অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

নয়ন কুমাৰ বৰা অমিতাৰ বৈজ্ঞানিক নামঃ Carica papaya L অমিতাৰ উপাদানসমূহঃ বীজ- ৮.৫%, বাকলি- ১২.০ %, ফলৰ শাহ অংশ- ৭৯.৫% আৰু বীজ- ৮.৫% অমিতা বহুলিঙ্গী উদ্ভিদ- ১। পুংলিঙ্গী, ২। উভয়লিঙ্গী আৰু ৩। স্ত্ৰী-লিঙ্গী অমিতাৰ স্ত্ৰী-লিঙ্গী পুষ্প অমিতাৰ উভয়লিঙ্গী পুষ্প জলবায়ু কাৰক যেনে, খৰাং আৰু উঞ্চতাৰ ওপৰত নিৰ্ভৰ কৰি অমিতা গছৰ লিঙ্গ প্ৰস্ফুটিত হব পাৰে। উঞ্চ জলবায়ুত পুংপুষ্প সংখ্যা বৃদ্ধি হয়। কেৱল পুংপুষ্প থকা অমিতা গছক মতা অমিতা গছ বুলি কোৱা হয়। এনে মতা গছৰ পৰা ফল পোৱা নেযায়। উভয়লিঙ্গী ফুল থকা গছত অমিতা ফল লাগে যদিও এনে ফলৰ পৰা সংগ্ৰহ কৰা অমিতাৰ বীজৰ পৰা ফল ধৰা অমিতা গছ পোৱা নেযাবও পাৰে। সেয়ে কোনটো ফলৰ পৰা বীজ সংগ্ৰহ কৰিলে ফল লগা গছ পোৱা যাব সেইটো চিনাক্তকৰণ কৰাতো দৰকাৰ। অমিতা গছত কৃত্ৰিমভাবে হাতেৰে পৰাগ সংযোগ কৰি ঈপ্সিত অমিতাৰ ফল উৎপাদন কৰিব পাৰি। ইয়াৰবাবে মেল নোখোৱা ফুলবোৰ (উভয়লিঙ্গী বা স্ত্ৰী-লিঙ্গী দুয়োবিধ) কাগজৰ ঠোঙাত ভৰাই বন্ধ কৰি থব লাগে। যেতিয়া ফুলপাহৰ পাহি মেল খাবলৈ ধৰে তেতিয়াই বিচৰা পৰাগৰেণু আনি সংস্থাপন কৰিব লাগে। এনে পদ্ধতিৰ অধ্যয়নৰ পৰা নিম্নোক্ত তথ্যসমূহ পোৱা গৈছে-...