Posts

Showing posts from February, 2020

বৰোধানৰ খেতি

Image
  জাত নিৰ্বাচন কেনেকৈ কৰিব? -       কৃষক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা জাতটোৱেই হল উপযোগী জাত। নিৰ্বাচিত জাতটোৱে যে অধিক উ ৎপা দন দিবই লাগিব তেনে নহয় ; পানীৰ উপলভ্যতা (বৰষুণ বা জলসিঞ্চন), মাটিৰ ধৰণ, পথাৰৰ ঢাল আদিয়েও জাত নিৰ্বাচনত প্ৰভাৱিত কৰাৰ উপৰিও ঘৰত খাবৰ কাৰণে নে বিক্ৰি কৰিব তাৰ ওপৰতো নিৰ্ভৰ কৰিব। -       অধিক উ ৎপা দন দিব পৰা, ৰোগ-ব্যাধি প্ৰতিৰোধ কৰিব পৰা, খাবলৈ ভাল, ধান বনাওতে নভগা আৰু বজাৰৰ বাবে উপযোগী জাত হব লাগে। যেতিয়া জাত এটা নিৰ্বাচন কৰা হয় নিম্নলিখিত কথাখিনি মন কৰিব লাগে- শস্য কালঃ -       দীৰ্ঘকালীন জাতবোৰ (১৬০ দিনতকৈ বেছি) জলসিঞ্চত নাইবা বানাক্ৰান্ত অঞ্চলৰ বাবে উপযুক্ত। -       মধ্যকালীন জাতবোৰ (১২০-১৪০ দিন)   জলসিঞ্চত নাইবা বৰষুণ নিৰ্ভৰশীল দুয়োটা অঞ্চলৰ বাবে উপযুক্ত। -       হ্ৰস্বকালীন (১২০ দিনতকৈ কম) জাতবোৰ খৰাং অঞ্চল নাইবা দুতৰপীয়া কৃষিৰ বাবে উপযুক্ত। শস্যৰ উচ্চতাঃ -       ওখ জাতবোৰ (১.৪ মিটাৰ বা ততোধিক) বানাক্ৰান্ত অঞ্চলৰ বাবে আৰু অসমান পথাৰৰ উপযুক্ত। ধান গছবোৰ হাউলি পৰি যায়। -       মধ্যমীয়া জাতবোৰ ( ১- ১.২ মিটাৰ) প্ৰায়বোৰ অঞ্চ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান