ক্ষুদ্ৰ পৰ্যায়ত শাক-পাচলিৰ সংৰক্ষন আৰু সংসাধন
★ সতেজ পাচলিয়ে বজাৰত উপযুক্ত দাম পাবলৈ সক্ষম হয় যদিও এইবোৰক সোনকালে বিক্ৰি কৰিব লগীয়া হয়। সেয়ে, দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ বাবে শাক-পাচলি চপোৱাৰ পিছত সেইবোৰক বিভিন্ন পদ্ধতিৰে শোধন আৰু সংসাধন কৰিবলগীয়া হয়। ★ শাক-পাচলি সংৰক্ষনৰ সকলো প্ৰযুক্তি-কৌশলৰ উদেশ্যে হ’ল- শাক-পাচলিৰ জীৰ্ণ হোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰা বা ইয়াক দীঘলীয়া কৰা। অন্য কথাত, শাক-পাচলিৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া হ্ৰাস কৰা। ★ অৱশ্যে,চপোৱাৰ সময়ত শাক-পাচলিৰ পূৰঠ অৱস্থা আৰু ভৌতিক কাৰকসমূহৰ বিষয়ে গুৰুত্ব দিব লাগিব ★ তদুপৰি, শাক-পাচলি চপোৱা আৰু ইয়াৰ পৰা প্ৰস্তুত দ্ৰব্য মাজৰ সময়খিনি যিমান পাৰি সিমান কম হব লাগে। ★ অনুজীৱৰ সংক্ৰমণৰ দ্বাৰা যাতে পাচলি পচি যাব নোৱাৰে তাৰবাবে কিছুমান ব্যৱস্থা লোৱাতো দৰকাৰ। শাক-পাচলি চিঙোতে যাতে আঘাটপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে। কিয়নো এই আঘাটবোৰেদি অনুজীৱৰ সংক্ৰমণ হয় আৰু শাক-পাচলি সোনকালেই পচিবলৈ ধৰে। ★ প্ৰাথমিক সংসাধন পৰ্যায়ত শাক-পাচলি বাচনি কৰা, চাফা কৰা ইত্যাদি কাৰ্যসমূহ কৰা হয়। ★ দ্বিতীয় পৰ্যায়ত পৰিষ্কাৰ কৰা শাক-পাচলিবোৰ ব্যৱহাৰ কৰা হয়। এই প...