Posts

Showing posts from September, 2020

শস্যৰ অনিষ্টকাৰী কীট নিয়ন্ত্ৰণত সহজে তৈয়াৰ কৰি লব পৰা সঁজুলি

Image
  কৃষি কাৰ্যত অনিষ্টকাৰী কীট আৰু ৰোগ নিয়ন্ত্ৰণ নাইবা প্ৰতিৰোধৰ বাবে জৈৱিক কৃষি পদ্ধতিত কিছুমান দ্ৰব্য নাইবা সঁজুলি ঘৰতে তৈয়াৰ কৰি ল’ব পাৰি। তেনে কিছুমান দ্ৰব্য আৰু সঁজুলিৰ বিষয়ে ‘সেউজ চিন্তা’ৰ পাঠকৰ বাবে এলানি শিক্ষণমূলক লিখনি প্ৰস্তুত কৰা হৈছে। কৃত্ৰিম গাঁতৰ ফান্দ দৰকাৰী সামগ্ৰী:   ৫০০ মিলিলিটাৰ জোখৰ প্লাষ্টিকৰ পাত্ৰ বা ফুলত পানী দিয়া পাত্ৰ ৬ ইঞ্চি জোখৰ চিপৰাং   চাবোন বা চাৰ্ফ পানী পদ্ধতিঃ পাত্ৰটোৰ জোখত মাটিত এটা গাঁত খান্দিব লাগে পাত্ৰটো গাঁতটোত এনদৰে পুতি ৰাখিব লাগে যাতে পাত্ৰটোৰ মুখখন মাটিৰ সমানকৈ থাকে পাত্ৰটোৰ ২ ভাগৰ ৩ অংশ পানীৰে পূৰ্ণ কৰিব লাগে পানীখিনিত অলপমান চাৰ্ফ মিহলাব লাগে মাজে-সময়ে পাত্ৰটো উঠাই আনি চাফা কৰি পুনৰ পানী ভৰাব লাগে কি কি পোক নিবাৰণ হয়ঃ শুৰ পোক ( Army worm) , শস্যৰ গুৰি কটা পোক ( Cut worm) আৰু বগা গুৱৰুৱা ( White grub) আৰু   অমেৰুদণ্ডী পোক ( Invertebrates) কি কি শস্যত ব্যৱহাৰ কৰিব পাৰিঃ বাদাম, কুঁহিয়াৰ, ফলমূল যেনে, কল, অমিতা আৰু কফি আদি পৰুৱা ধৰা ফান্দ দৰকাৰী সামগ্ৰী:    ১ বৰ্গফুট

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান