Posts

জৈৱিক পদ্ধতিৰে শালি ধানৰ খেতি কেনেকৈ কৰিব

Image
নয়ন কুমাৰ বৰা অসমত পৰম্পৰাগতভাবে জৈৱিক পদ্ধতিৰেই ধান খেতি কৰি অহা হৈছিল যদিও সাম্প্ৰতিক সময়ত অধিক উৎপাদনৰ তাগিদাত আৰু কৃষি বিজ্ঞানৰ ন ন প্ৰযুক্তিকৌশলৰ উদ্ভাৱনে কৃষিত ৰাসায়নিক সাৰ আৰু কীট-নাশকৰ প্ৰয়োগ বৃদ্ধি পাবলৈ ধৰিলে। কিন্তু ৰাসায়নিক কৃষিৰ কু-প্ৰভাৱবোৰৰ বিষয়ে জনসচেতনতা বৃদ্ধি পোৱাৰ লগে লগে পুনৰ জৈৱিক কৃষিৰ উৎপাদিত ফচলৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। কেনেকুৱা সঁচ বা জাত নিৰ্বাচন কৰিব? জৈৱিক কৃষি পদ্ধতিত সাধাৰণতে বিশেষ গুণসম্পন্ন থলুৱা জাতৰ ধান নিৰ্বাচন কৰা হয়, যিবোৰ জাতৰ এখন বজাৰো আছে। অসমত খেতি কৰা বজাৰ চাহিদাসম্পন্ন কিছুমান জাত হ’ল- জহাধান, বৰাধান, ৰঙা চাউলৰ বাও ধান, কোমল ধান, চকোৱা ধান আৰু বিভিন্ন মিহি চাউলৰ থলুৱা শালিধানৰ জাত। থলুৱা সঁচবোৰ স্থানীয় পৰিৱেশ আৰু মাটিৰ লগত খাপ খাব পাৰে , কীট - পতঙ্গ আৰু বেমাৰ প্ৰতিৰোধী গুণ বেছি থাকে । তদুপৰি এই সঁচবোৰৰ বীজ পৰৱৰ্তী বছৰৰ বাবে ঘৰতে ৰাখিব পাৰে। কিমান পৰিমাণৰ বীজ লাগিব? এবিঘা মাটিৰ বাবে ৮-১০ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়, অবশ্যে বীজবোৰ যদি প্ৰামাণিত বীজ হয়, তেতি...

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ চিত্রনেলাৰ খেতি আৰু ইয়াৰ উদ্যোগ

Image
ৰঞ্জিত বৰা (কৃষি স্নাতক উদ্যোগী ৰঞ্জিত বৰা হ’ল অসমত সুগন্ধি উদ্ভিদৰ খেতি আৰু ইয়াৰ বাণিজ্যৰ এটি পৰিচিত নাম। কৃষি স্নাতক হৈয়ে প্ৰথমে ব্যক্তিগত কোম্পানীত চাকৰি  কৰিছিল যদিও পিছত সেই চাকৰি বাদ দি নিজে ব্যৱসায় আৰম্ভ কৰে। কলিয়াবৰ তিনিআলিৰ নাতিদূৰতে “কলিয়াবৰ নাৰ্চাৰী”নামেৰে এখন উদ্যান শস্যৰ নাৰ্চাৰীৰ লগতে সুগন্ধি উদ্ভিদ চিত্ৰনেলা আৰু পাছাউলিৰ খেতি আৰম্ভ কৰে। প্ৰায় ১৫০ বিঘা মাটিত কৰা চিত্ৰনেলা আৰু পাছাউলিখিনিৰ পৰা সুগন্ধি তেল নিষ্কাষণৰ বাবে এটি নিষ্কাষণ গোটো স্থাপন কৰে। প্ৰায় ১৫-১৬ বছৰ নিৰৱছিন্নভাৱে ধৈৰ্য সহকাৰে নিজৰ ব্যৱসায়ত লাগি থাকি বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি আছে) চিত্রনেলা ৰ গুৰুত্ব: চিত্রনেলা এবিধ সুগন্ধি তেল উৎপাদন কৰা ঘাঁহ জাতীয় শস্য । ইয়াৰ খেতি কৰিবলৈ অতি সহজ । এই খেতি অসমত বহুদিনৰ পৰাই লাভজনক ভাবে কৰি অহা হৈছে । এই খেতি বাম মাটিত কৰা হয় । পাহাৰীয়া হেলনীয়া মাটিতো এই খেতি কৰিব পাৰি । এই চিত্রনেলা খেতি এবাৰ লগালে , ৫ - ৬ বছৰ মানলৈ উৎপাদন পাব পাৰি । মাটি অনুযায়ী ৫ - ৬ বছৰৰ পাছত এই খেতি উঠাই পু ন ৰ ৰোপন কৰ...

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান