Posts

Showing posts from November, 2020

অৰ্কিডৰ বাগিচা

Image
  নৱ কুমাৰ বৰা কপৌফুল - প্ৰতিজন অসমীয়াৰে মন পুলকিত কৰিব পৰা এটি নাম , এটি অনুভব । যৌৱনৰ ঋতু বহাগত মনৰ মানুহজনে যাঁচি কপৌফুল এথুপিৰ মূল্য কিমান সেয়া যাঁচোতা আৰু লওতাজনেহে অনুভব কৰিব পাৰে । আঁহতৰ ডাল বগাই কপৌফুল আনি নাচনিৰ খোপাত পিন্ধাই দিয়াটো হ ’ ল প্ৰেমিক ডেকাৰ গৰ্ব , সাহস আৰু আত্ম - সন্মানবোধৰ পৰিচয় । সেইবাবে ইয়াক আমি যৌৱনৰ প্ৰতীক বুলিও কব পাৰো । ৰূপ , ৰং আৰু গন্ধৰে আমোলমোলাই থকা কপৌফুলৰ এই বংশটোৱেই হল ‘ অৰ্কিড ’ । পৃথিৱীত এই ফুলৰ নিচিনাকৈ অন্য কোনো ফুলেই প্ৰকৃতিপ্ৰেমীসকলক ইমান আকৃষ্ট কৰিব পৰা নাই ।   অৰ্কিড কি ?          আমি সচৰাচৰ য ’ তে - ত ’ তে দেখা অৰ্কিড তিনিবিধ - কপৌ ( Rynchostylis) , মতা কপৌ ( Cymbidium) আৰু ভাটৌফুল ( Vanda) ।   গছ - গছনিত আশ্ৰয় লৈ থাকিলেও ইহঁত পৰজীৱি নহয় , পৰাশ্ৰয়ী বা বায়বীয়হে ( Epiphytic) । ৰ ’ দ , বৰষুণ , পচা পাত , নিয়ৰ কণা আদিৰ পৰা শিপা আৰু পাতৰ জৰিয়তে আহাৰ সংগ্ৰহ কৰি জীয়াই থাকে । অন্যহাতে অধিক পাতসাৰযুক্ত , ছাঁ বা আংশিক ছাঁ -

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান