Posts

Showing posts from September, 2019
Image
এই মাহৰ কৃষি : শীতকালীন শাক - পাচলিৰ পৰিচৰ্যা আৰু শস্য ৰক্ষা : ফুলকবি , বন্ধাকবি , ব্ৰকলি , ওলকবি , মূলা : ১ । ভালকৈ পচা গোৱৰ ( বিঘাই প্ৰতি ২ . ৫ - ৩ . ০ কুইন্টল )   বা কেঁচুসাৰ ( বিঘাই প্ৰতি ১ . ৫ কুইন্টল ) ৰ লগত জৈৱিক ভেঁকুৰনাশক ট্ৰাইক ’ ডাৰমা ভিৰিডি বা চিউড ’ ম ’ নাচ ফ্লুৰ ’ ন্স ( বিঘাই প্ৰতি ৬৭০ গ্ৰাম ) মিহলাব লাগে । উক্ত মিশ্ৰিত দ্ৰব্যখিনি পথাৰ প্ৰস্তুতিৰ সময়ত ( কেঁচুসাৰ - ১ সপ্তাহৰ আৰু গোৱৰ - ২ / ৩ সপ্তাহৰ আগেয়ে ) মাটিত প্ৰয়োগ কৰিব লাগে । ২ । মাটিডৰা অপতৃণৰ পৰা মুক্ত হব লাগে । সেয়ে পুলি ৰোপনৰ আগে আগে পথাৰডৰাত গজি উঠা বন - বাতবোৰ হাতেৰে উভালি দিব লাগে । ক ’ লা পলিথিন ব্যৱহাৰ কৰিও বন - বাত নিয়ন্ত্ৰণ কৰিব পাৰি ।

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান