...
