জৈৱিক পদ্ধতিৰে শালি ধানৰ খেতি কেনেকৈ কৰিব
নয়ন কুমাৰ বৰা
অসমত পৰম্পৰাগতভাবে জৈৱিক
পদ্ধতিৰেই ধান খেতি কৰি অহা হৈছিল যদিও সাম্প্ৰতিক সময়ত অধিক উৎপাদনৰ তাগিদাত আৰু কৃষি
বিজ্ঞানৰ ন ন প্ৰযুক্তিকৌশলৰ উদ্ভাৱনে কৃষিত ৰাসায়নিক সাৰ আৰু কীট-নাশকৰ প্ৰয়োগ বৃদ্ধি
পাবলৈ ধৰিলে। কিন্তু ৰাসায়নিক কৃষিৰ কু-প্ৰভাৱবোৰৰ বিষয়ে জনসচেতনতা বৃদ্ধি পোৱাৰ লগে
লগে পুনৰ জৈৱিক কৃষিৰ উৎপাদিত ফচলৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে।
কেনেকুৱা সঁচ বা জাত নিৰ্বাচন কৰিব?
জৈৱিক কৃষি পদ্ধতিত সাধাৰণতে বিশেষ গুণসম্পন্ন থলুৱা
জাতৰ ধান নিৰ্বাচন কৰা হয়, যিবোৰ জাতৰ এখন বজাৰো আছে। অসমত খেতি কৰা বজাৰ চাহিদাসম্পন্ন
কিছুমান জাত হ’ল- জহাধান, বৰাধান, ৰঙা চাউলৰ বাও ধান, কোমল ধান, চকোৱা ধান আৰু বিভিন্ন
মিহি চাউলৰ থলুৱা শালিধানৰ জাত। থলুৱা সঁচবোৰ স্থানীয়
পৰিৱেশ আৰু মাটিৰ লগত খাপ খাব পাৰে, কীট-পতঙ্গ আৰু
বেমাৰ প্ৰতিৰোধী গুণ বেছি থাকে। তদুপৰি এই সঁচবোৰৰ বীজ পৰৱৰ্তী বছৰৰ
বাবে ঘৰতে ৰাখিব পাৰে।
কিমান পৰিমাণৰ বীজ লাগিব?
এবিঘা মাটিৰ বাবে ৮-১০
কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়, অবশ্যে বীজবোৰ যদি প্ৰামাণিত বীজ হয়, তেতিয়া ৫-৬ কিলোগ্ৰাম
বীজ হলেই যথেষ্ট।
সুস্থ বীজৰ নিৰ্বাচন কেনেকৈ কৰিব?
সিঁচিবলৈ লোৱা কঠীয়াখিনি পানীত তিঁয়াই পতানখিনি আঁতৰাই
পেলাব লাগে। কিন্তু কেৱল পানীত তিঁয়ালেই পতানখিনি সম্পূৰ্ণৰূপে আঁতৰি নেযায়। কাঠ পতান
বা সম্পূৰ্ণৰূপে পূৰঠ নোহোৱা ধানবোৰ যদি সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা নহয়, পিছত সেইবোৰ
গজি যায় আৰু সেইবোৰৰ পৰা সুস্থ ধান গছ পাব নোৱাৰি। সেয়ে, সেইখিনি আঁতৰাবৰ বাবে এটা
পাত্ৰত পানী লৈ তাত এটা কণী ডুবাই থব লাগে আৰু পানীখিনিত লাহে লাহে নিমখ মিহলাব লাগে
যেতিয়ালৈকে কণীটো পানীত ওপঙি নেযায়। এতিয়া ধানখিনি তাত তিয়াই লাহে লাহে লৰাব লাগে।
তেতিয়া কাঠ পতানখিনি ওপঙি আহে আৰু সেইখিনি আঁতৰাব লাগে। সম্পূৰ্ণ পতানখিনি আঁতৰোৱাৰ
পিছত ধানখিনি পুনৰ পৰিষ্কাৰ পানীত ভালদৰে ধুব লাগে যাতে বীজখিনিত নিমখ লাগি নেথাকে।
বীজৰ অঙ্কুৰণ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব?
যিবিলাক বীজৰ অঙ্কুৰণ ক্ষমতা কম থাকে অৰ্থাৎ গজোতে পলম
হয় নাইবা ভালদৰে নগজে তেনেকুৱা বীজৰ অঙ্কুৰণ ক্ষমতা বৃদ্ধি কৰিব পাৰি। ইয়াৰবাবে, অলপমান
কেঁচা গোৱৰ পানীত মিহলাই এটি মিশ্ৰণ তৈয়াৰ কৰিব লাগে। সিঁচিবলগীয়া কঠীয়াখিনি ১০-১২
ঘন্টাৰ বাবে পানীত তিঁয়াই লৈ পিছত ৫-৬ ঘন্টাৰ বাবে গোৱৰ পানীৰ মিশ্ৰণত তিঁযাব লাগে।
পিছত কঠীয়াখিনি ছাঁত ভালদৰে শুকুৱাই লৈ কঠীয়াতলীত সিঁচিব লাগে।
জীৱাণু-সাৰেৰে কঠীয়া শোধন:
এয’স্পিৰিলাম বা এয’টবেক্টাৰ নামৰ জীৱাণুসাৰ (৮-১০ বীজত
প্ৰায় ২০০ গ্ৰাম) ঠাণ্ডা কৰি লোৱা ভাতৰ নিসনি বা মাৰৰ লগত মিহলাব লাগে। গজালি মেলা
বীজখিনি পৰিষ্কাৰ মজিয়াত মেলি লৈ নিসনি মিহলি জীৱাণুসাৰখিনি ভালদৰে মিহলাব লাগে। পিছত
আধাঘন্টা সময় ছাঁত ৰাখি কঠীয়াতলীত সিঁচিব লাগে।
কঠীয়াতলী প্ৰস্তুত কৰিব কেনেকৈ
কঠীয়া সিঁচাৰ অন্ততঃ এমাহমান আগতেই তলীডৰাত গোৱৰ-জাৱৰ
আৰু পচনসাৰ পৰ্যাপ্ত পৰিমাণে মিহলাব লাগে। পিছত ৩ চাহ মান হাল মাৰি তলীডৰাত নিমগছৰ
পাত (ঘোঁৰা নিম হলে ভাল) আৰু কুমলীয়া ঠাৰি আদি সিঁচৰিত কৰি দিব লাগে। ৬-৭ দিনৰ বাবে
পাতবোৰ গেলিবলৈ দিব লাগে। যেতিয়া সম্পূৰ্ণৰূপে পাতবোৰ গেলি-পচি যাব তেতিয়া পুনৰ ৪ চাহমান
হাল মাৰি তলীডৰা মৈয়াই সমান কৰি লব লাগে। যদি নিমপাত পোৱা নেযায়, তেতিয়া ১০-১৫ কিলোগ্ৰাম
কেঁচুসাৰ মাটিখিনিত মিহলাই লব লাগে।
কিমান পৰিমাণৰ বীজ সিচিব
সাধাৰণতে আমাৰ কৃষকসকলে খুউব ঘনকৈ কঠীয়া সিঁচে। একঠা
মাটিত প্ৰায় ২৫-৩০ কিলোগ্ৰাম কঠীয়া সিঁচে। এনে কৰিলে কঠীয়াবোৰ খিচখিচিয়া হয় আৰু শিপা
কম হয়। এনে কঠীয়াৰ পৰা ভাল উৎপাদন আশা কৰিব নোৱাৰি। ভালকৈ পতান আঁতৰাই লোৱা কঠীয়া একঠা
মাটিত ৮-১০ কিলোগ্ৰাম সিঁচিলেই হল। পাতলকৈ সিঁচিলে কঠীয়াত পোখা মেলে, শিপাবোৰ সবল হয়
আৰু এনে গোছাত কঠীয়াৰ ১-২ ডাল ৰুলেই যথেষ্ট হয়। কঠীয়াতলীত বন-বাত নগজিবৰ বাবে মাটিডৰা
ভালদৰে চহাব লাগে আৰু কঠীয়া গজাৰ পিছতেই তলীডৰাত কমেও ২-৩ আঙুলিমান পানী থাকিব লাগে।
কঠীয়াতলীৰ যতন:
- কঠীয়া লহপহকৈ বাঢ়ি অহাৰ লগে লগে কীট-পতঙ্গ আৰু ৰোগ-ব্যাধিয়েও আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। সেয়ে কৃষকসকলে কঠীয়াতলীতে সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা লব লাগিব।
- কঠীয়াতলীত বিভিন্ন অনিষ্টকাৰী কীট যেনে, পাত ওকনী, সেউজীয়া শোহনী পোক, মজাখোৱা পোক আৰু ৰোগ যেনে, পাতত মুগা দাগ পৰা, পাত জ্বলা ৰোগ আদিয়ে আক্ৰমণ কৰি কঠীয়াখিনি নিশকতীয়া কৰি তুলিব পাৰে।
- পাত ওকনীয়ে আক্ৰমণ কৰিলে পাতবোৰ মেৰ খাই যায় আৰু পিছলৈ গোটেই কঠীয়াতলীডৰাই ৰঙচুৱা হৈ পৰে। পাত ওকনীৰ আক্ৰমণ নিশ্চিত কৰিবলৈ হলে হাতৰ তলুৱাখন পানীত তিঁয়াই লৈ কঠীয়াখিনৰ ওপৰে ওপৰে চলাই দিলে তলুৱাত ক’লা ক’লা পাত ওকনীবোৰ লাগি আহে।
- মজাখোৱা পোকৰ আক্ৰমণ কঠীয়াতলীৰ পৰাই আৰম্ভ হয়। বগা নাইবা ঈষৎ হালধীয়া ৰঙৰ চগা পখিলা কঠীয়াতলীত দেখিলেই গম পোৱা যাব যে মজাখোৱাৰ চগাই কঠীয়াত কণী পাৰিব। পাতৰ তলপিঠিত মজাখোৱাই কণী পাৰে। কণীবোৰ থুপ খাই থাকে আৰু ৰ’দৰ পোহৰত জিলিকি থাকে। হাতেৰে মোহাৰি এনবোৰ কণীৰ থুপ নষ্ট কৰিব লাগে।
- গৰুৰ মূত সংগ্ৰহ কৰি এটা মাটিৰ কলহত ভৰাই মুখখন কপাহী কাপোৰেৰে বান্ধি ৪ দিনৰ বাবে ৰাখি থব লাগে। পিছত তাৰপৰা ১ লিটাৰ গৰুৰ মূত লৈ তাৰ লগত ১০ লিটাৰ পানী মিহলাই ৭ দিনৰ মূৰে মূৰে কঠীয়াতলীডৰাত স্প্ৰে কৰিব লাগে।
নিম
গুটিৰ আৰকৰ স্প্ৰেঃ ৫০ গ্ৰাম গুটিৰ বাকলি
গুচাই এনেদৰে খুন্দিব লাগে যাতে তাৰ পৰা
তেল ওলাই নাহে। খুন্দা
গুটিখিনি পাতল কাপোৰত বান্ধি এ ৰাতি তিয়াই ৰাখিব লাগে। পিছদিনা
টোপোলাটো চেপি আৰকখিনি চেকি লোৱা হয়। চেকি লোৱা আৰকখিনিত পানী
মিহলাই ১০ লি: কৰি ল’ব লাগে। আৰু
খাদী চাবোনৰ পানী ১০ মি:লি: মিহলাই কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি।
ভোট-এৰাৰ আৰকঃ প্ৰতি বিঘা শস্যৰ বাবে ১-১.৫ কিলোগ্ৰাম
ভোট-এৰাৰ পাতৰ প্ৰয়োজন হয়। উক্ত পাতখিনি থেতালি লৈ এটা মাটিৰ পাত্ৰত ভৰাব
লাগে। তাৰ লগত ১.৫
লিটাৰ পানী মিহলাব লাগে।
পাত্ৰটোৰ মুখখন বান্ধি ৩-৭ দিনৰ বাবে ৰাখি থব লাগে। পিছত মিশ্ৰণখিনি চেকিব লাগে আৰু উক্ত মিশ্ৰণৰ
০.৫ লিটাৰ ৯.৫ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি।
ঘৃতকুমাৰী
আৰু পচতীয়া পাতঃ
৫০
মি:লি: ঘৃতকুমাৰি পাতৰ ৰসৰ পৰা ২ লি: আৰক প্ৰস্তুত কৰিব লাগে। ৫ কি:গ্ৰা: পচতীয়া পাত পানীত ডুব যোৱাকৈ তিয়াই উতলাই ল’ব লাগে আৰু পিছত চেকি ল’ব লাগে। দুয়োখিনি আৰক মিহলাই
তাৰ লগত ৫০ লি:
পানী মিহলাই ল’ব লাগে আৰু কীট নিয়ন্ত্রণৰ বাবে
স্প্ৰে কৰিব পাৰি।
কৰচ পাতৰ
আৰকঃ ১
কি:গ্ৰা: কৰচ পাত ১ লি: পানীত এ ৰাতিৰ
বাবে তিয়াই থব লাগে। পিছদিনা
পাতবোৰ পিচি আৰক প্ৰস্তুত কৰা হয় আৰু সেইখিনি চেকি লোৱা হয়।
চেকি
লোৱা আৰকখিনিত ৪ লি:
মান মিহলাই ৫ লি: কৰি লব লাগে আৰু খাদী চাবোনৰ
পানী ৫ মি:লি: কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে
কৰিব পাৰি।
গোৱৰৰ মিশ্ৰণঃ
১
কি:গ্ৰা: গোৱৰ ১০ লি: পানীত ভালদৰে
মিহলাব লাগে। এখন কাপোৰেৰেচেকি
মিশ্ৰণখিনি পুণৰ ৫ লি:
পানীত মিহলাব লাগে। পুনৰ একেখন কাপোৰেৰে চেকিব লাগে।
উক্ত
মিশ্ৰণখিনি শস্যত স্প্ৰে কৰিব লাগে।
জীৱাণুসাৰেৰে কঠীয়া শোধনঃ
একঠা মাটিৰ কঠীয়াতলীৰ বাবে প্ৰায় ৩০০ গ্ৰাম এয’স্পিৰিলাম
৩ কিলোগ্ৰাম শুকান গোৱৰৰ লগত মিহলাই কঠীয়া তোলাৰ আধা ঘন্টা সময়ৰ আগতে কঠীয়াতলীডৰাত
ছটিয়াই দিব লাগে যাতে মিশ্ৰণটোৱে কঠীয়াৰ শিপা স্পৰ্শ কৰেগৈ। তদুপৰি তোলাৰ পিছত কঠীয়াৰ
মুঠাবোৰ তলিডৰাতে পুনৰ আধাঘন্টা সময় ৰাখিহে মুল পথাৰত ৰুব লাগে। অৱশ্যে ৫০০ গ্ৰাম এয’স্পিৰিলাম
৫০ লিটাৰ পানীত মিহলাই লৈ ৰোৱাৰ আগতে কঠীয়াৰ শিপাবোৰ ১০ মিনিট সময়ৰ বাবে ডুবাই লৈ মূল
পথাৰত ৰুব পাৰি।
মূল পথাৰৰ প্ৰস্তুতিঃ
শালিধানৰ উৎপাদন মাটি প্ৰস্তুতিৰ ওপৰত বহুখিনি নিৰ্ভৰ
কৰে। বিশেষকৈ মাটিখিনি ভালদৰে চহাব লাগে। অন্ততঃ ৪-৫ চাহ হাল মাৰিব লাগে। প্ৰথম চাহ
হাল মাৰি ৰ’দৰ তাপত শুকাবলৈ দিলে বহুতো অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগৰ বীজাণু ধ্বংস
হয়। শালিধানৰ পথাৰডৰাত বহাগ-জেঠ মাহতেই সেউজসাৰৰ (ধইনচা) বীজ সিঁচি ৪৫-৬০ দিনত হাল
বাই দিলে মাটিত জৈৱিক সাৰৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে ইয়াৰ গঠনো ভাল হয়। “মাটি মৰিলেহে
বোকা দিবৰ সময় হয়”- অৰ্থাৎ মাটিখিনি কেইবাচাহো মাৰি ইয়াৰ বন-বাতবোৰ পচি গলেহে কঠীয়া
ৰোপনৰ সময় হয়।
মাটিত জৈবিক সাৰ প্ৰয়োগঃ
নিম্নলিখিত যিকোনো এবিধ জৈৱিক সাৰ শেষৰ চাহ হাল বোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে-
পাম সাৰ: গোহালিৰ গোৱৰ-জাৱৰ পচাই তৈয়াৰ কৰা সাৰ-
বিঘাই প্ৰতি ১৫-২০ কুইন্টল
কে্ঁচুসাৰ: বিঘাই প্ৰতি ২-৩ কুইন্টল
মাটিত জীৱাণুসাৰ প্ৰয়োগঃ
৭০০ গ্ৰাম
এয’স্পিৰিলাম আৰু ৭০০ গ্ৰাম ফচফ’বেক্টেৰীয়া পৃথককৈ ২৫ কিলোগ্ৰাম পচনসাৰ নাইবা বালিৰ
লগত মিহলাই মাটি বোকা কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।
কঠীয়াৰ বয়স আৰু ৰোপন দূৰত্বঃ
কঠীয়াৰ বয়স আৰু ৰোপন দূৰত্বই শালিধানৰ উৎপাদনৰ ওপৰত
যথেষ্ট প্ৰভাবৱ পেলায়। বুঢ়া কঠীয়া ৰুলে পোখা কমকৈ মেলে আৰু ধানৰ ঠোক ছুটি হয়। অন্যহাতে
ৰোপন দূৰত্ব বঢ়া-টুটা হলে ভালেখিনি গোচা কমি যায়।
জাত
|
বয়স (দিন)
|
ৰোপন দূৰত্ব
(শাৰী X পুলিৰ ইঞ্চি)
|
অতি কমদিনীয়া (১০০ দিন পৰ্যন্ত)
|
২১-২৫
|
৬ X ৪ X ৪
|
কমদিনীয়া (১২০ দিন পৰ্যন্ত)
|
২৫-২৮
|
৬ X ৪ X ৪
|
মধ্যমীয়া (১২০-১৩০ দিন পৰ্যন্ত)
|
২৫-৩০
|
৬ X ৪ X ৪
|
দীৰ্ঘদিনীয়া (১৩০ দিনৰ অধিক)
|
৩০-৩৫
|
৬ X ৪ X ৪
|
মনোহৰ শালি আৰু অন্যান্য ওখ জাত
|
৩০-৫৫
|
৬ X ৪ X ৪
|
গোচে প্ৰতি কঠীয়াৰ সংখ্যাঃ
জুলাই মাহত ৰোৱা খেতিত- ২ ডাল
শেহতীয়াকৈ ৰোৱা অতি কমদিনীয়া জাতৰ ক্ষেত্ৰত- ২-৩
ডাল
শেহতীয়াকৈ ৰোৱা দীৰ্ঘদিনীয়া জাতৰ ক্ষেত্ৰত- ৬-৭
ডাল
কঠীয়া ৰোৱাৰ গভীৰতাঃ
যিকোনো জাতৰ বাবে যিকোনো সময়তে কঠীয়া ১-২ ইঞ্চি
দ’ত ৰুব লাগে। কঠীয়া বেছি দকৈ ৰুলে শিপা আৰু ধানগছ বাঢ়োতে পলম হয়।
(শালিধানৰ খেতিত কীট আৰু ৰোগ আদি নিয়ন্ত্ৰণৰ বাবে
সেউজ চিন্তাত ইতিপূৰ্বে প্ৰকাশিত জৈৱিক কৃষি পদ্ধতিসমূহ অৱলম্বন কৰিব পাৰে। তদুপৰি
কীট আৰু ৰোগ চিনাক্তকৰণৰ বাবে গুগল প্লেষ্টৰৰ পৰা সেউজ সাৰথি (Seujxarothi) এপটো ডাউনলোদ কৰি লব পাৰে)